--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশীত ধনতেৰাছ উৎসৱ উদযাপন কৰা হয়। এই বছৰ ধনতেৰাছ ২ নৱেম্বৰত আছে। প্ৰচলিত প্ৰবাদ অনুসৰি দেৱতা ধন্বন্তৰী এই দিনটোত সাগৰ মন্থনৰ সময়ত হাতত অমৃতৰ ভাণ্ডাৰ লৈ উপস্থিত হৈছিল৷ ধন্বন্তৰী দেৱতাসকলৰ চিকিৎসক৷ সেইকাৰণে ধন্বন্তৰী দেৱতাক ধনতেৰাছৰ দিনা সুস্বাস্থ্য আৰু শৰীৰ ৰোগমুক্ত ৰাখিবলৈ পূজা কৰা হয়। এই দিনটোক কুবেৰৰ দিন হিচাপেও গণ্য কৰা হয় আৰু কুবেৰক সম্পদৰ বাবে পূজা কৰা হয়।

ধনতেৰাছৰ দিনটোত, মানুহে মূল্যৱান ধাতু আৰু নতুন বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰে। গোটেই বছৰটোত আপোনাৰ ঘৰখনত যাতে ধনৰ অভাৱ নহয় তাৰ বাবে ধনতেৰাছৰ দিনটোত এক বিশেষ ব্যৱস্থা লওক। ধন,টকা-পইচা বৃদ্ধিৰ হ'বৰ বাবে ধনতেৰাছৰ দিনা ৰূপ ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

ৰূপৰ এবিধ সামগ্ৰী

আৰু পঢ়কঃ জুৱাত আসক্ত পত্নীয়ে অপহৰণৰ নাটক ৰচি পতিৰ পৰা সৰকালে ৫ লাখ টকা! তাৰপাছত?

এই দিনটোত একেবাৰে সৰুকৈ হ'লেও ৰূপৰ কিবা এবিধ সামগ্ৰী কিনিব। এই ৰূপৰ সামগ্ৰী ঘৰৰ উপাসনা গৃহত ৰাখক। দীপাৱলীৰ দিনা মা দেৱী লক্ষ্মীক এই সামগ্ৰী আগবঢ়াওক। দীপাৱলীৰ পিছদিনা এটা চাউলভৰ্তি পাত্ৰত ইয়াক ৰাখক আৰু ইয়াক এবছৰৰ বাবে তেনেকৈয়ে থাকিবলৈ দিয়ক।এনে কৰাৰ ফলত ঘৰখনত কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে বুলি বিশ্বাস কৰা হয়। অন্তৰত বিশ্বাস ৰাখি এনে কৰিলে ঘৰখনত টক-পইচাৰ নাটনিয়ে দেখা নিদিয়ে বুলি বহু লোকেই বিশ্বাস কৰি আহিছে। উল্লেখ্য যে ধনতেৰাছ এই বছৰৰ ২ নৱেম্বৰ, মঙলবাৰে উদযাপন কৰা হ'ব। ধনতেৰাছত পূজাৰ পৱিত্ৰ অনুষ্ঠান ২ নৱেম্বৰৰ সন্ধিয়া ৬.১৮ বজাৰ পৰা সন্ধিয়া ৮.১৪ বজালৈ হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক