--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত চৰ্চা লাভ কৰিছে শ্ৰীলংকাৰ এগৰাকী উদীয়মান মিডিয়াম ফাষ্ট বলাৰে৷ তেওঁৰ বলিং একচনলৈ লক্ষ্য কৰি ‘বেবী মালিংগা’ আখ্যাও দিয়া হৈছে৷ আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ বিজয়ৰ মূলতে হৈছে এইগৰাকী বেবী মালিংগা৷

নাম তেওঁৰ মাথীছা পাথিৰানা৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ ৪ অভাৰত মাত্ৰ ১৫ ৰান দি তিনিটাকৈ উইকেট দখল কৰে।  ১২ ডট বলো দিবলৈ সক্ষম হয় মাথীছাই৷

পাথিৰানা এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ। ২০২২ চনত আই পি এলত অভিষেক ঘটোৱা ২০ বছৰীয়া বলাৰগৰাকীক প্ৰাক্তন কিংবদন্তি লাসীথ মালিংগাৰ সৈতে তুলনা কৰা হয়।

২০২১ চনৰ পৰা তেওঁ শ্ৰীলংকান টি২০ লীগত খেলি আহিছে৷ ২০২০ চনৰ ১৯ ​​বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপতো শ্ৰীলংকাৰ দলৰ অংশ আছিল। ২০২২ চনৰ জানুৱাৰী মাহত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা ২০২২ চনৰ আই চি চি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ বাবে শ্ৰীলংকাৰ দলত স্থান লাভ কৰে।

২০২২ চনৰ এপ্ৰিল মাহত চি এছ কেয়ে তেওঁক আই পি এলৰ বাবে এডাম মিলনেৰ সলনি চুক্তিবদ্ধ কৰে। ২০২৩ চনৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে তেওঁ এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় দুয়োটা দলতে স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ