--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেৰল ডেস্কঃ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ-পাঞ্জাৱ কিংছৰ খেলখনত চৰ্চিত হয় দিল্লীৰ যুৱ বেগী বলাৰ মায়ংক যাদৱ। লক্ষ্ণৌৰ জয়ত ২১ বছৰীয়া মায়ংকে ২৭ ৰানত ৩টা উইকেটৰ অৱদান আগবঢ়ায়। অৱশ্যে তেওঁৰ এটা বলৰ গতিৰ বাবেই চাঞ্চল্যৰ কেন্দ্ৰবিন্দু হৈছে।

এতিয়া এইবাৰ আই পি এলত সৰ্বাধিক বেগী বল বলিং কৰাৰ অভিলেখ অৰ্জন কৰিছে মায়ংকে। শনিবাৰৰ খেলখনত তেওঁ পঞ্জাৱৰ বেটছমেনক তেওঁলোকৰ গতিৰে লজ্জিত কৰিছিল। তেওঁৰ এটা বলৰ গতি ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ। যিটোৱে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছে। পাঞ্জাৱৰ ইনিংছৰ দ্বাদশ অভাৰৰ প্ৰথমটো বল খেলিবলৈ বেট তুলিবলৈও সময় নাপালে শিখৰ ধাৱনে। মায়ংকৰ আটাইতকৈ লেহেমীয়া বল আছিল ১৩৯ কিলোমিটাৰ প্ৰতি ঘণ্টাত।

কোন এই মায়াংক? ২০২২ চনৰ নিলামত লক্ষ্ণৌৱে ২০ লাখ টকাত ক্ৰয় কৰিছিল মায়ংকক। সেইবাৰ তেওঁ মেচ খেলাৰ সুযোগ নাপালে। ২০২৩ চনত হামষ্ট্ৰিঙৰ আঘাতৰ বাবে খেলিব পৰা নাছিল। শনিবাৰে তেওঁ ক্ৰিকেট কেৰিয়াৰৰ প্ৰথমখন আই পি এল মেচ খেলিছিল। অর্থাৎ অভিষেক মেচত প্রদর্শন দেখুৱাই আলোচনাৰ মাজলৈ আহিছে দিল্লীৰ এই যুৱকজনে৷ 

মায়ংকে এতিয়ালৈকে এখন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। দিল্লীৰ হৈ ঘৰুৱা ক্ৰিকেটত তেওঁৰ মুঠ উইকেটৰ সংখ্যা ৫১টা। যিটো যথেষ্ট সাধাৰণ কথা। গতিকে শনিবাৰে পঞ্জাৱৰ বিৰুদ্ধে এনে প্ৰদৰ্শনৰ ৰহস্য কি? 

মায়ংকে কয়- ''আই পি এলৰ ডেবিউ মেচ হ’লেও মই কোনো ধৰণৰ চাপ ল’ব বিচৰা নাছিলো। বলটো উইকেটত ৰাখিবলৈ চেষ্টা কৰিলোঁ। যিমান পাৰি খৰকৈ বলিং কৰিবলৈ চেষ্টা কৰিলোঁ। প্ৰথমতে মই ভাবিছিলো, গতি বৃদ্ধি আৰু হ্ৰাস কৰি বেটছমেনক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিম। খেলপথাৰখন শক্তিশালী বলিঙৰ বাবে অনুকূল আছিল। গতিকে অধিনায়ক নিকোলাছ পুৰানে কয়, বলৰ গতি লেহেমীয়া কৰাৰ প্ৰয়োজন নাই। তেনেকৈয়ে ক’বলৈ চেষ্টা কৰিলোঁ।’’

ইমান ডাঙৰ মঞ্চত প্ৰথমখন মেচ খেলিবলৈ হেঁচা নাছিল? মায়ংকে কয়, ‘প্ৰথম মেচত হেঁচা আছে বুলি বহুতৰে পৰা শুনিছো। প্ৰথম বলটো ভালকৈ যোৱাৰ পিছত মোৰ বিশেষ হেঁচা অনুভৱ হোৱা নাছিল। প্ৰথম উইকেট পোৱাৰ অনুভৱ বৰ ভাল। যোৱা বছৰৰ আঘাতে মোক অলপ পিছুৱাই দিলে। অন্যথা তেওঁ কম বয়সতে আই পি এলত অভিষেক ঘটাব পাৰিলেহেঁতেন। নিজৰ বাবে এটা লক্ষ্য ৰাখিলোঁ। সেইটোৱেই মই কৰিবলৈ চেষ্টা কৰিছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ