--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিডনীৰ পাথৰ উলিয়াবলৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ৰোগী। পিছে দায়িত্বহীন, বেপৰোৱা চিকিৎসকে যি কাণ্ড কৰিলে সেই কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ কিডনীয়েই উলিয়াই পেলালে অভযুক্ত চিকিৎসকে। এই ঘটনাৰ চাৰি মাহৰ পাছতে ৰোগীজনৰ মৃত্যু হয়। ঘটনা সংঘটিত হৈছে গুজৰাটত। গুজৰাটৰ বালাছিনোৰৰ কেএমজি হাস্পতালে এই দায়িত্বহীন কাৰ্য সংঘটিত কৰিছিল। ২০১২চনত এই কাণ্ড সংঘটিত হয়। দুৰ্ভগীয়া ৰোগীজনে চাৰিমাহৰ ভিতৰতে সাবটি লয় মৃত্যুক। এতিয়া আদালতৰ এক নিৰ্দেশৰ পাছত পুনৰ এই ঘটনাই চৰ্চা লাভ কৰিছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভুক্তভোগী লোকজনৰ আত্মীয়ই মহিসাগৰ জিলাৰ বালাছিনোৰৰ কেএমজি হাস্পতালৰ বিৰুদ্ধে কাষ চাপিছিল উপভোক্ত আয়োগৰ। গুজৰাটৰ উপভোক্তা বিবাদ নিবাৰণ আয়োগে ৰোগীৰ আত্মীয়ক ১১লাখ ২৩ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ হাস্পতালখনক নিৰ্দেশ দিছে। আয়োগৰ ৰায় অনুসৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিকিৎসকৰ দায়িত্বহীনতাৰ বাবে হাস্পতালখনকে জগৰীয়া কৰা হৈছে। আয়োগে কেৱল এই গুৰুতৰ ভুলৰ বাবেই নহয়, কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেও হাস্পতালখনক জগৰীয়া কৰিছে আৰু ভুক্তভোগী লোকৰ আত্মীয়ক ২০১২চনৰ পৰা এতিয়ালৈ ৭.৫শতাংশ হাৰৰ সূদ সহিতে ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, ভুক্তভোগী লোকজন নদিয়ালৰ বাসিন্দা দেবেন্দ ভাই ৰাৱল বুলি জানিব পৰা গৈছে। লোকজনে পেচাবৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈছিল। তেওঁৰ কিডনীৰ পাথৰ উলিওৱাৰ বাবে কৰা অপাৰেচনত চিকিৎসকে কিডনীয়েই উলিয়াই পেলোৱাত তেওঁ ২০১২ চনৰ ৮ জানুৱাৰীত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক