--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ আৰম্ভণিৰ পূৰ্বেই বিপদত পৰিছে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ। দলটোৰ তাৰকা অল ৰাউণ্ডাৰ বেন ষ্ট’কছক লৈ চিন্তা বাঢ়িছে ধোনীৰ। ষ্ট’কছে বলিং কৰিব পাৰিবনে নাই সেই সন্দৰ্ভত সন্দেহৰ সৃষ্টি হৈছে।

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত ষ্ট’কছে খেললৈ ঘূৰি আহিছিল। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁক সম্পূৰ্ণ সুস্থ যেন দেখা নগ’ল। ৱেলিংটনত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত তেওঁ মাত্ৰ ২ অভাৰতহে বলিং কৰে। মেচৰ শেষত ষ্ট’কে কয় যে তেওঁ বলিং কৰিব নোৱাৰাৰ বাবে হতাশ হৈছে।

এনে পৰিস্থিতিত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসা দল চেন্নাই ফ্ৰেঞ্চাইজিৰ সৈতে যোগাযোগত আছে যাতে আই পি এলত ষ্টকছৰ ওপৰত অত্যধিক হেঁচা নাথাকে। চেন্নাই ছুপাৰ কিংছৰ বেটিং প্ৰশিক্ষক মাইকেল হাছিয়ে কয় যে চেন্নাই আৰু ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ষ্ট’কছৰ ওপৰত চকু ৰাখিছে।

হাছিয়ে কয় যে ছিজনৰ আৰম্ভণিতে কেৱল বেটছমেন হিচাপেহে খেলিব ষ্ট’কছক। ষ্ট’কে বল কৰিব পাৰে নে নোৱাৰে লাহে লাহে দেখা যাব।

উল্লেখ্য যে যোৱা নিলামত চেন্নাইয়ে ১৬ কোটি ২৫ লাখ টকাত ক্ৰয় কৰিছিল ষ্টকছক। যোৱাবাৰ দলটোৰ প্ৰদৰ্শন একেবাৰে ভাল নাছিল। এইবাৰ ধোনীয়ে দলটো নতুকৈ গঠন কৰিবলৈ ওলাইছে। সেই পৰিকল্পনাত ষ্ট’কছে অলৰাউণ্ডাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু এতিয়া তেওঁৰ বলিংক লৈ সন্দেহৰ সৃষ্টি হৈছে।

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ প্ৰথমখন মেচতে চেন্নাইয়ে খেলপথাৰত প্ৰৱেশ কৰিছে। প্ৰতিদ্বন্দ্বী দলটো হৈছে যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছ। আহমেদাবাদৰ গুজৰাটৰ ঘৰুৱা খেলপথাৰত মুখামুখি হ’ব দুয়োটা দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু