--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটেৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰিংকু সিঙে। তেতিয়াৰ পৰাই কেকেআৰৰ বেটছমেনগৰাকী শ্বাহৰুখ খানৰ অন্যতম প্ৰিয় হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ নিম্ন শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ক্ৰিকেটাৰগৰাকীৰ কাষত থিয় দিবলৈ চেষ্টা কৰিলে বলীউডৰ ৰজাই। 

শনিবাৰে খেলৰ অন্তত শ্বাহৰুখে ৰিংকুক এটা অনুৰোধ জনায়। ৰিংকুৱেও বলিউডৰ তাৰকাগৰাকীৰ এই ইচ্ছা পূৰণ কৰাৰ অংগীকাৰ কৰে।

শনিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে ৰিংকুৱে। সেই ছবিখনত শ্বাহৰুখক ৰিংকুৰ পৰিয়ালৰ সদস্যৰ সৈতে দেখা গৈছে। ৰিংকুৰ দেউতাক আৰু মাকৰ বাহিৰেও এগৰাকী ভনীয়েক আছে। কেকেআৰৰ বেটছমেনে কয় যে শ্বাহৰুখ ছাৰে মাক-দেউতাকে খেল চাবলৈ ইডেনলৈ অহা বুলি শুনি লগ কৰিব বিচাৰে।

যোৱা বছৰ আই পি এলত গুজৰাটৰ বিৰুদ্ধে সেই দূৰ্দান্ত ইনিংছৰ পিছত শ্বাহৰুখে ৰিংকুক ফোন কৰে। সেইবাৰ বলীউডৰ ৰজাই ৰিংকুৰ বিয়াত নাচিব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰিংকুৱে ক'লে, "শ্বাহৰুখ ছাৰে মোক ফোন কৰিছিল। মোৰ বিয়াৰ কথা তেওঁ সোধা-পোছা কৰে। তেওঁ মোক ক’লে, ‘বহুতে মোক তেওঁলোকৰ বিয়ালৈ যাবলৈ কয়। মই ক'লৈকো নাযাওঁ কিন্তু মই তোমাৰ বিয়াত নাচিবলৈ আহিম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ