--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ৰাজ্যলৈ আহিছে এক সুখবৰ। মেঘালয়ৰ পৰিৱেশ মন্ত্ৰীলৈ PETA Indiaৰ বিশেষ সন্মান। মেঘালয়ৰ পৰিৱেশ মন্ত্ৰী জেমছ কে চাংমাই ‘ভেগান চামৰা’ প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ বাবে People for the Ethical Treatment of Animals (PETA) ইণ্ডিয়াই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। PETAৰ স্বেচ্ছাসেৱকসকলে শীঘ্ৰেই মেঘালয়ৰ মন্ত্ৰীজনক এই বঁটা প্ৰদান কৰিব।

জেমছ কে চাংমাই ঘোষণা কৰিছিল যে “মেঘালয় চৰকাৰে পাহাৰীয়া ৰাজ্যখনত যথেষ্ট পৰিমাণে উৎপাদন হোৱা আনাৰস ব্যৱহাৰ কৰি চামৰা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে। ভেগান আনাৰস-চামৰা উৎপাদনত মনোযোগ দিলে স্থানীয় কৃষকসকলক সহায় কৰাৰ এক সঠিক পৰিকল্পনা কৰাৰ লগতে ই জীৱ-জন্তু আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰটো সবল পদক্ষেপ হ’ব।”

PETA ইণ্ডিয়াই পৰিৱেশ মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিব বুলি বিবেচনা কৰি তেওঁক ‘প্ৰগতিশীল ব্যৱসায় ধাৰণা বঁটা’ প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা