--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰশস্ত হোৱা নাই বাদশ্বাহ তনয়ৰ মুক্তিৰ বাট। এনচিবিৰ জালত পৰি ছটফটাই থকা বাদশ্বাহ তনয় আৰিয়ানক ন্যায়িক জিম্মাৰ পৰা মোকলাবলৈ সকলোধৰণৰ চেষ্টা কৰি থকা হৈছে যদিও এতিয়াও বাদশ্বাহ শিবিৰে সকাহ লাভৰ কোনো আশা দেখা নাই। বুধবাৰেও আৰিয়ানৰ জামিনক লৈ আদালতত চলিল যু্ক্তিযুদ্ধ। আৰিয়ানৰ অধিবক্তাই তেওঁৰ জামিনৰ বাবে কৰা আবেদনৰ শুনানিৰ সময়ত আৰিয়ানৰ বিৰুদ্ধে ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনচিবি-এ। এনচিবি-এ আদালতত প্ৰকাশ কৰে যে, বলীউডৰ বাদশ্বাহৰ পুত্ৰ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত আছিল। তেওঁ ড্ৰাগছ ক্ৰয় কৰা আৰু বিতৰণত জড়িত আছিল।

তেওঁৰ হোৱাটএছএপ চাটৰ পৰা এই তথ্য এনচিবি-এ লাভ কৰিছে বুলি আদালতত সদৰী কৰিছে। ইফালে, আৰিয়ানৰ অধিবক্তাই তেওঁৰ নিৰ্দোষিতাৰ দাবী কৰে আদালতত। প্ৰমোদ তৰীৰ ড্ৰাগছ পাৰ্টীত এনচিবি-এ অভিযান চলোৱাৰ সময়ত আৰিয়ান উপস্থিত নাছিল বুলিও তাৰকাপুত্ৰৰ অধিবক্তাই দাবী কৰিছে। ইফালে, তেওঁৰ হাতত ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাছিল আৰু তেওঁৰ হাতত ড্ৰাগছ নাছিল বুলিও আদালতক জনায় অধিবক্তাই। বুধবাৰে বিয়লিৰ ভাগত আৰম্ভ হোৱা আৰিয়ানৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰলৈ পিছুৱাই দিয়ে আদালতে। গতিকে আৰিয়ানৰ ঠিকনা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰেই হৈ ৰৈছে।

বিগত শুকুৰবাৰৰ পৰাই তেওঁ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীতে সময় অতিবাহিত কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, আৰিয়ানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্কত আছিল বুলিও বিস্ফোৰক অভিযোগ আনিছে। এনচিবিৰ অভিযোগ অনুসৰি তেওঁ হোৱাটছএপৰ পৰা লাভ কৰা তথ্যৰপৰা এইকথা জানিব পৰা গৈছে যে তেওঁ বৃহৎ পৰিমাণৰ ‘হাৰ্ড ড্ৰাগছ’ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰবৰাহকাৰীৰে যোগাযোগ কৰিছিল। অৱশ্যে এই ষড়যন্ত্ৰত তেওঁৰ কি ভূমিকা আছিল সেয়া স্পষ্ট কৰিবলৈ তদন্ত প্ৰক্ৰিয়া বাকী থকা বুলিও এজেন্সিটোৱে সদৰী কৰে।

২ অক্টোবৰত এনচিবিৰ জালত পৰা আঠোজনেই ইজনে সিজনৰ সৈতে সম্পৰ্কিত আছিল আৰু তেওঁলোকৰ এজনক সকলোৰে পৰা পৃথক বুলি মানি ল’ব নোৱাৰি বুলি এজেন্সিটোৱে আদালতক জনায়। এনচিবিৰ এনে কঠোৰ ভূমিকাই আৰিয়ান খানৰ জামিনৰ পথ কঠিন কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে। তেতিয়া হয়তো মু্ম্বাইৰ আৰ্থান ৰোড কাৰাগাৰৰ অন্ধকাৰ কুঠৰীতেই দীঘলীয়া কাল কটাবলগীয়া হ’ব বাদশ্বাহ তনয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক