--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেখন মেচতে সফলতা আৰু লাজৰ দুটা উদাহৰণ দাঙি ধৰিলে ৰোহিত শৰ্মাই। দেওবাৰে ৱানখেদে ষ্টেডিয়ামত ৰান খেদি ৰোহিতে শতক অৰ্জন কৰে। ইয়াৰ পিছতে চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। এই মেচত ৰোহিতে ৰেকৰ্ড কৰে। লাজৰো নজিৰ গঢ়ি তুলিছে।

চেন্নাইৰ বিৰুদ্ধে ৰোহিতে ৫টা ছয় মাৰে। ফলত তেওঁ টি-২০ত ৫০০ ছয় কৰিছে। এই মেচৰ পূৰ্বে ৰোহিতৰ ছয়ৰ সংখ্যা আছিল ৪৯৭। মেচৰ পিছত ই ৫০২ত থিয় দিছিল। টি-২০ত ৫০০ বা তাতকৈ অধিক ছয় কৰা প্ৰথমজন ভাৰতীয় ৰোহিত। তেওঁৰ পূৰ্বে আৰু চাৰিজন লোকে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হ’ল ক্ৰীছ গেইল, কিয়ৰন পোলাৰ্ড, আন্দ্ৰে ৰাছেল আৰু কলিন মুনৰো।

আই পি এলত ৪৩৫৫ দিনৰ অন্তত পুনৰ শতক অৰ্জন কৰে ৰোহিতে। কিন্তু তেওঁ দলটো জিকিব নোৱাৰিলে। ফলত এক লজ্জাজনক নজিৰ গঢ়ি উঠিছে। আই পি এলৰ ইতিহাসত ৰান খেদি অপৰাজিত শতক অৰ্জন কৰিও দল জয়ী নকৰা একমাত্ৰ বেটছমেন ৰোহিত। ইয়াৰ পূৰ্বে ইউছুফ পাথান আৰু সঞ্জু চেমছনে শতাধিক ৰান খেদিবলৈ সত্ত্বেও পৰাস্ত হ’বলগীয়া হৈছিল। কিন্তু তেওঁলোক আউট হৈছিল। অপৰাজিত হৈ খেলপথাৰ এৰি থৈ যায় ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ