--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী। প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। শনিবাৰে বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু শিবিৰত যোগদান কৰে।

আইপিএলৰ পূৰ্বে নতুন ৰূপত দেখা গ’ল তাৰকাগৰাকীক। বিৰাটৰ টাটুৰ প্ৰতি থকা প্ৰেম বহু পুৰণি। সেই প্ৰেমৰ পৰাই আই পি এলৰ ঠিক আগে আগে সোঁহাতত নতুন টাটু এটা কৰালে বিৰাটে। বাংগালুৰু বিমানবন্দৰত বিৰাটৰ নতুন টাটুটো দেখা পালে এজন অনুৰাগীয়ে। অনুৰাগীজনৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

শনিবাৰে আৰচিবিৰ শিবিৰত যোগদান কৰে বিৰাটে। আৰ চি বিৰ প্ৰাক্তন সতীৰ্থ আৰু বন্ধু ক্ৰীছ গেইল আৰু এ বি ডি ভিলিয়াৰ্ছও সেই শিবিৰত আছে। অহা ২ এপ্ৰিলত আই পি এলৰ প্ৰথমখন মেচ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব আৰ চি বিয়ে। ক্ৰীড়াপ্ৰেমী সকলোৱে বিৰাটক খেলপথাৰত চাবলৈ আগ্ৰহী। তাৰ লগতে নতুন টাটুটোৱে সকলোৰে উত্তেজনা দুগুণ কৰি তুলিলে।

সদ্য সমাপ্ত ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাত বিৰাট কোহলীয়ে ভাল খেল প্ৰদৰ্শন কৰে। শেষৰ টেষ্টত তেওঁৰ বেটৰ পৰা এই শতকটো আহিছিল। আনকি শৃংখলাৰ অন্তিমখন এদিনীয়া মেচতো তেওঁ অৰ্ধশতক অৰ্জন কৰিছিল।

এই পৰ্যন্ত আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ট্ৰফী লাভ কৰিব পৰা নাই। এইবাৰ অনুৰাগীসকলে বিৰাটৰ নতুন টেটুৰ লগতে হাতত থকা ট্ৰফীটো দেখাৰ আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ