--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সাম কটা নাই আৰিয়ান প্ৰসংগৰ আলোড়ন…! নিতৌ উন্মোচিত হৈছে ন-ন তথ্য। ইফালে আদালতত চলি আছে জামিন বিভ্ৰাত। বাৰে বাৰে খাৰিজ হৈছে আৰিয়ানৰ জামিন আবেদন। প্ৰমোদতৰীৰ ড্ৰাগছৰ গোচৰত অভিযুক্ত শ্বাহৰূখ পুত্ৰ আৰিয়ান ক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা সৰব হৈ পৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী অৰ্থাৎ এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক। আৰিয়ানক ভুৱা অভিযোগেৰে কৰায়ত্ত কৰা বুলি বাৰম্বাৰ দাবী জনাই আহিছে নৱাব মালিকে। কেৱল সেয়াই নহয় এনচিবি বিষয়া সমীৰ ৱানখেডেই এই দুষ্কাৰ্যৰ বাবে চাকৰি হেৰুৱাব লাগিব বুলিও সতৰ্কবাণী নৱাব মালিকৰ।

এনে বাত-বিতণ্ডাৰ মাজতে নৱাব মালিকৰ ভয়ংকৰ বিস্ফোৰণ। এনচিবি বিষয়া সমীৰ ৱানখেডেই চাকৰি পাবলৈকে কাগজে-কলমে হিন্দুৰ বেশ ধৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। মহাৰাষ্ট্ৰৰ উন্নয়ন মন্ত্ৰী নৱাব মালিকে টুইটাৰত সমীৰ ৱানখেডেৰ বিবাহৰ ফটো পোষ্ট কৰি এই অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, শ্বাহৰুখ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত নায়ক হৈ পৰিছিল সমীৰ। কিন্তু সমীৰৰ এই যাত্ৰা দীঘলীয়া নহ’ল। নায়কৰ পৰিৱৰ্তে একপ্ৰকাৰ খলনায়কত পৰিণত হ’বলৈ গৈছে সমীৰ ৱানখেডে।

ড্ৰাগৰ গোচৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত সমীৰে কেইবাটাও অভিযোগৰ সন্মুখীন হৈছে। অধিক সৰব হৈ পৰিছে নৱাব মালিক। শেহতীয়াকৈ সমীৰৰ বিবাহৰ প্ৰামাণিক সত্য পোহৰলৈ অনা বুলিও দাবী নৱাব মালিকৰ। টুইটযোগে সমীৰৰ বিবাহৰ ফটোৰ শিৰোনামত এনচিপিৰ নেতাজনে লিখিছে, ‘এহাল সুন্দৰ দম্পতীৰ ছবি। সমীৰ ডাউড ৱানখেডে আৰু চিকিৎসক ছাৱনা কুৰেছী।’ সম্প্ৰতি এই ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইফালে শ্বাহৰূখ পুত্ৰক মুকলি কৰি দিয়াৰ বিনিময়ত এনচিবিৰ বিষয়া সমীৰৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগো উত্থাপিত হৈছে। সমীৰৰ বিৰুদ্ধে তদন্তৰো নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ইফালে আজি মুম্বাই উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন শুনানি। ২ অক্টোবৰত প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা ড্ৰাগছৰ গোচৰত আৰিয়ানকে ধৰি ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। স্মৰ্তব্য যে, আৰিয়ানৰ গ্ৰেপ্তাৰ পাছতে পোহৰলৈ আহিছিল বলীউডৰ কেতবোৰ গোপন তথ্য।আৰিয়ানেই দিছে ইয়াৰ সম্ভেদ। অৱশ্যে,আৰক্ষীৰ জেৰাত অতীতত কৰি অহা ভুল দুনাই নকৰো বুলি আৰিয়ানে বজ্ৰকঠোৰ প্ৰতিজ্ঞা কৰিলেও মন গলাব পৰা নাই আদালতৰ। কাৰাগাৰাৰ বন্ধ কুঠৰীত পুত্ৰৰ সমান্তৰালকৈ ‘মন্নত’ৰ পৰাই ভাল দিনলৈ বাট চাইছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক