--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰ মুম্বাই ইণ্ডিয়ানছত থাকিব নেকি ৰোহিত শৰ্মা? নে তেওঁ দল সলনি কৰাৰ কথা ভাবিছে? আই পি এলৰ চলিত ছিজনটো মুম্বাই ইণ্ডিয়ানছৰ বাবে ভাল নহয়। ৰোহিতৰো ভাল নহ’ল। মুম্বাইৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰে ৰোহিতক ভৱিষ্যতৰ বিষয়ে সুধিছিল। স্পষ্ট উত্তৰ দিলে ৰোহিতে।

গ্ৰুপ পৰ্যায়ৰ শেষৰখন মেচৰ পিছত সংবাদমেললৈ গৈছিল বাউচাৰ। তাত ৰোহিতৰ ভৱিষ্যতৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিলে, "মোৰ মতে তেওঁ নিজৰ ভৱিষ্যত নিজেই নিৰ্ধাৰণ কৰিব। অহাবাৰ ডাঙৰ নিলাম হ’ব। গতিকে এতিয়া কি হ'ব ক'ব নোৱাৰো।"

এই বিষয়ে ৰোহিতৰ লগত কিবা কথা পাতিছিল নেকি? বাউচাৰে ক’লে। তেওঁ ক’লে, “আগত ৰাতি ৰোহিতৰ লগত কথা পাতিছিলো। আমি গোটেই ছিজনটোৰ প্ৰদৰ্শন বিশ্লেষণ কৰি আছিলো। ইয়াৰ পিছত মই ৰোহিতক সুধিলোঁ, ইয়াৰ পিছত কি? তেওঁ স্পষ্টকৈ উত্তৰ দিলে, বিশ্বকাপ।" অৰ্থাৎ বাউচাৰে ইংগিত দিব বিচাৰিছিল যে ৰোহিতে এতিয়াৰে পৰা বিশ্বকাপৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। সি আন একো চিন্তা কৰা নাই।

কিন্তু বেটখনৰ সৈতে ৰোহিতে এইবাৰ বেছি বেয়া খেলা নাই। ১৪খন মেচত ৪১৭ ৰান সংগ্ৰহ কৰে। গড়ে ৩২.০৮ আৰু ১৫০ ষ্ট্ৰাইক ৰেটত খেলিছিল। তেওঁৰ বেটৰ পৰা ডেৰ শতক আহিল। ইয়াৰ পিছত দলটোৱে সকলোতকৈ তলত শেষ কৰিলে। গতিকে ৰোহিত কিছু হতাশ। কিন্তু এতিয়াৰ বাবে ভাৰতীয় অধিনায়কগৰাকীয়ে আই পি এলৰ কথা পাহৰি বিশ্বকাপত মনোনিৱেশ কৰিব বিচাৰিছে। তাতে তেওঁ ট্ৰফী জিকিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ