--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এল নিলামত কলকাতা নাইট ৰাইডাৰ্ছে মিচেল ষ্টাৰকক ২৪ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিছিল। অষ্ট্ৰেলিয়ান পেচাৰগৰাকীক কেন্দ্ৰ কৰি আই পি এল জয় কৰাৰ সপোন দেখিছে নাইটছে। নাইটছত যোগদান কৰাৰ পূৰ্বে ষ্টাৰকে আই পি এলক ‘চাৰ্কাছ’ বুলি অভিহিত কৰিছে। ২০১৫ চনৰ পিছত পুনৰ আই পি এলত খেলা দেখা যাব ষ্টাৰক।

ভাৰতলৈ অহাৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ আগত কয়, ‘মই এনে কিছুমান ক্ৰিকেটাৰৰ সৈতে খেলিম, যাৰ বিৰুদ্ধে মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছো। মই বৰ উত্তেজিত হৈ পৰিছো। মোৰ বাবে যেন এক নতুন প্ৰত্যাহ্বান। বৰ মজা হব। দেশৰ শ্ৰেষ্ঠ টি-২০ লীগখন অলপ চাৰ্কাছৰ দৰেই। তাত খেলিবলৈ মই আগ্ৰহী।"

ষ্টাৰকে কয়, ‘মই আঠ বছৰ আগতে খেলিছিলো। ২০১৮ চনত কেকেআৰৰ হৈ খেলাৰ কথা আছিল। কিন্তু সেয়া নহ’ল। আকৌ তালৈ উভতি আহিলোঁ৷ দললৈ সফলতা আনিবলৈ চেষ্টা কৰিম। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ খেলাৰ স্মৃতিয়ে ধূলি গোটাইছে। বহুদিন হ'ল। দলত বহু নতুন খেলুৱৈ। বহুতে কথা নাপাতে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ