--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ বাকী আছে ৬০ দিন। প্ৰতিযোগিতাখনৰ কিছুদিনৰ ভিতৰত ভাৰত বনাম পাকিস্তানৰ খেলখন অনুষ্ঠিত হ’ব। সেই মেচখনৰ বাবে নিউয়ৰ্কৰ নাছাউ কাউন্টিত এখন সুকীয়া ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। সেই কাম কিমান দূৰ আগবাঢ়িছে? শেহতীয়াকৈ আইচিচিয়ে এই ভিডিঅ’টো মুকলি কৰি দেখুৱাইছে।

বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে টিকটৰ চাহিদা বাঢ়িছে। ইয়াৰ ভিতৰত নাছাউ কাউন্টি ষ্টেডিয়ামৰ টিকট আটাইতকৈ জনপ্ৰিয়। কাৰণ ভাৰত-পাকিস্তানৰ খেলৰ উপৰিও এই ক্ষেত্ৰত ভাৰত-আয়াৰলেণ্ড আৰু ভাৰত-আমেৰিকাৰ খেলৰ আয়োজন কৰা হ’ব। অনুমান কৰা হৈছে যে ৩৪ হাজাৰ আসন থকা ষ্টেডিয়ামত কোনো খেলতে খালী আসন নাথাকিব।

খেলপথাৰখন নিৰ্মাণৰ সন্দৰ্ভত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। ষ্টেডিয়ামখন সময়মতে সাজু হ’ব পাৰে নে নোৱাৰে তাক লৈও সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে আইচিচিয়ে প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে যে ষ্টেডিয়াম নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। আউটফিল্ড আৰু পিটচ নিৰ্মাণৰ কাম যিমানেই আগবাঢ়িছে সিমানেই গেলেৰীকে ধৰি বাকী আন্তঃগাঁথনিগত কামবোৰো আগবাঢ়িছে।

নাছাউ কাউন্টি ষ্টেডিয়ামৰ দুটা উল্লেখযোগ্য অংশ হ’ল ইষ্ট ষ্টেণ্ড আৰু ৱেষ্ট ষ্টেণ্ড। এই ষ্টেণ্ড দুটাত ২৪ হাজাৰ দৰ্শক বহিব পাৰিব। ইয়াৰ উপৰিও আতিথ্য, মিডিয়া বক্স, ভিআইপি বক্সকে ধৰি বিভিন্ন ক্ষেত্ৰ আছে। নিউয়ৰ্কত ভাৰত আৰু পাকিস্তান উভয়ৰে বৃহৎ জনসংখ্যা। তেওঁলোকৰ প্ৰতি আগ্ৰহ আছে। ইয়াৰ উপৰিও আমেৰিকাৰ আন ৰাজ্যৰ পৰাও বহু লোক আহি খেল চাবলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ