--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰীৰ আতংক! হাৰিয়ানাৰ গুৰুগ্ৰামৰ চক্কৰপুৰ নৈামৰ গাঁওখনৰ নিবাসী মুনমুন মাঝিতকৈ ক'ৰ'না মহামাৰীৰ ভয় কোনে ভালকৈ বুজিব পাৰে? তিনি বছৰ ধৰি নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখি তেওঁ এতিয়া ওলাই আহিছে। জানিব পৰা মতে, মুনমুনে কৰ’না হ’ব পাৰে বুলি আশংকা কৰি ১০ বছৰীয়া পুত্ৰৰ সৈতে ঘৰৰ দুৱাৰ বন্ধ কৰি সোমাই আছিল। তাৰ পিছত তিনি বছৰ পাৰ হৈ গ’ল। অৱশেষত আৰক্ষী আহি মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক উদ্ধাৰ কৰে।

২০২০ চনত যেতিয়া কৰ’নাৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ আছিল, তেতিয়া মুনমুনে নিজৰ ১০ বছৰীয়া পুত্ৰক লৈ ঘৰত প্ৰৱেশ কৰি সংক্ৰমণৰ পৰা হাত সাৰিবলৈ দুৱাৰখন বন্ধ কৰি দিছিল। সেই সময়ত স্বামী সুজনৰ লগত আছিল। দৰাচলতে সেই সময়ত আন বহুতেই এনে কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ক’ৰ’না পাৰ হৈ গ’ল। জনজীৱন স্বাভাৱিক হৈ পৰিল। ঘৰৰ পৰা কামৰ পৰা পুনৰ পুৰণি আমেজলৈ ঘূৰি আহিছে সুজনৰ অফিচ। কিন্তু মুনমুনে পুনৰ কৰোণা হ’ব পাৰে বুলি তেতিয়াৰে পৰা বাহিৰৰ পৰা কাকো ঘৰত সোমাবলৈ নিদিয়া হ’ল।

অফিচ খোলাৰ প্ৰথম দিনা সুজন কামলৈ ওলাই গ’ল যদিও ঘৰলৈ উভতি যাব নোৱাৰিলে। পত্নীয়ে দুৱাৰ খুলি নিদিয়ে। উপায়ন্তৰ হৈ স্বামী সুজনে ঘৰ ভাড়াত ল’ব লগা হৈছে। ঘৈণীয়েকলৈ বাৰে বাৰে বিভিন্ন ধৰণে মেছেজ পঠিয়াইছিল যে কৰ'না শেষ হৈছে, সেয়ে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে, ভয় কৰিবলগা একো নাই, কিন্তু এইবোৰ একো কামত নাহিল। সুজনে শাহুৱেক তথা মুনমুনৰ মাককো কথাটো ক’লে, তথাপিও কামত নাহিল। অৱশেষত আৰক্ষীৰ কাষ চাপিল স্বামী সুজন। পুলিচ আহি দুৱাৰখন খুলি মহিলাগৰাকী আৰু তাইৰ সন্তানক বাহিৰলৈ উলিয়াই আনিলে।

চক্কৰপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰবীণ কুমাৰে কয়- ''প্ৰথমে বিষয়টোত মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যেতিয়া মই বুজিলোঁ যে সুজন সঁচাকৈয়ে এটা অদ্ভুত সমস্যাত পৰিছে, তেতিয়া মই সকলো সহায় দিলোঁ। ভিডিঅ’ কলৰ দ্বাৰা মুনমুনক বাৰে বাৰে বুজোৱাৰ পাছতহে ই সম্ভৱ হ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement