--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশত নিৰাপত্তাহীন হৈ পৰিছে সংখ্যালঘু হিন্দুসকল। দুৰ্গা পূজাৰ সময়ত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতে বাংলাদেশত এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সংখ্যালঘু হিন্দুসকলৰ ওপৰত এতিয়া আৰম্ভ হৈছে নিৰ্বিচাৰ আক্ৰমণ। দেশখনত কমেও ৬৬টা পৰিয়ালৰ ঘৰ দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে ৩০টাৰো অধিক ঘৰত অগ্নিসংযোগ কৰিছে।

ৰাজধানী মহানগৰ ঢাকাৰ পৰা ২৫৫কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সংঘৰ্ষকাৰীৰ দলে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে যদিও পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।
বিভিন্ন ঠাইলৈ এই হিংসা বিয়পি পৰিছে আৰু তাৰ সংখ্যালঘু হিন্দু লোকসকল নিৰাপত্তাহীন হৈ পৰিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুৰ্গা পূজাৰ সময়ত হোৱাত হিংসাত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰাৰ হুংকাৰ দিছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে চৰকাৰ সক্ৰিয়তা ভূমিকাৰ কথা প্ৰতিপন্ন নকৰে। প্ৰথমে ইটোৰ পাছত সিটো মন্দিৰত আক্ৰমণৰ পাছত এতিয়া হিন্দুসকলৰ ঘৰত আক্ৰমণ সংঘটিত কৰা তথা ঘৰ জ্বলাই দিয়াৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তুলিছে। এই হিংসাত হতাহত লোকৰ প্ৰকৃত পৰিসংখ্যা এতিয়ালৈ জানিব পৰা হোৱা নাই। এই সম্পৰ্কীয় সকলো তথ্য আপোনালোকলৈ আমি শীঘ্ৰেই লৈ আহিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী