--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিডনীৰ পাথৰ উলিয়াবলৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ৰোগী। পিছে দায়িত্বহীন, বেপৰোৱা চিকিৎসকে যি কাণ্ড কৰিলে সেই কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ কিডনীয়েই উলিয়াই পেলালে অভযুক্ত চিকিৎসকে। এই ঘটনাৰ চাৰি মাহৰ পাছতে ৰোগীজনৰ মৃত্যু হয়। ঘটনা সংঘটিত হৈছে গুজৰাটত। গুজৰাটৰ বালাছিনোৰৰ কেএমজি হাস্পতালে এই দায়িত্বহীন কাৰ্য সংঘটিত কৰিছিল। ২০১২চনত এই কাণ্ড সংঘটিত হয়। দুৰ্ভগীয়া ৰোগীজনে চাৰিমাহৰ ভিতৰতে সাবটি লয় মৃত্যুক। এতিয়া আদালতৰ এক নিৰ্দেশৰ পাছত পুনৰ এই ঘটনাই চৰ্চা লাভ কৰিছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভুক্তভোগী লোকজনৰ আত্মীয়ই মহিসাগৰ জিলাৰ বালাছিনোৰৰ কেএমজি হাস্পতালৰ বিৰুদ্ধে কাষ চাপিছিল উপভোক্ত আয়োগৰ। গুজৰাটৰ উপভোক্তা বিবাদ নিবাৰণ আয়োগে ৰোগীৰ আত্মীয়ক ১১লাখ ২৩ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ হাস্পতালখনক নিৰ্দেশ দিছে। আয়োগৰ ৰায় অনুসৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিকিৎসকৰ দায়িত্বহীনতাৰ বাবে হাস্পতালখনকে জগৰীয়া কৰা হৈছে। আয়োগে কেৱল এই গুৰুতৰ ভুলৰ বাবেই নহয়, কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেও হাস্পতালখনক জগৰীয়া কৰিছে আৰু ভুক্তভোগী লোকৰ আত্মীয়ক ২০১২চনৰ পৰা এতিয়ালৈ ৭.৫শতাংশ হাৰৰ সূদ সহিতে ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, ভুক্তভোগী লোকজন নদিয়ালৰ বাসিন্দা দেবেন্দ ভাই ৰাৱল বুলি জানিব পৰা গৈছে। লোকজনে পেচাবৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈছিল। তেওঁৰ কিডনীৰ পাথৰ উলিওৱাৰ বাবে কৰা অপাৰেচনত চিকিৎসকে কিডনীয়েই উলিয়াই পেলোৱাত তেওঁ ২০১২ চনৰ ৮ জানুৱাৰীত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়