--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ খেলপথাৰত খেলিব মহেন্দ্ৰ সিং ধোনি। আই পি এল প্লে অফৰ প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ লক্ষ্ণৌ ছুপাৰ জায়েন্টছে এই মেচত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিব লাগিব। কিন্তু এই মেচত ধোনীয়ে ভাল খেলাটো বিচাৰে কলিকতাৰ উদ্যোগপতি সঞ্জীৱ গোৱেংকাৰ দল লক্ষ্ণৌই। 

লক্ষ্ণৌৰ ৰাজপথবোৰ ধোনিৰ হৰ্ডিংৰে ভৰি পৰিছে। ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ধোনিৰ হৰ্ডিঙৰ কেইবাখনো ছবি। সেই হৰ্ডিংবোৰ লক্ষ্ণৌৰ ফ্ৰেঞ্চাইজিয়ে ৰাখিছিল। এটা জমাত লিখা আছিল, ‘আমি বিচাৰো ধোনীয়ে ভাল খেলিব, কিন্তু চেন্নাই মেচখনত পৰাস্ত হ’ব।’ 

আন এঠাইত লিখা আছে, ‘আমি বিচাৰো যে ধোনীয়ে শেষৰ বলত ছয় মাৰিব, কিন্তু তাৰ পিছত জয়ী হ’বলৈ আমাক ১২ ৰানৰ প্ৰয়োজন।’ অৰ্থাৎ প্ৰতিটো জমাত ধোনীক প্ৰশংসা কৰিলেও তেওঁলোকে মেচখন জয়ী হ’ব বুলি লক্ষ্ণৌৱে আত্মবিশ্বাসী।

আন এখন বেনাৰত দেখা গৈছে ধোনীৰ জাৰ্চি নম্বৰ। চেন্নাই-লক্নৌৰ খেলখন এইবাৰ আই পি এলৰ ৩৪ সংখ্যক মেচ। ৩ আৰু ৪ যোগ কৰিলে ৭ পোৱা যায়, যিটো হৈছে ধোনিৰ জাৰ্চিৰ সংখ্যা। ছ’চিয়েল মিডিয়াত ধোনীৰ বিষয়ে যিদৰে পোষ্ট দেখা গৈছে তাৰ পৰা শুকুৰবাৰে সন্ধিয়া লক্ষ্ণৌৰ ষ্টেডিয়ামত হালধীয়া ৰঙৰ প্ৰচুৰতা দেখা পোৱাটো কোনো আচৰিত কথা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ