--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ লেহেমীয়া শতকৰ বাবে ৰাজস্থানে বেংগালুৰুক জয়ী নোহোৱাৰ বাবে কাৰ্যতঃ উপহাস কৰিছে। শনিবাৰে বেংগালুৰুৰ ইনিংছ সমাপ্ত হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৰাজস্থানৰ এটা পোষ্ট। পাকিস্তানৰ বেগী বলাৰ জুনেইদ খানেও কোহলীক সমালোচনা কৰে।

শনিবাৰে আই পি এলত অষ্টম শতক অৰ্জন কৰে কোহলীয়ে। এই প্ৰতিযোগিতাত প্ৰথম শতকটো আহিছিল তেওঁৰ বেটৰ পৰা। জয়পুৰৰ ২২ গজত কোহলীয়ে ৬৭টা বল লৈ শতক সম্পূৰ্ণ কৰে। যিটো আই পি এলৰ ইতিহাসৰ আটাইতকৈ লেহেমীয়া শতক। কোহলীৰ ৭২ বলত অপৰাজিত ইনিংছত ১১৩ ৰানৰ ষ্ট্ৰাইক ৰেট ১৫৬.৯৪। টি-২০ ক্ৰিকেটৰ ক্ষেত্ৰত বেছি বেয়া নহয়। অৱশ্যে কোহলীৰ শতকীয় ইনিংছত পৰাস্ত হ’বলগীয়া হৈছিল বেংগালুৰু।

কোহলীৰ ইনিংছৰ বাবেই শনিবাৰে আৰ চি বিয়ে ৩টা উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত ৰাজস্থানৰ এই পোষ্টটো পোহৰলৈ আহে। ছবিখনত যুজবেন্দ্ৰ চাহালে ‘বুঢ়া আঙুলি’ দেখুৱাই থকা দেখা গৈছে। লিখাৰ সৈতে, "যিদিনা ২০০ৰো অধিক ৰান সম্ভৱ হয়, সেইদিনা ১৮৪ ৰানৰ লক্ষ্য যথেষ্ট ভাল। " এই পোষ্টটো ক্ৰিকেট প্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে।

আই পি এলৰ পৰিসংখ্যা অনুসৰি এই প্ৰতিযোগিতাত আটাইতকৈ লেহেমীয়া শতকৰ অভিলেখ আছিল মনীষ পাণ্ডেৰ। ২০০৮ চনত তেতিয়াৰ ডেকান চাৰ্গাছৰ বিৰুদ্ধে ৬৭ বলত শতক অৰ্জন কৰিছিল। সেই মেচখন হৈছিল দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। ইয়াৰ পিছত কোনো বেটছমেনে ইমান বল খৰছ কৰি আই পি এলত শতক অৰ্জন কৰা নাছিল। শনিবাৰে কোহলীয়ে ৬৭টা বল লৈ ১০০ ৰান সংগ্ৰহ কৰে। যিটোৱে যৌথভাৱে আই পি এলৰ ইতিহাসৰ আটাইতকৈ লেহেমীয়া শতকৰ তালিকাত শীৰ্ষস্থান দখল কৰে। শনিবাৰে কোহলিৰ শতক ভাৰতৰ মাটিত আই পি এলৰ আটাইতকৈ লেহেমীয়া শতক।

আই পি এলৰ আটাইতকৈ লেহেমীয়া শতকৰ লাজ লগা কোহলিয়ে সীমান্তৰ সিপাৰৰ পৰাও কটুক্তি আকৰ্ষণ কৰিছে। পাকিস্তানৰ বলিষ্ঠ বলাৰ জুনাইদে ছ’চিয়েল মিডিয়াত লিখিছে, ‘আই পি এলৰ ইতিহাসত আটাইতকৈ লেহেমীয়া শতক অৰ্জন কৰাৰ বাবে বিৰাট কোহলীক অভিনন্দন।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement