--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশত নিৰাপত্তাহীন হৈ পৰিছে সংখ্যালঘু হিন্দুসকল। দুৰ্গা পূজাৰ সময়ত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতে বাংলাদেশত এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সংখ্যালঘু হিন্দুসকলৰ ওপৰত এতিয়া আৰম্ভ হৈছে নিৰ্বিচাৰ আক্ৰমণ। দেশখনত কমেও ৬৬টা পৰিয়ালৰ ঘৰ দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে ৩০টাৰো অধিক ঘৰত অগ্নিসংযোগ কৰিছে।

ৰাজধানী মহানগৰ ঢাকাৰ পৰা ২৫৫কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সংঘৰ্ষকাৰীৰ দলে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে যদিও পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।
বিভিন্ন ঠাইলৈ এই হিংসা বিয়পি পৰিছে আৰু তাৰ সংখ্যালঘু হিন্দু লোকসকল নিৰাপত্তাহীন হৈ পৰিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুৰ্গা পূজাৰ সময়ত হোৱাত হিংসাত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰাৰ হুংকাৰ দিছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে চৰকাৰ সক্ৰিয়তা ভূমিকাৰ কথা প্ৰতিপন্ন নকৰে। প্ৰথমে ইটোৰ পাছত সিটো মন্দিৰত আক্ৰমণৰ পাছত এতিয়া হিন্দুসকলৰ ঘৰত আক্ৰমণ সংঘটিত কৰা তথা ঘৰ জ্বলাই দিয়াৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তুলিছে। এই হিংসাত হতাহত লোকৰ প্ৰকৃত পৰিসংখ্যা এতিয়ালৈ জানিব পৰা হোৱা নাই। এই সম্পৰ্কীয় সকলো তথ্য আপোনালোকলৈ আমি শীঘ্ৰেই লৈ আহিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক