--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছন্দ হেৰাল ৰোহিত শৰ্মাৰ৷ শেহতীয়াকৈ আইপিএলত পঞ্জাৱ কিংছৰপিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধেও কোনো ৰান নোহোৱাকৈ আউট হয় মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকী। আজি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত নামি শূণ্য ৰাণত আউট হৈয়েই তেওঁ আই পি এলত লজ্জাজনক অভিলেখ গঢ়ে৷

শনিবাৰে চেন্নাইৰ বিৰুদ্ধে কোনো ৰান কৰিব নোৱাৰিলে তেওঁ।  ইয়াৰ লগে লগে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে আই পি এলত ১৬ বাৰৰ বাবে কোনো ৰাণ নকৰাকৈয়ে আউট হয়।

তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহি তিনিটা বল খেলাৰ পাছতে তেওঁ খালী হাতেৰে ড্ৰেছিং ৰুমলৈ উভতি যাব লগা হয়। এই পৰ্যন্ত চলিত আই পি এলত ১০খন মেচত মাত্ৰ ১৮৪ ৰান সংগ্ৰহ কৰিছে ৰোহিতে।  অৰ্জন কৰিছে মাত্ৰ এটা অৰ্ধশতক।

এতিয়ালৈকে আইপিএলত শূন্য ৰাণত আউট হোৱাৰ অভিলেখ আছিল তিনিজন ক্ৰিকেটাৰ। তেওঁলোক হৈছে- সুনীল নাৰিন, দীনেশ কাৰ্তিক আৰু মনদ্বীপ সিং। আই পি এলত ১৫ বাৰ শূন্য ৰাণত আউট হৈছে এওঁলোক৷ শনিবাৰে তেওঁলোকক অতিক্ৰম কৰিলে ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ