--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে আই পি এলৰ মাজতে প্ৰতিযোগিতা এৰিছে। পাকিস্তানৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ এই সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে নহয়, ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে আই পি এলৰ মাজভাগত গুচি গৈছে। আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে এনেবোৰ ঘটনা ভালদৰে লোৱা নাই। ভৱিষ্যতে যাতে এনে নহয় তাৰ ওপৰত চকু ৰাখিব লাগে বুলিও তেওঁ কয়।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ধুমলে কয় - ‘‘আমি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ সৈতে কথা পাতিছো। আশাকৰোঁ ভৱিষ্যতে এনে নহয়। পূৰ্বে যিসকলে তেনে কৰিছিল তেওঁলোক এতিয়া ইচিবিৰ অংশ নহয়। কিবা এটা সলনি হ’ব পাৰে। কিন্তু যিটো ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, সেই অনুসৰি হ’ব লাগে।”

কিন্তু কেৱল ইংলেণ্ডৰ ক্ৰিকেটাৰেই নহয়, বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানেও আই পি এলৰ মাজভাগত দেশৰ হৈ খেলিবলৈ ওলাই যায়। ধুমলে কয়, "আমি সকলো ব'ৰ্ডৰ লগত কথা পাতি ক্ৰিকেটাৰসকলে খেলিব পাৰিব নে নোৱাৰে সেই বিষয়ে জানি লওঁ।" যদি কোনো ক্ৰিকেটাৰৰ ঘৰলৈ উভতি যোৱাৰ বিশেষ প্ৰয়োজন আছে, আমিও সেইটো অনুমতি দিওঁ। সকলো দেশৰ ব’ৰ্ডে এই প্ৰতিযোগিতা সফল কৰিব বিচাৰে। প্ৰতিখন দেশেই আই পি এলৰ অংশ হ’ব বিচাৰে।”

জোছ বাটলাৰ, ফিল ছল্ট, উইল জেকছ, ৰিচি টপলি, মুস্তাফিজুৰৰ দৰে ক্ৰিকেটাৰে এইবাৰ আই পি এলৰ সমগ্ৰ লীগ পৰ্যায়টো খেলিব নোৱাৰিলে। যাৰ ফলত বিভিন্ন দলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ প্লে অফত প্ৰৱেশ কৰাৰ পিছতো সম্পূৰ্ণ শক্তিৰে নামি আহিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement