--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ বাবে সাজু হৈছে ৰিংকু সিং। কলকাতা নাইট ৰাইডাৰ্ছ শিবিৰত অনুশীলন কৰি আছে। অনুশীলনৰ সময়ত সংঘটিত হয় এক ঘটনা। ৰিংকুৱে ছয় মাৰে আৰু এটা বল বয়ৰ কপালত খুন্দা মাৰে। লগে লগে বল বয়ৰ ওচৰলৈ যায় ৰিংকু। ল’ৰাটোৰ ওচৰত ক্ষমা বিচাৰে। লগতে তেওঁক চহী কৰা কে কে আৰ কেপ উপহাৰ দিয়ে।

এই ঘটনাৰ ভিডিঅ’ মুকলি কৰিলে কেকেআৰে। তাত দেখা যায়, ৰিংকুৱে ছয় মাৰে। সেই বলটো গৈ ল’ৰাটোৰ কপালত খুন্দা মাৰে। এজন ব্যক্তিয়ে ল’ৰাটোক লৈ আহিছিল। ৰিংকুৱে ক্ষমা খোজে। কেকেআৰৰ সহকাৰী প্ৰশিক্ষক অভিষেক নাইৰ টুপীটো খুলি ল’ৰাটোৰ মূৰত পিন্ধাই দিলে। ৰিংকুৱে ল’ৰাটোক সুধিলে আৰু কিবা লাগে নেকি। ল’ৰাটোৱে আটোগ্ৰাফ দিবলৈ কয়। ৰিংকুৱে টুপীটোত চহী কৰিলে। নাইৰেও চহী কৰিলে।

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এইবাৰৰ আই পি এল। যোৱাবাৰৰ দৰেই ফৰ্মত খেলিব বিচাৰিছে ৰিংকুৱে। কাৰণ, টি-২০ বিশ্বকাপ আই পি এলৰ পিছত। তাৰ প্ৰস্তুতি শেষ কৰিব খোজে। ২৩ মাৰ্চত প্ৰথমখন মেচ খেলিব কেকেআৰে। প্ৰতিদ্বন্দ্বী ছানৰাইজাৰ্ছ হায়দৰাবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী