--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল সুকলমে চলি আছে। ইফালে নিউজিলেণ্ডে পাকিস্তান ভ্ৰমণ কৰিবলৈ ওলাইছে। অৱশ্যে আই পি এলত খেলাৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰিব নোৱাৰিব বহু কিউই ক্ৰিকেটাৰ। ইয়াৰ ভিতৰত ৰচিন ৰবীন্দ্ৰ, কেন উইলিয়ামছনকে ধৰি ৯ জন ক্ৰিকেটাৰ আছে। ৩ এপ্ৰিলত ঘোষণা কৰা দলটোত এই ৯ গৰাকী ক্ৰিকেটাৰৰ নাম নাই।

টি-২০ বিশ্বকাপৰ প্ৰস্তুতি হিচাপে পাকিস্তানে এই ভ্ৰমণৰ আয়োজন কৰিছে। ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই ধাৰাবাহিকখন। কিন্তু নিউজিলেণ্ডৰ অধিকাংশ ক্ৰিকেটাৰে আই পি এল খেলি টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাব বিচাৰে। গতিকে তেওঁলোক পাকিস্তানলৈ যোৱা নাই।

নিউজিলেণ্ড দলৰ নেতৃত্ব দিব মাইকেল ব্ৰেচৱেলে। সেই দলটোত মাৰ্ক চেপমেন, ফিন এলেন, জিমি নিছামৰ দৰে ক্ৰিকেটাৰ আছে। বহু যুৱ ক্ৰিকেটাৰে দলত সুযোগ পাইছে। কিন্তু ৰাচিন আৰু উইলিয়ামছনৰ বাহিৰেও ট্ৰেণ্ট ব’ল্ট, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, ডেৰিল মিচেল, গ্লেন ফিলিপছ আৰু মিচেল ছাণ্টনাৰৰ নাম উল্লেখ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ