--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ মৃত্যুৱে কিৰিলি পাৰি হাঁহিলে ৰাজপথত। পুনৰ পথৰ ওপৰত বিভীষিকা সৃষ্টি কৰিলে তীব্ৰবেগী অনিয়ন্ত্ৰিত গতিবেগৰ গাড়ীয়ে। এইবাৰ এই ঘটনাত নিহত হ’ল তিনিজন। ডিভাইডাৰৰ ওপৰত উঠি যোৱা এখন তীব্ৰবেগী ট্ৰাকে মহতীয়াই নিলে তিনিগৰাকী মহিলাক।


এই ঘটনা সংঘটিত হৈছে দিল্লী-হাৰিয়ানা সীমান্ত অঞ্চলত। কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, মহিলা তিনিগৰাকী পথৰ ডিভাইডাৰ বহি ৰিক্সাৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে তীব্ৰবেগী ট্ৰাকখনে তেওঁলোকক মহতীয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকৰ ড্ৰাইভাৰজনে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হয় আৰু এগৰাকীৰ মৃত্যু হয় হাস্পতালত।

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে মহিলা তিনিগৰাকী আছিল পঞ্জাৱৰ মানছা জিলাৰ। টিক্ৰী সীমান্তৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে পলাতক ট্ৰাক ড্ৰাইভাৰজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক