--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত ২৬১ ৰান সংগ্ৰহ কৰিও পঞ্জাৱ কিংছৰ হাতত পৰাস্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ। বিধ্বস্ত শ্ৰেয়াছ আয়াৰক উৎসাহিত কৰিবলৈ শ্বাহৰুখ খানে কেকেআৰৰ ড্ৰেছিং ৰুমলৈ লৰালৰিকৈ গৈছিল। দলটো আই পি এল চেম্পিয়ন হোৱাৰ পাছতো কে কে আৰৰ মালিকজনে সাজঘৰলৈ যায়। বলীউডৰ ৰজাই ক্ৰিকেটাৰসকলক এক বিশেষ বাৰ্তা দিলে।

শ্বাহৰুখে আই পি এল চেম্পিয়ন হোৱাৰ বাবে ক্ৰিকেটাৰসকলক অভিনন্দন জ্ঞাপন কৰে। ভৱিষ্যতৰ বাবে শুভেচ্ছা দিয়ে। শ্বাহৰুখে এক বিশেষ বাৰ্তা প্ৰদান কৰে। ভাষণৰ আৰম্ভণিতে তেওঁ গুৰু গৌতম গম্ভীৰক ধন্যবাদ জ্ঞাপন কৰে। শ্বাহৰুখে ক'লে- ‘‘সকলোকে ধন্যবাদ। অভিনন্দন বিশেষ ধন্যবাদ জিজীলৈ (গম্ভীৰক কোৱাৰ দৰে)। আমি দুটা সিদ্ধান্ত লৈছিলো। প্ৰথমটো হ’ল সুনীল নৰিনক নচোৱাৰ। মই তেওঁক নাচি থকা দেখিলোঁ (শ্বাহৰুখেও দেখুৱাই দিলে যে তেওঁ কেনেকৈ নাচিছিল)। আৰু দ্বিতীয়টো হ’ল আমি সফল হ’লে জি জিয়ে নাচিব লাগিব। আজি ৰাতি আমি জি জিৰ সৈতে নাচিম।’’ গম্ভীৰেও হাঁহিলে। যদিও মূৰটো জোকাৰি মৃদু আপত্তি প্ৰকাশ কৰিলে।

শ্বাহৰুখে আকৌ ক’বলৈ ধৰিলে, “ভগৱানে সকলোকে আশীৰ্বাদ কৰক। সকলো সুস্থ হৈ থাকক। আপোনাৰ ভৱিষ্যতৰ বাবে শুভকামনা। ইয়াৰ পৰা য'তেই খেলিব, আশাকৰোঁ সফল হ'ব। জুহি চাওলা, জয় মেহতা, সুহানা খানৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আপুনি আমাক আৱেগিক কৰি তোলে। মই বিচাৰো এই দলটো আমাৰ লগত থাকিব। ’’

শ্বাহৰুখৰ ভাষণৰ শেষৰ দুটা শাৰীত এটা বিশেষ বাৰ্তা। তেওঁ চেম্পিয়ন দলৰ ক্ৰিকেটাৰক এৰি যাব নিবিচাৰে। সকলোকে এৰি যাব বিচাৰে। কিন্তু ইচ্ছা কৰিলে নোৱাৰিবও পাৰে। কাৰণ আই পি এলৰ নিয়ম অনুসৰি পৰৱৰ্তী ছিজনৰ পূৰ্বে নিলাম সম্পূৰ্ণ হ’ব। ফ্ৰেঞ্চাইজিসমূহে চাৰিজন ক্ৰিকেটাৰলৈকে ধৰি ৰাখিব পাৰিব। বাকীখিনি ঘূৰাই দিবলৈ কেকেআৰ কৰ্তৃপক্ষই নিলামৰ পৰা কিনিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু