--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত আইপিএলত প্ৰত্যাশিতভাৱে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে নিজৰ প্ৰথম তিনিখন মেচৰ কেউখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বহুপ্ৰত্যাশিত ‘পিংক প্ৰমিছ’ মেচখন খেলিব৷ মেচখনক লৈ দলটো আত্মবিশ্বাসী বুলি কালি সংবাদমেলত ব্যক্ত কৰে ৰয়েলছৰ সদস্য তথা টীম ইণ্ডিয়াৰ স্পীনাৰ য়ুজবেন্দ্ৰ চাহলে৷

আজিৰ হাইভ’ল্টেজ মেচখনত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ। আজি আইপিএলৰ ১৯নম্বৰ মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংলাগলুৰু। এতিয়ালৈকে এইবাৰৰ আইপিএলত অপৰাজিত হৈ আছে ৰাজস্থান ৰয়েলছ। আনহাতে চাৰিখন মেচ খেলি মাত্ৰ এখন মেচত জয়ী হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।

আজি ৰাজস্থান ৰয়েলছৰ হৈ ফিল্ডত দেখা যাব অসম সন্তান ৰিয়ান পৰাগক৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ হৈ বৰ্তমানলৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে ৰিয়ান পৰাগে। দুটাকৈ অৰ্ধশতকেৰে ৩খন মেচত ১৮১ ৰাণ সংগ্ৰহ কৰিছে ৰিয়ানে। আনহাতে বিৰাট কোহলীৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আজি। বৰ্তমানলৈ বিৰাট কোহলীয়ে দুটা অৰ্ধ শতকেৰে ২০৩ ৰাণ সংগ্ৰহ কৰিছে। আইপিএলৰ অৰেঞ্জ কেপৰ দৌৰত প্ৰথম স্থানত আছে বিৰাট কোহলী আনহাতে  দ্বিতীয় স্থানত আছে অসম সন্তান ৰিয়ান পৰাগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ