--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভয়ংকৰ ষড়যন্ত্ৰ। প্ৰেমিকৰ ৰূপ লৈ থকা পৈশাচিক মনোবৃত্তিৰ যুৱকৰ হাতত পুনৰ প্ৰাণ গ’ল যুৱতীৰ। অতি নিৰ্মমভাৱে কাঢ়ি নিয়া হ’ল এটা তগবগ জীৱন। প্ৰথমে প্ৰেমিকৰূপী ঘাতকে ফোন কৰি ঘৰলৈ মাতি নিলে যুৱতীক। তাৰ পাছত সংঘটিত হ’ল শিহৰণকাৰী ঘটনা। যুৱতীগৰাকীক সাতবাৰকৈ ছুৰীৰে আঘাত কৰি থকা-সৰকা কৰি পেলালে যুৱকে। ঘটনাস্থলীয়ে মৃত্যু হ’ল দুৰ্ভগীয়া যুৱতীৰ।

এই ঘটনা সংঘটিত হৈছে দিল্লীৰ দ্বাৰকা জিলাত। সোমবাৰে নিশা দ্বাৰকাৰ বিন্দাপুৰ থানা এলেকাত এই শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমে যুৱকজনে ফোন কৰি প্ৰাক্তন প্ৰেমিকাক লগ ধৰিবলৈ ঘৰলৈ মাতি নিয়ে আৰু তাৰ পাছতে ছুৰীয়ে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰে। যুৱকজন মৃত যুৱতীগৰাকীৰ চুবুৰীয়া আৰু দুয়োৰে মাজত পূৰ্বে প্ৰেমৰ সম্পৰ্ক আছিল যদিও সেই সম্পৰ্কত ফাট মেলিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, এই ঘটনা সন্দৰ্ভত কোনেও আৰক্ষীক অৱগত কৰা নাছিল। আৰক্ষীয়ে হাস্পতালৰ পৰা এই ঘটনাৰ বিষয়ে জানিব পাৰি নিজাববীয়া গোচৰেৰে তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত যুৱকজন অংকিত গাৱা বুলি চিহ্নিত কৰিছে। এই ঘটনা সংঘটিত কৰাৰ সময়ত তেওঁৰ সৈতে হিমাংশু আৰু মনীষ নামৰ আন দুজন যুৱকো উপস্থিত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে ভুক্তভোগী যুৱতীগৰাকী ২৪বছৰীয়া ডলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ছুৰীকাঘাতৰ পাছত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত যুৱতীগৰাকীয়ে নিজেই হাস্পতালত উপস্থিত হৈছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰা সম্ভৱ নহ’ল। অতি নিষ্ঠৰভাৱে আৰু পূৰ্বৰ পৰিকল্পনা অনুসৰি যুৱতীগৰাকীৰ ওপৰত আক্ৰমণ কৰা হৈছিল আৰু তেওঁৰ দেহত সাতবাৰলৈ ছুৰীৰে আঘাত কৰা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

কিহৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে আৰু এই ঘটনা সংঘটিত কৰি অভিযু্ক্ত যুৱককেইজন ক’লৈ পলাই যাবলৈ সক্ষম হ’ল তাৰ সন্ধানৰ বাবে আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক