--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলত ১০টা দলৰ ভিতৰত ৮টা দলত ভাৰতীয় অধিনায়ক। ইয়াৰ ভিতৰত শিখৰ ধাৱনৰ বাহিৰে বাকী সাতজন ২৪ৰ পৰা ৩১ বছৰৰ ভিতৰৰ। ফলত ৰোহিত শৰ্মাৰ পিছত যদি তেওঁলোকৰ এজনক ভাৰতৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় তেন্তে তেওঁ ভাৰতীয় দলটোক কেইবাবছৰলৈ নেতৃত্ব দিব পাৰে। কিন্তু আই পি এললৈ চাই ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়ক বাছনি কৰিব পৰা যাবনে?

দক্ষিণ আফ্ৰিকাৰ ফাফ ডু প্লেছিছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক। এসময়ত তেওঁ দেশৰ নেতৃত্ব দিছিল। এতিয়া বাংগালুৰুৰ দায়িত্ব চম্ভালি। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্স। শেহতীয়াকৈ তেওঁ এদিনীয়া ক্ৰিকেটত বিশ্বকাপ জয় কৰিছিল। বাকী আঠটা দলৰ অধিনায়ক ভাৰতীয়। তাৰ ভিতৰত শুবমান গিল আটাইতকৈ সৰু। তেওঁৰ বয়স ২৪ বছৰ। তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক।

ইয়াৰ উপৰিও আই পি এলত নেতৃত্ব দি আছে হাৰ্দিক পাণ্ডিয়া (৩০ বছৰ), সঞ্জু চেমচন (২৯ বছৰ), ঋষভ পন্ত (২৬ বছৰ), শ্ৰেয়াছ আয়াৰ (২৯ বছৰ), ৰুতুৰাজ গাইকৱাদ (২৭ বছৰ) আৰু লোকেশ ৰাহুলে (৩১ বছৰ)।

এই অধিনায়কসকলৰ বহুতেই ভাৰতীয় দলত নিয়মীয়াকৈ খেলে। বহুতে মাজে মাজে সুযোগ পায়। শুবমান, শ্ৰেয়াছ, ৰাহুলে ভাৰতৰ হৈ সকলো ধৰণৰ ক্ৰিকেটত নিয়মীয়াকৈ সুযোগ পায়। শেহতীয়াকৈ শ্ৰেয়াছক ৰান নোপোৱাৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল। ১৫ মাহৰ পিছত পণ্টে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। গাড়ী দুৰ্ঘটনা নোহোৱালৈকে পণ্টে ভাৰতীয় সকলো দলতে নিয়মীয়াকৈ খেলিছিল। হাৰ্দিকে ৰেডবল ক্ৰিকেট খেলা নাই। তেওঁ দেশৰ হৈ বগা বল ক্ৰিকেটত নিয়মীয়া খেলুৱৈ। টি-২০ দলকো নেতৃত্ব দিছিল। ভাৰতীয় দলত সঞ্জুৱে মাজে মাজে সুযোগ পায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো অনিয়মিত ৰুতুৰাজ গাইকৱাদ। 

এনে পৰিস্থিতিত তেওঁলোকৰ মাজৰ পৰা ৰোহিতৰ উত্তৰাধিকাৰী বিচাৰি পোৱা যাবনে? বহুতে চিন্তা -চৰ্চা কৰিছে এইদৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু