--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে আই পি এলৰ মাজতে প্ৰতিযোগিতা এৰিছে। পাকিস্তানৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ এই সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে নহয়, ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে আই পি এলৰ মাজভাগত গুচি গৈছে। আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে এনেবোৰ ঘটনা ভালদৰে লোৱা নাই। ভৱিষ্যতে যাতে এনে নহয় তাৰ ওপৰত চকু ৰাখিব লাগে বুলিও তেওঁ কয়।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ধুমলে কয় - ‘‘আমি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ সৈতে কথা পাতিছো। আশাকৰোঁ ভৱিষ্যতে এনে নহয়। পূৰ্বে যিসকলে তেনে কৰিছিল তেওঁলোক এতিয়া ইচিবিৰ অংশ নহয়। কিবা এটা সলনি হ’ব পাৰে। কিন্তু যিটো ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, সেই অনুসৰি হ’ব লাগে।”

কিন্তু কেৱল ইংলেণ্ডৰ ক্ৰিকেটাৰেই নহয়, বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানেও আই পি এলৰ মাজভাগত দেশৰ হৈ খেলিবলৈ ওলাই যায়। ধুমলে কয়, "আমি সকলো ব'ৰ্ডৰ লগত কথা পাতি ক্ৰিকেটাৰসকলে খেলিব পাৰিব নে নোৱাৰে সেই বিষয়ে জানি লওঁ।" যদি কোনো ক্ৰিকেটাৰৰ ঘৰলৈ উভতি যোৱাৰ বিশেষ প্ৰয়োজন আছে, আমিও সেইটো অনুমতি দিওঁ। সকলো দেশৰ ব’ৰ্ডে এই প্ৰতিযোগিতা সফল কৰিব বিচাৰে। প্ৰতিখন দেশেই আই পি এলৰ অংশ হ’ব বিচাৰে।”

জোছ বাটলাৰ, ফিল ছল্ট, উইল জেকছ, ৰিচি টপলি, মুস্তাফিজুৰৰ দৰে ক্ৰিকেটাৰে এইবাৰ আই পি এলৰ সমগ্ৰ লীগ পৰ্যায়টো খেলিব নোৱাৰিলে। যাৰ ফলত বিভিন্ন দলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ প্লে অফত প্ৰৱেশ কৰাৰ পিছতো সম্পূৰ্ণ শক্তিৰে নামি আহিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু