--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ আৰম্ভণিৰ পূৰ্বেই বিপদত পৰিছে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ। দলটোৰ তাৰকা অল ৰাউণ্ডাৰ বেন ষ্ট’কছক লৈ চিন্তা বাঢ়িছে ধোনীৰ। ষ্ট’কছে বলিং কৰিব পাৰিবনে নাই সেই সন্দৰ্ভত সন্দেহৰ সৃষ্টি হৈছে।

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত ষ্ট’কছে খেললৈ ঘূৰি আহিছিল। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁক সম্পূৰ্ণ সুস্থ যেন দেখা নগ’ল। ৱেলিংটনত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত তেওঁ মাত্ৰ ২ অভাৰতহে বলিং কৰে। মেচৰ শেষত ষ্ট’কে কয় যে তেওঁ বলিং কৰিব নোৱাৰাৰ বাবে হতাশ হৈছে।

এনে পৰিস্থিতিত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসা দল চেন্নাই ফ্ৰেঞ্চাইজিৰ সৈতে যোগাযোগত আছে যাতে আই পি এলত ষ্টকছৰ ওপৰত অত্যধিক হেঁচা নাথাকে। চেন্নাই ছুপাৰ কিংছৰ বেটিং প্ৰশিক্ষক মাইকেল হাছিয়ে কয় যে চেন্নাই আৰু ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ষ্ট’কছৰ ওপৰত চকু ৰাখিছে।

হাছিয়ে কয় যে ছিজনৰ আৰম্ভণিতে কেৱল বেটছমেন হিচাপেহে খেলিব ষ্ট’কছক। ষ্ট’কে বল কৰিব পাৰে নে নোৱাৰে লাহে লাহে দেখা যাব।

উল্লেখ্য যে যোৱা নিলামত চেন্নাইয়ে ১৬ কোটি ২৫ লাখ টকাত ক্ৰয় কৰিছিল ষ্টকছক। যোৱাবাৰ দলটোৰ প্ৰদৰ্শন একেবাৰে ভাল নাছিল। এইবাৰ ধোনীয়ে দলটো নতুকৈ গঠন কৰিবলৈ ওলাইছে। সেই পৰিকল্পনাত ষ্ট’কছে অলৰাউণ্ডাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু এতিয়া তেওঁৰ বলিংক লৈ সন্দেহৰ সৃষ্টি হৈছে।

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ প্ৰথমখন মেচতে চেন্নাইয়ে খেলপথাৰত প্ৰৱেশ কৰিছে। প্ৰতিদ্বন্দ্বী দলটো হৈছে যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছ। আহমেদাবাদৰ গুজৰাটৰ ঘৰুৱা খেলপথাৰত মুখামুখি হ’ব দুয়োটা দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ