--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মমতাৰ বংগত নাভুত-নাশ্ৰুত ঘটনা। মা দুৰ্গাৰ স্থান ল’লে খুদ মুখ্যমন্ত্ৰীয়ে। প্ৰতীকী অৰ্থত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দশভূজাৰ স্থান লৈছে। মা দুৰ্গাৰ সৈতে চকুত পৰা নাই লক্ষ্মী-সৰস্বতী-কাৰ্তিক কিম্বা গণেশক। আনকি দেৱীৰ বাহন সিংহকো দু্ৰ্গাৰ ওচৰত দেখা পোৱা নাই। মমতাৰ প্ৰতিমূৰ্তিৰ কাষত আৰু দুটা মূৰ্তি। কন্যাশ্ৰী, যুৱশ্ৰী বা শিক্ষাশ্ৰীৰ দৰে কেইবাটাও চৰকাৰী আঁচনিৰ প্লে’ কাৰ্ড হাতত লৈ দশভূজাৰূপী মমতা। মালদাৰ হৰিশ্চন্দ্ৰপুৰত স্থানীয় লোকসকলে এনে এক অভিনৱ থীম লৈ পালন কৰিছে দুৰ্গোত্‍সৱ।

তৃণমূল কৰ্মী আৰু সমৰ্থক সকলে মমতাক দশভূজাৰ ৰূপত পূজা কৰাৰ উপৰিও, সমগ্ৰ পূজা মণ্ডপত তেওঁৰ বিভিন্ন ৰূপৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। ফুটবল আকৃতিৰ পূজামণ্ডপত হুইল চেয়াৰত বহি আছে মমতা। আছে 'ত্ৰিপুৰায় খেলা হবে'ৰ বাৰ্তাও। উল্লেখ্য যে, তৃণমূলৰ জিলা সাধাৰণ সম্পাদক বুলবুল খানৰ নেতৃত্বত গণেশপূজাৰ সময়তো অভিনৱ আয়োজন কৰা হৈছিল। সেই পূজাৰ মণ্ডপতো গণেশক কোলাত লৈ থকা অৱস্থাত মমতাক দুৰ্গাৰ ৰূপ দিয়া হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তিক্ত বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছিল।

এইবাৰ দুৰ্গাপূজাতো মমতা বন্দনাত মুখৰ বুলবুল। তেওঁ কয়, ‘কৰ’না মহামাৰীৰ সময়ত বংগৰ লোকসকলে কষ্টত ভুগিবলগীয়া হোৱা নাছিল মমতাৰ বাবেই। ৰেচনত বিনামূলীয়া খাদ্য সামগ্ৰী হওঁক বা কন্যাশ্ৰীকে ধৰি বিভিন্ন জনমুখী আঁচনিই হওঁক, সাধাৰণ নাগৰিকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বংগৰ মমতাই। পশ্চিম বংগৰ খেল শেষ হৈছে। এইবাৰ আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ মুখ্যমন্ত্ৰীক বিচাৰিছো। যাতে দেশৰ প্ৰতিজন নাগৰিকে এই আঁচনিবোৰৰ জৰিয়তে লাভান্বিত হ'ব পাৰে। মমতা বেনাৰ্জী আমাৰ পূজা মণ্ডপত দশভূজাৰ ৰূপত আছে। একে সময়তে কন্যাশ্ৰী, ৰূপশ্ৰী, লক্ষ্মীৰ ভাণ্ডাৰ, যুৱশ্ৰী, খাদ্য সাথী আদি প্ৰকল্পৰ ওপৰতো আলোকপাত কৰা হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ