--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটেৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰিংকু সিঙে। তেতিয়াৰ পৰাই কেকেআৰৰ বেটছমেনগৰাকী শ্বাহৰুখ খানৰ অন্যতম প্ৰিয় হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ নিম্ন শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ক্ৰিকেটাৰগৰাকীৰ কাষত থিয় দিবলৈ চেষ্টা কৰিলে বলীউডৰ ৰজাই। 

শনিবাৰে খেলৰ অন্তত শ্বাহৰুখে ৰিংকুক এটা অনুৰোধ জনায়। ৰিংকুৱেও বলিউডৰ তাৰকাগৰাকীৰ এই ইচ্ছা পূৰণ কৰাৰ অংগীকাৰ কৰে।

শনিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে ৰিংকুৱে। সেই ছবিখনত শ্বাহৰুখক ৰিংকুৰ পৰিয়ালৰ সদস্যৰ সৈতে দেখা গৈছে। ৰিংকুৰ দেউতাক আৰু মাকৰ বাহিৰেও এগৰাকী ভনীয়েক আছে। কেকেআৰৰ বেটছমেনে কয় যে শ্বাহৰুখ ছাৰে মাক-দেউতাকে খেল চাবলৈ ইডেনলৈ অহা বুলি শুনি লগ কৰিব বিচাৰে।

যোৱা বছৰ আই পি এলত গুজৰাটৰ বিৰুদ্ধে সেই দূৰ্দান্ত ইনিংছৰ পিছত শ্বাহৰুখে ৰিংকুক ফোন কৰে। সেইবাৰ বলীউডৰ ৰজাই ৰিংকুৰ বিয়াত নাচিব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰিংকুৱে ক'লে, "শ্বাহৰুখ ছাৰে মোক ফোন কৰিছিল। মোৰ বিয়াৰ কথা তেওঁ সোধা-পোছা কৰে। তেওঁ মোক ক’লে, ‘বহুতে মোক তেওঁলোকৰ বিয়ালৈ যাবলৈ কয়। মই ক'লৈকো নাযাওঁ কিন্তু মই তোমাৰ বিয়াত নাচিবলৈ আহিম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু