--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত চৰ্চা লাভ কৰিছে শ্ৰীলংকাৰ এগৰাকী উদীয়মান মিডিয়াম ফাষ্ট বলাৰে৷ তেওঁৰ বলিং একচনলৈ লক্ষ্য কৰি ‘বেবী মালিংগা’ আখ্যাও দিয়া হৈছে৷ আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ বিজয়ৰ মূলতে হৈছে এইগৰাকী বেবী মালিংগা৷

নাম তেওঁৰ মাথীছা পাথিৰানা৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ ৪ অভাৰত মাত্ৰ ১৫ ৰান দি তিনিটাকৈ উইকেট দখল কৰে।  ১২ ডট বলো দিবলৈ সক্ষম হয় মাথীছাই৷

পাথিৰানা এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ। ২০২২ চনত আই পি এলত অভিষেক ঘটোৱা ২০ বছৰীয়া বলাৰগৰাকীক প্ৰাক্তন কিংবদন্তি লাসীথ মালিংগাৰ সৈতে তুলনা কৰা হয়।

২০২১ চনৰ পৰা তেওঁ শ্ৰীলংকান টি২০ লীগত খেলি আহিছে৷ ২০২০ চনৰ ১৯ ​​বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপতো শ্ৰীলংকাৰ দলৰ অংশ আছিল। ২০২২ চনৰ জানুৱাৰী মাহত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা ২০২২ চনৰ আই চি চি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ বাবে শ্ৰীলংকাৰ দলত স্থান লাভ কৰে।

২০২২ চনৰ এপ্ৰিল মাহত চি এছ কেয়ে তেওঁক আই পি এলৰ বাবে এডাম মিলনেৰ সলনি চুক্তিবদ্ধ কৰে। ২০২৩ চনৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে তেওঁ এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় দুয়োটা দলতে স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে