--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সাম কটা নাই আৰিয়ান প্ৰসংগৰ আলোড়ন…! নিতৌ উন্মোচিত হৈছে ন-ন তথ্য। ইফালে আদালতত চলি আছে জামিন বিভ্ৰাত। বাৰে বাৰে খাৰিজ হৈছে আৰিয়ানৰ জামিন আবেদন। প্ৰমোদতৰীৰ ড্ৰাগছৰ গোচৰত অভিযুক্ত শ্বাহৰূখ পুত্ৰ আৰিয়ান ক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা সৰব হৈ পৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী অৰ্থাৎ এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক। আৰিয়ানক ভুৱা অভিযোগেৰে কৰায়ত্ত কৰা বুলি বাৰম্বাৰ দাবী জনাই আহিছে নৱাব মালিকে। কেৱল সেয়াই নহয় এনচিবি বিষয়া সমীৰ ৱানখেডেই এই দুষ্কাৰ্যৰ বাবে চাকৰি হেৰুৱাব লাগিব বুলিও সতৰ্কবাণী নৱাব মালিকৰ।

এনে বাত-বিতণ্ডাৰ মাজতে নৱাব মালিকৰ ভয়ংকৰ বিস্ফোৰণ। এনচিবি বিষয়া সমীৰ ৱানখেডেই চাকৰি পাবলৈকে কাগজে-কলমে হিন্দুৰ বেশ ধৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। মহাৰাষ্ট্ৰৰ উন্নয়ন মন্ত্ৰী নৱাব মালিকে টুইটাৰত সমীৰ ৱানখেডেৰ বিবাহৰ ফটো পোষ্ট কৰি এই অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, শ্বাহৰুখ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত নায়ক হৈ পৰিছিল সমীৰ। কিন্তু সমীৰৰ এই যাত্ৰা দীঘলীয়া নহ’ল। নায়কৰ পৰিৱৰ্তে একপ্ৰকাৰ খলনায়কত পৰিণত হ’বলৈ গৈছে সমীৰ ৱানখেডে।

ড্ৰাগৰ গোচৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত সমীৰে কেইবাটাও অভিযোগৰ সন্মুখীন হৈছে। অধিক সৰব হৈ পৰিছে নৱাব মালিক। শেহতীয়াকৈ সমীৰৰ বিবাহৰ প্ৰামাণিক সত্য পোহৰলৈ অনা বুলিও দাবী নৱাব মালিকৰ। টুইটযোগে সমীৰৰ বিবাহৰ ফটোৰ শিৰোনামত এনচিপিৰ নেতাজনে লিখিছে, ‘এহাল সুন্দৰ দম্পতীৰ ছবি। সমীৰ ডাউড ৱানখেডে আৰু চিকিৎসক ছাৱনা কুৰেছী।’ সম্প্ৰতি এই ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইফালে শ্বাহৰূখ পুত্ৰক মুকলি কৰি দিয়াৰ বিনিময়ত এনচিবিৰ বিষয়া সমীৰৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগো উত্থাপিত হৈছে। সমীৰৰ বিৰুদ্ধে তদন্তৰো নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ইফালে আজি মুম্বাই উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন শুনানি। ২ অক্টোবৰত প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা ড্ৰাগছৰ গোচৰত আৰিয়ানকে ধৰি ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। স্মৰ্তব্য যে, আৰিয়ানৰ গ্ৰেপ্তাৰ পাছতে পোহৰলৈ আহিছিল বলীউডৰ কেতবোৰ গোপন তথ্য।আৰিয়ানেই দিছে ইয়াৰ সম্ভেদ। অৱশ্যে,আৰক্ষীৰ জেৰাত অতীতত কৰি অহা ভুল দুনাই নকৰো বুলি আৰিয়ানে বজ্ৰকঠোৰ প্ৰতিজ্ঞা কৰিলেও মন গলাব পৰা নাই আদালতৰ। কাৰাগাৰাৰ বন্ধ কুঠৰীত পুত্ৰৰ সমান্তৰালকৈ ‘মন্নত’ৰ পৰাই ভাল দিনলৈ বাট চাইছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন