--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰীৰ আতংক! হাৰিয়ানাৰ গুৰুগ্ৰামৰ চক্কৰপুৰ নৈামৰ গাঁওখনৰ নিবাসী মুনমুন মাঝিতকৈ ক'ৰ'না মহামাৰীৰ ভয় কোনে ভালকৈ বুজিব পাৰে? তিনি বছৰ ধৰি নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখি তেওঁ এতিয়া ওলাই আহিছে। জানিব পৰা মতে, মুনমুনে কৰ’না হ’ব পাৰে বুলি আশংকা কৰি ১০ বছৰীয়া পুত্ৰৰ সৈতে ঘৰৰ দুৱাৰ বন্ধ কৰি সোমাই আছিল। তাৰ পিছত তিনি বছৰ পাৰ হৈ গ’ল। অৱশেষত আৰক্ষী আহি মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক উদ্ধাৰ কৰে।

২০২০ চনত যেতিয়া কৰ’নাৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ আছিল, তেতিয়া মুনমুনে নিজৰ ১০ বছৰীয়া পুত্ৰক লৈ ঘৰত প্ৰৱেশ কৰি সংক্ৰমণৰ পৰা হাত সাৰিবলৈ দুৱাৰখন বন্ধ কৰি দিছিল। সেই সময়ত স্বামী সুজনৰ লগত আছিল। দৰাচলতে সেই সময়ত আন বহুতেই এনে কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ক’ৰ’না পাৰ হৈ গ’ল। জনজীৱন স্বাভাৱিক হৈ পৰিল। ঘৰৰ পৰা কামৰ পৰা পুনৰ পুৰণি আমেজলৈ ঘূৰি আহিছে সুজনৰ অফিচ। কিন্তু মুনমুনে পুনৰ কৰোণা হ’ব পাৰে বুলি তেতিয়াৰে পৰা বাহিৰৰ পৰা কাকো ঘৰত সোমাবলৈ নিদিয়া হ’ল।

অফিচ খোলাৰ প্ৰথম দিনা সুজন কামলৈ ওলাই গ’ল যদিও ঘৰলৈ উভতি যাব নোৱাৰিলে। পত্নীয়ে দুৱাৰ খুলি নিদিয়ে। উপায়ন্তৰ হৈ স্বামী সুজনে ঘৰ ভাড়াত ল’ব লগা হৈছে। ঘৈণীয়েকলৈ বাৰে বাৰে বিভিন্ন ধৰণে মেছেজ পঠিয়াইছিল যে কৰ'না শেষ হৈছে, সেয়ে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে, ভয় কৰিবলগা একো নাই, কিন্তু এইবোৰ একো কামত নাহিল। সুজনে শাহুৱেক তথা মুনমুনৰ মাককো কথাটো ক’লে, তথাপিও কামত নাহিল। অৱশেষত আৰক্ষীৰ কাষ চাপিল স্বামী সুজন। পুলিচ আহি দুৱাৰখন খুলি মহিলাগৰাকী আৰু তাইৰ সন্তানক বাহিৰলৈ উলিয়াই আনিলে।

চক্কৰপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰবীণ কুমাৰে কয়- ''প্ৰথমে বিষয়টোত মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যেতিয়া মই বুজিলোঁ যে সুজন সঁচাকৈয়ে এটা অদ্ভুত সমস্যাত পৰিছে, তেতিয়া মই সকলো সহায় দিলোঁ। ভিডিঅ’ কলৰ দ্বাৰা মুনমুনক বাৰে বাৰে বুজোৱাৰ পাছতহে ই সম্ভৱ হ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু