--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ মৃত্যুৱে কিৰিলি পাৰি হাঁহিলে ৰাজপথত। পুনৰ পথৰ ওপৰত বিভীষিকা সৃষ্টি কৰিলে তীব্ৰবেগী অনিয়ন্ত্ৰিত গতিবেগৰ গাড়ীয়ে। এইবাৰ এই ঘটনাত নিহত হ’ল তিনিজন। ডিভাইডাৰৰ ওপৰত উঠি যোৱা এখন তীব্ৰবেগী ট্ৰাকে মহতীয়াই নিলে তিনিগৰাকী মহিলাক।


এই ঘটনা সংঘটিত হৈছে দিল্লী-হাৰিয়ানা সীমান্ত অঞ্চলত। কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, মহিলা তিনিগৰাকী পথৰ ডিভাইডাৰ বহি ৰিক্সাৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে তীব্ৰবেগী ট্ৰাকখনে তেওঁলোকক মহতীয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকৰ ড্ৰাইভাৰজনে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হয় আৰু এগৰাকীৰ মৃত্যু হয় হাস্পতালত।

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে মহিলা তিনিগৰাকী আছিল পঞ্জাৱৰ মানছা জিলাৰ। টিক্ৰী সীমান্তৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে পলাতক ট্ৰাক ড্ৰাইভাৰজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন