--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ ইডেন গাৰ্ডেনছত পৰাক্ৰম দেখুৱায় আন্দ্ৰে ৰাছেলে। ৰাছেলে ২৫ বলত ৬৪ ৰান আৰু বলৰ সৈতে দুটা উইকেটৰ সহায়ত হায়দৰাবাদৰ বিৰুদ্ধে কলকাতাই জয়লাভ কৰাত সহায় কৰে। অল ৰাউণ্ডাৰজনে বেটিং কৰাৰ সময়ত কেইবাটাও নজিৰ গঢ়ি তুলিছিল।

ৰাছেলে তিনিটা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৬৪ ৰান সংগ্ৰহ কৰে। আই পি এলৰ ইতিহাসৰ সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে ৰাছেলে ২০০টা ছয় কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ ১৩২২টা বলত ২০০ টা ছয় কৰে। ক্ৰীছ গেইলৰ অভিলেখ ভংগ হ’ল। ১৮১১টা বলত ২০০টা ছয় কৰে গেইলে। লগতে ৰাছেলে আই পি এলৰ ইতিহাসত ২০০ ছয় কৰা নৱমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ উপৰিও ৰাছেলে ৰিংকু সিঙৰ সৈতে সপ্তম উইকেটৰ বাবে ৮১ ৰান সংযোজন কৰে। কেকেআৰৰ সপ্তম উইকেটত ইমান ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই যুটিটোৱে আই পি এলৰ ইতিহাসত পঞ্চম স্থানত আছে।

মেচৰ পিছত নিজৰ প্ৰদৰ্শনৰ বিষয়ে কোৱাৰ সময়ত ৰাছেলে কয়, ‘যোৱা দুবছৰ ধৰি বলাৰসকলে মোৰ বিৰুদ্ধে ভাল পৰিকল্পনা কৰিছিল। মোক কেনেকৈ ৰখাব পাৰি সি পৰিকল্পনা কৰি আছিল। সেইবাবেই পৰিকল্পনা কৰিবলগীয়া হ’ল। মোৰ শ্বটৰ সৈতে খেলিলোঁ। গতিকে এইবাৰ মই ভাল খেলিছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ