--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পাঞ্চাৱৰ বিৰুদ্ধে লক্ষ্ণৌৰ জয়ত ২১ বছৰীয়া মায়াংক যাদৱে ২৭ ৰানত ৩টা উইকেট দখল কৰে। ঘণ্টাত ১৫৫ কিলোমিটাৰ বলিং কৰি চমকৃত কৰে দিল্লীৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা এই বেগী গৰাকীয়ে। আপ্লুত হৈছে ক্ৰিকেট জগতৰ তাৰকাসকল।

ইংলেণ্ডৰ প্ৰাক্তন বেষ্ট বলাৰ ষ্টুয়াৰ্ট ব্ৰডো লক্ষ্ণৌৰ যুৱ বলাৰগৰাকীৰ প্ৰদৰ্শনত আপ্লুত হয়। আই পি এলৰ মন্তব্যকাৰী হিচাপে থকা ব্ৰডে কয়, ‘মায়ংকৰ গতি স্বাভাৱিক। অতিৰিক্ত একো চেষ্টা নকৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বলৰ ৰেখা আৰু দৈৰ্ঘ্য। ইমান কম বয়সত সাধাৰণতে দেখা নাযায়। নতুন বলাৰসকলে যেতিয়া  উইকেট পায় তেতিয়া তেওঁ উত্তেজিত হৈ পৰে আৰু অতিৰিক্ত কিবা এটা কৰিবলৈ চেষ্টা কৰে। 
কিন্তু সেয়া মায়ংকৰ মাজত দেখা নগ’ল। যথেষ্ট পৰিপক্ক আচৰণ কৰিছিল। তেওঁৰ বলিং বহুত উপভোগ কৰিলো।’’

শনিবাৰে ব্ৰডে সহ-মন্তব্যকাৰক ষ্টিভ স্মিথক সকীয়াই দিয়ে। তেওঁৰ মতে ভাৰতীয় দলটোৱে যদি সুযোগ পায় তেন্তে বছৰৰ শেষত ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত স্মিথৰ হৈও মায়ংকে সমস্যাৰ সৃষ্টি কৰিব। বিশেষকৈ অষ্ট্ৰেলিয়াৰ পাৰ্থৰ দৰে দ্ৰুতগতিৰ খেলপথাৰত মায়াংকক চম্ভালিবলৈ কঠিন প্ৰত্যাহ্বান হ’ব পাৰে।

পঞ্জাৱৰ অধিনায়ক ধাৱনেও বিপক্ষ দলৰ বলাৰগৰাকীক প্ৰশংসা কৰে। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে ক’লে, “মায়ংকে ভাল বলিং কৰিলে। তেওঁৰ বলৰ গতিবেগে আমাক আচৰিত কৰি তুলিলে। বহুত ভাল লাগিল। বলৰ সেই গতি ধাৰাবাহিকভাৱে বজাই ৰখাটো সহজ নহয়।'' 

লক্ষ্নৌৰ বলিং কোচ মৰ্নে মৰ্কেলে কয়, ‘মায়ংকে কেৱল ভাল বল কৰাই নহয়, গুৰুত্বপূর্ণ উইকেটো ল’লে৷ যোৱা ছিজনটো তেওঁৰ বাবে ভাল নহ’ল। প্ৰথম প্ৰস্তুতিমূলক মেচত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। মই তেওঁক মাত্ৰ এটা কথা কৈছিলো, ভাল ক্ৰিকেট খেলিবলৈ মূল কথাবোৰ সঠিকভাৱে কৰিব লাগিব। বলৰ লাইন আৰু দৈৰ্ঘ্যৰ প্ৰতি সাৱধানহ’ব লাগে। সেইটোৱেই কৰিবলৈ চেষ্টা কৰে মায়ংকে। মেচখনত অতিৰিক্ত একো কৰিবলৈ চেষ্টা কৰা নাছিল।''

মায়ংকৰ বলৰ গতি দেখি ক্ৰিকেট বিশেষজ্ঞসকল আচৰিত হোৱাৰ বিপৰীতে আচৰিত হোৱা নাই লক্ষ্নৌৰ কেপ্টেইন নিুকোলাছ পুৰাণ। শনিবাৰে লক্ষ্ণৌত নেতৃত্ব দিয়া ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে কয়- ''মায়ংকে নেটতো লাহে লাহে বল কৰিব নোৱাৰে। তেওঁ চাগে বলটো লেহেমীয়া কৰিব নাজানেই! মই তেওঁৰ বল নেটত খেলো। প্ৰথম খেলৰ আগতে কাইল মেয়াৰ্ছে মোক সকীয়াই দিছিল। মই সুখী যে অৱশেষত মায়ংকে আই পি এলত অভিষেক ঘটালে। আশাকৰোঁ অহা দুসপ্তাহত মায়ংক ক্ৰিকেটৰ আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ