--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে দেখা গ’ল আন এখন অনন্য আই পি এল মেচ। হায়দৰাবাদ বনাম মুম্বাই মেচখনত বানপানীৰ দৰেই কেইবাটাও অভিলেখ গঢ়ি উঠিছিল। গোটেই মেচখনত অসংখ্য নজিৰৰ সৃষ্টি হৈছে। হায়দৰাবাদে ৩১ ৰানত জয়লাভ কৰে। মুম্বাই হাৰিলেও তেওঁলোকৰ নজিৰৰ সংখ্যাও কম নহয়।

হায়দৰাবাদৰ ২৭৭ ৰানৰ উত্তৰত মুম্বাইয়ে ২৪৬ ৰান সংগ্ৰহ কৰে। মুঠতে ৫২৩ ৰান। টি-২০ ক্ৰিকেটত দুটা ইনিংছত এইটোৱেই সৰ্বাধিক ৰান। আই পি এলতো একেই।

হায়দৰাবাদে নিজৰ ইনিংছত ১৮টা ছয় কৰে। ৰান খেদিব নোৱাৰিলেও মুম্বাইয়ে অনেক ছয় মাৰিলে। ২০টা ছয় মাৰিলে। টি-২০ ক্ৰিকেট আৰু আই পি এলৰ ইতিহাসত সৰ্বাধিক ছয়ৰ ৰেৰ্কড হয়। এখন খেলত ৩৮টা ছয়।

হায়দৰাবাদে ২০ অভাৰত ২৭৭ ৰান সংগ্ৰহ কৰি আই পি এলত সৰ্বাধিক ৰান। ইয়াৰ পূৰ্বৰ অভিলেখ বাংগালুৰুৰ হাতত আছিল। ২০১৩ চনত এতিয়া বন্ধ হৈ যোৱা পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ২৬৩ ৰান সংগ্ৰহ কৰিছিল। টি-২০ ক্ৰিকেটৰ ইতিহাসত এয়া চতুৰ্থ সৰ্বাধিক ৰান।

হায়দৰাবাদে প্ৰথম ছয় অভাৰত ৮১ ৰান সংগ্ৰহ কৰে। পাৱাৰ প্লে’ত এইটোৱেই তেওঁলোকৰ সৰ্বোচ্চ ৰান। ইয়াৰ পূৰ্বে কলকাতাৰ বিৰুদ্ধে ৭৯ ৰান সংগ্ৰহ কৰিছিল।

১৬ বলত পঞ্চাশ বলত চকু কপালত তুলিলে যুৱক অভিষেক শৰ্মাই। আই পি এলৰ ইতিহাসত হায়দৰাবাদৰ যিকোনো বেটছমেনৰ এই শতক। মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে ট্ৰেভিছ হেডে ১৮ বলত শতক অৰ্জন কৰি এক নজিৰ গঢ়ি তুলিছিল। মাত্ৰ কেইমিনিটমানহে অভিলেখটো বৰ্তি থাকে।

হায়দৰাবাদে প্ৰথম ১০ অভাৰত ১৪৮ ৰান সংগ্ৰহ কৰে। আই পি এলৰ প্ৰথম ১০ অভাৰত এইটোৱেই সৰ্বাধিক ৰান। ইয়াৰ পূৰ্বে মুম্বাইয়ে ১০ অভাৰত ১৩১ ৰান কৰিছিল। হায়দৰাবাদৰ বিৰুদ্ধেই।

মঙলবাৰে প্ৰথমবাৰৰ বাবে মুম্বাইৰ হৈ খেলিছিল কোয়েনা মাফাকাই। চাৰি অভাৰত ৬৬ ৰান দিয়ে। আই পি এলৰ ইতিহাসত অভিষেকৰ সময়ত ইমান ৰান সংগ্ৰহ কৰা নাই আন কোনো বলাৰ। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল পঞ্জাৱৰ মাইকেল নাছেৰ (৬২)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement