--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পাঞ্চাৱৰ বিৰুদ্ধে লক্ষ্ণৌৰ জয়ত ২১ বছৰীয়া মায়াংক যাদৱে ২৭ ৰানত ৩টা উইকেট দখল কৰে। ঘণ্টাত ১৫৫ কিলোমিটাৰ বলিং কৰি চমকৃত কৰে দিল্লীৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা এই বেগী গৰাকীয়ে। আপ্লুত হৈছে ক্ৰিকেট জগতৰ তাৰকাসকল।

ইংলেণ্ডৰ প্ৰাক্তন বেষ্ট বলাৰ ষ্টুয়াৰ্ট ব্ৰডো লক্ষ্ণৌৰ যুৱ বলাৰগৰাকীৰ প্ৰদৰ্শনত আপ্লুত হয়। আই পি এলৰ মন্তব্যকাৰী হিচাপে থকা ব্ৰডে কয়, ‘মায়ংকৰ গতি স্বাভাৱিক। অতিৰিক্ত একো চেষ্টা নকৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বলৰ ৰেখা আৰু দৈৰ্ঘ্য। ইমান কম বয়সত সাধাৰণতে দেখা নাযায়। নতুন বলাৰসকলে যেতিয়া  উইকেট পায় তেতিয়া তেওঁ উত্তেজিত হৈ পৰে আৰু অতিৰিক্ত কিবা এটা কৰিবলৈ চেষ্টা কৰে। 
কিন্তু সেয়া মায়ংকৰ মাজত দেখা নগ’ল। যথেষ্ট পৰিপক্ক আচৰণ কৰিছিল। তেওঁৰ বলিং বহুত উপভোগ কৰিলো।’’

শনিবাৰে ব্ৰডে সহ-মন্তব্যকাৰক ষ্টিভ স্মিথক সকীয়াই দিয়ে। তেওঁৰ মতে ভাৰতীয় দলটোৱে যদি সুযোগ পায় তেন্তে বছৰৰ শেষত ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত স্মিথৰ হৈও মায়ংকে সমস্যাৰ সৃষ্টি কৰিব। বিশেষকৈ অষ্ট্ৰেলিয়াৰ পাৰ্থৰ দৰে দ্ৰুতগতিৰ খেলপথাৰত মায়াংকক চম্ভালিবলৈ কঠিন প্ৰত্যাহ্বান হ’ব পাৰে।

পঞ্জাৱৰ অধিনায়ক ধাৱনেও বিপক্ষ দলৰ বলাৰগৰাকীক প্ৰশংসা কৰে। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে ক’লে, “মায়ংকে ভাল বলিং কৰিলে। তেওঁৰ বলৰ গতিবেগে আমাক আচৰিত কৰি তুলিলে। বহুত ভাল লাগিল। বলৰ সেই গতি ধাৰাবাহিকভাৱে বজাই ৰখাটো সহজ নহয়।'' 

লক্ষ্নৌৰ বলিং কোচ মৰ্নে মৰ্কেলে কয়, ‘মায়ংকে কেৱল ভাল বল কৰাই নহয়, গুৰুত্বপূর্ণ উইকেটো ল’লে৷ যোৱা ছিজনটো তেওঁৰ বাবে ভাল নহ’ল। প্ৰথম প্ৰস্তুতিমূলক মেচত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। মই তেওঁক মাত্ৰ এটা কথা কৈছিলো, ভাল ক্ৰিকেট খেলিবলৈ মূল কথাবোৰ সঠিকভাৱে কৰিব লাগিব। বলৰ লাইন আৰু দৈৰ্ঘ্যৰ প্ৰতি সাৱধানহ’ব লাগে। সেইটোৱেই কৰিবলৈ চেষ্টা কৰে মায়ংকে। মেচখনত অতিৰিক্ত একো কৰিবলৈ চেষ্টা কৰা নাছিল।''

মায়ংকৰ বলৰ গতি দেখি ক্ৰিকেট বিশেষজ্ঞসকল আচৰিত হোৱাৰ বিপৰীতে আচৰিত হোৱা নাই লক্ষ্নৌৰ কেপ্টেইন নিুকোলাছ পুৰাণ। শনিবাৰে লক্ষ্ণৌত নেতৃত্ব দিয়া ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে কয়- ''মায়ংকে নেটতো লাহে লাহে বল কৰিব নোৱাৰে। তেওঁ চাগে বলটো লেহেমীয়া কৰিব নাজানেই! মই তেওঁৰ বল নেটত খেলো। প্ৰথম খেলৰ আগতে কাইল মেয়াৰ্ছে মোক সকীয়াই দিছিল। মই সুখী যে অৱশেষত মায়ংকে আই পি এলত অভিষেক ঘটালে। আশাকৰোঁ অহা দুসপ্তাহত মায়ংক ক্ৰিকেটৰ আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু