--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰশস্ত হোৱা নাই বাদশ্বাহ তনয়ৰ মুক্তিৰ বাট। এনচিবিৰ জালত পৰি ছটফটাই থকা বাদশ্বাহ তনয় আৰিয়ানক ন্যায়িক জিম্মাৰ পৰা মোকলাবলৈ সকলোধৰণৰ চেষ্টা কৰি থকা হৈছে যদিও এতিয়াও বাদশ্বাহ শিবিৰে সকাহ লাভৰ কোনো আশা দেখা নাই। বুধবাৰেও আৰিয়ানৰ জামিনক লৈ আদালতত চলিল যু্ক্তিযুদ্ধ। আৰিয়ানৰ অধিবক্তাই তেওঁৰ জামিনৰ বাবে কৰা আবেদনৰ শুনানিৰ সময়ত আৰিয়ানৰ বিৰুদ্ধে ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনচিবি-এ। এনচিবি-এ আদালতত প্ৰকাশ কৰে যে, বলীউডৰ বাদশ্বাহৰ পুত্ৰ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত আছিল। তেওঁ ড্ৰাগছ ক্ৰয় কৰা আৰু বিতৰণত জড়িত আছিল।

তেওঁৰ হোৱাটএছএপ চাটৰ পৰা এই তথ্য এনচিবি-এ লাভ কৰিছে বুলি আদালতত সদৰী কৰিছে। ইফালে, আৰিয়ানৰ অধিবক্তাই তেওঁৰ নিৰ্দোষিতাৰ দাবী কৰে আদালতত। প্ৰমোদ তৰীৰ ড্ৰাগছ পাৰ্টীত এনচিবি-এ অভিযান চলোৱাৰ সময়ত আৰিয়ান উপস্থিত নাছিল বুলিও তাৰকাপুত্ৰৰ অধিবক্তাই দাবী কৰিছে। ইফালে, তেওঁৰ হাতত ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাছিল আৰু তেওঁৰ হাতত ড্ৰাগছ নাছিল বুলিও আদালতক জনায় অধিবক্তাই। বুধবাৰে বিয়লিৰ ভাগত আৰম্ভ হোৱা আৰিয়ানৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰলৈ পিছুৱাই দিয়ে আদালতে। গতিকে আৰিয়ানৰ ঠিকনা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰেই হৈ ৰৈছে।

বিগত শুকুৰবাৰৰ পৰাই তেওঁ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীতে সময় অতিবাহিত কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, আৰিয়ানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্কত আছিল বুলিও বিস্ফোৰক অভিযোগ আনিছে। এনচিবিৰ অভিযোগ অনুসৰি তেওঁ হোৱাটছএপৰ পৰা লাভ কৰা তথ্যৰপৰা এইকথা জানিব পৰা গৈছে যে তেওঁ বৃহৎ পৰিমাণৰ ‘হাৰ্ড ড্ৰাগছ’ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰবৰাহকাৰীৰে যোগাযোগ কৰিছিল। অৱশ্যে এই ষড়যন্ত্ৰত তেওঁৰ কি ভূমিকা আছিল সেয়া স্পষ্ট কৰিবলৈ তদন্ত প্ৰক্ৰিয়া বাকী থকা বুলিও এজেন্সিটোৱে সদৰী কৰে।

২ অক্টোবৰত এনচিবিৰ জালত পৰা আঠোজনেই ইজনে সিজনৰ সৈতে সম্পৰ্কিত আছিল আৰু তেওঁলোকৰ এজনক সকলোৰে পৰা পৃথক বুলি মানি ল’ব নোৱাৰি বুলি এজেন্সিটোৱে আদালতক জনায়। এনচিবিৰ এনে কঠোৰ ভূমিকাই আৰিয়ান খানৰ জামিনৰ পথ কঠিন কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে। তেতিয়া হয়তো মু্ম্বাইৰ আৰ্থান ৰোড কাৰাগাৰৰ অন্ধকাৰ কুঠৰীতেই দীঘলীয়া কাল কটাবলগীয়া হ’ব বাদশ্বাহ তনয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা