--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভয়ংকৰ ষড়যন্ত্ৰ। প্ৰেমিকৰ ৰূপ লৈ থকা পৈশাচিক মনোবৃত্তিৰ যুৱকৰ হাতত পুনৰ প্ৰাণ গ’ল যুৱতীৰ। অতি নিৰ্মমভাৱে কাঢ়ি নিয়া হ’ল এটা তগবগ জীৱন। প্ৰথমে প্ৰেমিকৰূপী ঘাতকে ফোন কৰি ঘৰলৈ মাতি নিলে যুৱতীক। তাৰ পাছত সংঘটিত হ’ল শিহৰণকাৰী ঘটনা। যুৱতীগৰাকীক সাতবাৰকৈ ছুৰীৰে আঘাত কৰি থকা-সৰকা কৰি পেলালে যুৱকে। ঘটনাস্থলীয়ে মৃত্যু হ’ল দুৰ্ভগীয়া যুৱতীৰ।

এই ঘটনা সংঘটিত হৈছে দিল্লীৰ দ্বাৰকা জিলাত। সোমবাৰে নিশা দ্বাৰকাৰ বিন্দাপুৰ থানা এলেকাত এই শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমে যুৱকজনে ফোন কৰি প্ৰাক্তন প্ৰেমিকাক লগ ধৰিবলৈ ঘৰলৈ মাতি নিয়ে আৰু তাৰ পাছতে ছুৰীয়ে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰে। যুৱকজন মৃত যুৱতীগৰাকীৰ চুবুৰীয়া আৰু দুয়োৰে মাজত পূৰ্বে প্ৰেমৰ সম্পৰ্ক আছিল যদিও সেই সম্পৰ্কত ফাট মেলিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, এই ঘটনা সন্দৰ্ভত কোনেও আৰক্ষীক অৱগত কৰা নাছিল। আৰক্ষীয়ে হাস্পতালৰ পৰা এই ঘটনাৰ বিষয়ে জানিব পাৰি নিজাববীয়া গোচৰেৰে তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত যুৱকজন অংকিত গাৱা বুলি চিহ্নিত কৰিছে। এই ঘটনা সংঘটিত কৰাৰ সময়ত তেওঁৰ সৈতে হিমাংশু আৰু মনীষ নামৰ আন দুজন যুৱকো উপস্থিত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে ভুক্তভোগী যুৱতীগৰাকী ২৪বছৰীয়া ডলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ছুৰীকাঘাতৰ পাছত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত যুৱতীগৰাকীয়ে নিজেই হাস্পতালত উপস্থিত হৈছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰা সম্ভৱ নহ’ল। অতি নিষ্ঠৰভাৱে আৰু পূৰ্বৰ পৰিকল্পনা অনুসৰি যুৱতীগৰাকীৰ ওপৰত আক্ৰমণ কৰা হৈছিল আৰু তেওঁৰ দেহত সাতবাৰলৈ ছুৰীৰে আঘাত কৰা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

কিহৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে আৰু এই ঘটনা সংঘটিত কৰি অভিযু্ক্ত যুৱককেইজন ক’লৈ পলাই যাবলৈ সক্ষম হ’ল তাৰ সন্ধানৰ বাবে আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী