--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ লেহেমীয়া শতকৰ বাবে ৰাজস্থানে বেংগালুৰুক জয়ী নোহোৱাৰ বাবে কাৰ্যতঃ উপহাস কৰিছে। শনিবাৰে বেংগালুৰুৰ ইনিংছ সমাপ্ত হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৰাজস্থানৰ এটা পোষ্ট। পাকিস্তানৰ বেগী বলাৰ জুনেইদ খানেও কোহলীক সমালোচনা কৰে।

শনিবাৰে আই পি এলত অষ্টম শতক অৰ্জন কৰে কোহলীয়ে। এই প্ৰতিযোগিতাত প্ৰথম শতকটো আহিছিল তেওঁৰ বেটৰ পৰা। জয়পুৰৰ ২২ গজত কোহলীয়ে ৬৭টা বল লৈ শতক সম্পূৰ্ণ কৰে। যিটো আই পি এলৰ ইতিহাসৰ আটাইতকৈ লেহেমীয়া শতক। কোহলীৰ ৭২ বলত অপৰাজিত ইনিংছত ১১৩ ৰানৰ ষ্ট্ৰাইক ৰেট ১৫৬.৯৪। টি-২০ ক্ৰিকেটৰ ক্ষেত্ৰত বেছি বেয়া নহয়। অৱশ্যে কোহলীৰ শতকীয় ইনিংছত পৰাস্ত হ’বলগীয়া হৈছিল বেংগালুৰু।

কোহলীৰ ইনিংছৰ বাবেই শনিবাৰে আৰ চি বিয়ে ৩টা উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত ৰাজস্থানৰ এই পোষ্টটো পোহৰলৈ আহে। ছবিখনত যুজবেন্দ্ৰ চাহালে ‘বুঢ়া আঙুলি’ দেখুৱাই থকা দেখা গৈছে। লিখাৰ সৈতে, "যিদিনা ২০০ৰো অধিক ৰান সম্ভৱ হয়, সেইদিনা ১৮৪ ৰানৰ লক্ষ্য যথেষ্ট ভাল। " এই পোষ্টটো ক্ৰিকেট প্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে।

আই পি এলৰ পৰিসংখ্যা অনুসৰি এই প্ৰতিযোগিতাত আটাইতকৈ লেহেমীয়া শতকৰ অভিলেখ আছিল মনীষ পাণ্ডেৰ। ২০০৮ চনত তেতিয়াৰ ডেকান চাৰ্গাছৰ বিৰুদ্ধে ৬৭ বলত শতক অৰ্জন কৰিছিল। সেই মেচখন হৈছিল দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। ইয়াৰ পিছত কোনো বেটছমেনে ইমান বল খৰছ কৰি আই পি এলত শতক অৰ্জন কৰা নাছিল। শনিবাৰে কোহলীয়ে ৬৭টা বল লৈ ১০০ ৰান সংগ্ৰহ কৰে। যিটোৱে যৌথভাৱে আই পি এলৰ ইতিহাসৰ আটাইতকৈ লেহেমীয়া শতকৰ তালিকাত শীৰ্ষস্থান দখল কৰে। শনিবাৰে কোহলিৰ শতক ভাৰতৰ মাটিত আই পি এলৰ আটাইতকৈ লেহেমীয়া শতক।

আই পি এলৰ আটাইতকৈ লেহেমীয়া শতকৰ লাজ লগা কোহলিয়ে সীমান্তৰ সিপাৰৰ পৰাও কটুক্তি আকৰ্ষণ কৰিছে। পাকিস্তানৰ বলিষ্ঠ বলাৰ জুনাইদে ছ’চিয়েল মিডিয়াত লিখিছে, ‘আই পি এলৰ ইতিহাসত আটাইতকৈ লেহেমীয়া শতক অৰ্জন কৰাৰ বাবে বিৰাট কোহলীক অভিনন্দন।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু