--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ বাবে সাজু হৈছে ৰিংকু সিং। কলকাতা নাইট ৰাইডাৰ্ছ শিবিৰত অনুশীলন কৰি আছে। অনুশীলনৰ সময়ত সংঘটিত হয় এক ঘটনা। ৰিংকুৱে ছয় মাৰে আৰু এটা বল বয়ৰ কপালত খুন্দা মাৰে। লগে লগে বল বয়ৰ ওচৰলৈ যায় ৰিংকু। ল’ৰাটোৰ ওচৰত ক্ষমা বিচাৰে। লগতে তেওঁক চহী কৰা কে কে আৰ কেপ উপহাৰ দিয়ে।

এই ঘটনাৰ ভিডিঅ’ মুকলি কৰিলে কেকেআৰে। তাত দেখা যায়, ৰিংকুৱে ছয় মাৰে। সেই বলটো গৈ ল’ৰাটোৰ কপালত খুন্দা মাৰে। এজন ব্যক্তিয়ে ল’ৰাটোক লৈ আহিছিল। ৰিংকুৱে ক্ষমা খোজে। কেকেআৰৰ সহকাৰী প্ৰশিক্ষক অভিষেক নাইৰ টুপীটো খুলি ল’ৰাটোৰ মূৰত পিন্ধাই দিলে। ৰিংকুৱে ল’ৰাটোক সুধিলে আৰু কিবা লাগে নেকি। ল’ৰাটোৱে আটোগ্ৰাফ দিবলৈ কয়। ৰিংকুৱে টুপীটোত চহী কৰিলে। নাইৰেও চহী কৰিলে।

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এইবাৰৰ আই পি এল। যোৱাবাৰৰ দৰেই ফৰ্মত খেলিব বিচাৰিছে ৰিংকুৱে। কাৰণ, টি-২০ বিশ্বকাপ আই পি এলৰ পিছত। তাৰ প্ৰস্তুতি শেষ কৰিব খোজে। ২৩ মাৰ্চত প্ৰথমখন মেচ খেলিব কেকেআৰে। প্ৰতিদ্বন্দ্বী ছানৰাইজাৰ্ছ হায়দৰাবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু