--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুৱেইটৰ পিছত, এইবাৰ পাকিস্তান। ইমৰান খানে নূপুৰ শৰ্মা হজৰত মহম্মদৰ ওপৰত কৰা বিতৰ্ক মন্তব্য কৰা পাছতে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে। একে সময়তে, তেওঁ পাকিস্তান চৰকাৰক নতুন দিল্লীৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ পৰামৰ্শ দিয়ে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ পয়গম্বৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে। 

ইছলামাবাদত এখন উকীল সন্মিলনত ভাষণ দি তেওঁ পয়গম্বৰ বিতৰ্কৰ বাবে নতুন দিল্লীৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পাকিস্তানৰ জনসাধাৰণক ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈও আহ্বান জনাইছিল। তেহৰিক-ই-ইনচাফ দলৰ মুৰব্বীয়ে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰক সমালোচনা কৰাৰ লগতে তেওঁ শ্বাহবাজৰ চৰকাৰক আমদানি কৃত চৰকাৰ বুলি অভিহিত কৰিছিল।

"মোদী চৰকাৰে ইচ্ছাকৃতভাৱে ভাৰতত বাস কৰা মুছলমানসকলৰ সৈতে উচতনিমূলক আৰু ঘৃণাৰ ৰাজনীতি কৰি আছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছলামিক সহযোগিতা সংগঠনক ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইতিমধ্যে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতক সমালোচনা কৰিছে। 

এক টুইটযোগে তেওঁ কয়, "পয়গম্বৰ সম্পৰ্কে ভাৰতৰ বিজেপি নেতাৰ ক্ষতিকাৰক মন্তব্যক তীব্ৰ গৰিহণা দিছো। নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতত ধৰ্মীয় স্বাধীনতাক পদদলিত কৰা হৈছে। নিপীড়িতসকল হৈছে ইছলামৰ লোক। বিশ্বই প্ৰতিবাদ কৰা উচিত।" ইছলামাবাদে অনুভৱ কৰে যে এই মন্তব্যই কেৱল পাকিস্তানৰ জনসাধাৰণেই নহয়, মুছলমানসকলৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ