--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মমতাৰ বংগত নাভুত-নাশ্ৰুত ঘটনা। মা দুৰ্গাৰ স্থান ল’লে খুদ মুখ্যমন্ত্ৰীয়ে। প্ৰতীকী অৰ্থত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দশভূজাৰ স্থান লৈছে। মা দুৰ্গাৰ সৈতে চকুত পৰা নাই লক্ষ্মী-সৰস্বতী-কাৰ্তিক কিম্বা গণেশক। আনকি দেৱীৰ বাহন সিংহকো দু্ৰ্গাৰ ওচৰত দেখা পোৱা নাই। মমতাৰ প্ৰতিমূৰ্তিৰ কাষত আৰু দুটা মূৰ্তি। কন্যাশ্ৰী, যুৱশ্ৰী বা শিক্ষাশ্ৰীৰ দৰে কেইবাটাও চৰকাৰী আঁচনিৰ প্লে’ কাৰ্ড হাতত লৈ দশভূজাৰূপী মমতা। মালদাৰ হৰিশ্চন্দ্ৰপুৰত স্থানীয় লোকসকলে এনে এক অভিনৱ থীম লৈ পালন কৰিছে দুৰ্গোত্‍সৱ।

তৃণমূল কৰ্মী আৰু সমৰ্থক সকলে মমতাক দশভূজাৰ ৰূপত পূজা কৰাৰ উপৰিও, সমগ্ৰ পূজা মণ্ডপত তেওঁৰ বিভিন্ন ৰূপৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। ফুটবল আকৃতিৰ পূজামণ্ডপত হুইল চেয়াৰত বহি আছে মমতা। আছে 'ত্ৰিপুৰায় খেলা হবে'ৰ বাৰ্তাও। উল্লেখ্য যে, তৃণমূলৰ জিলা সাধাৰণ সম্পাদক বুলবুল খানৰ নেতৃত্বত গণেশপূজাৰ সময়তো অভিনৱ আয়োজন কৰা হৈছিল। সেই পূজাৰ মণ্ডপতো গণেশক কোলাত লৈ থকা অৱস্থাত মমতাক দুৰ্গাৰ ৰূপ দিয়া হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তিক্ত বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছিল।

এইবাৰ দুৰ্গাপূজাতো মমতা বন্দনাত মুখৰ বুলবুল। তেওঁ কয়, ‘কৰ’না মহামাৰীৰ সময়ত বংগৰ লোকসকলে কষ্টত ভুগিবলগীয়া হোৱা নাছিল মমতাৰ বাবেই। ৰেচনত বিনামূলীয়া খাদ্য সামগ্ৰী হওঁক বা কন্যাশ্ৰীকে ধৰি বিভিন্ন জনমুখী আঁচনিই হওঁক, সাধাৰণ নাগৰিকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বংগৰ মমতাই। পশ্চিম বংগৰ খেল শেষ হৈছে। এইবাৰ আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ মুখ্যমন্ত্ৰীক বিচাৰিছো। যাতে দেশৰ প্ৰতিজন নাগৰিকে এই আঁচনিবোৰৰ জৰিয়তে লাভান্বিত হ'ব পাৰে। মমতা বেনাৰ্জী আমাৰ পূজা মণ্ডপত দশভূজাৰ ৰূপত আছে। একে সময়তে কন্যাশ্ৰী, ৰূপশ্ৰী, লক্ষ্মীৰ ভাণ্ডাৰ, যুৱশ্ৰী, খাদ্য সাথী আদি প্ৰকল্পৰ ওপৰতো আলোকপাত কৰা হৈছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক