--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলত ১০টা দলৰ ভিতৰত ৮টা দলত ভাৰতীয় অধিনায়ক। ইয়াৰ ভিতৰত শিখৰ ধাৱনৰ বাহিৰে বাকী সাতজন ২৪ৰ পৰা ৩১ বছৰৰ ভিতৰৰ। ফলত ৰোহিত শৰ্মাৰ পিছত যদি তেওঁলোকৰ এজনক ভাৰতৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় তেন্তে তেওঁ ভাৰতীয় দলটোক কেইবাবছৰলৈ নেতৃত্ব দিব পাৰে। কিন্তু আই পি এললৈ চাই ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়ক বাছনি কৰিব পৰা যাবনে?

দক্ষিণ আফ্ৰিকাৰ ফাফ ডু প্লেছিছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক। এসময়ত তেওঁ দেশৰ নেতৃত্ব দিছিল। এতিয়া বাংগালুৰুৰ দায়িত্ব চম্ভালি। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্স। শেহতীয়াকৈ তেওঁ এদিনীয়া ক্ৰিকেটত বিশ্বকাপ জয় কৰিছিল। বাকী আঠটা দলৰ অধিনায়ক ভাৰতীয়। তাৰ ভিতৰত শুবমান গিল আটাইতকৈ সৰু। তেওঁৰ বয়স ২৪ বছৰ। তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক।

ইয়াৰ উপৰিও আই পি এলত নেতৃত্ব দি আছে হাৰ্দিক পাণ্ডিয়া (৩০ বছৰ), সঞ্জু চেমচন (২৯ বছৰ), ঋষভ পন্ত (২৬ বছৰ), শ্ৰেয়াছ আয়াৰ (২৯ বছৰ), ৰুতুৰাজ গাইকৱাদ (২৭ বছৰ) আৰু লোকেশ ৰাহুলে (৩১ বছৰ)।

এই অধিনায়কসকলৰ বহুতেই ভাৰতীয় দলত নিয়মীয়াকৈ খেলে। বহুতে মাজে মাজে সুযোগ পায়। শুবমান, শ্ৰেয়াছ, ৰাহুলে ভাৰতৰ হৈ সকলো ধৰণৰ ক্ৰিকেটত নিয়মীয়াকৈ সুযোগ পায়। শেহতীয়াকৈ শ্ৰেয়াছক ৰান নোপোৱাৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল। ১৫ মাহৰ পিছত পণ্টে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। গাড়ী দুৰ্ঘটনা নোহোৱালৈকে পণ্টে ভাৰতীয় সকলো দলতে নিয়মীয়াকৈ খেলিছিল। হাৰ্দিকে ৰেডবল ক্ৰিকেট খেলা নাই। তেওঁ দেশৰ হৈ বগা বল ক্ৰিকেটত নিয়মীয়া খেলুৱৈ। টি-২০ দলকো নেতৃত্ব দিছিল। ভাৰতীয় দলত সঞ্জুৱে মাজে মাজে সুযোগ পায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো অনিয়মিত ৰুতুৰাজ গাইকৱাদ। 

এনে পৰিস্থিতিত তেওঁলোকৰ মাজৰ পৰা ৰোহিতৰ উত্তৰাধিকাৰী বিচাৰি পোৱা যাবনে? বহুতে চিন্তা -চৰ্চা কৰিছে এইদৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ