--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত স্বয়ংসেৱক সংঘৰ কাৰ্যালয় স্থাপনৰ বিষয়ে মিছা বাতৰি প্ৰকাশ কৰাৰ বাবে আৰএছএছৰ  ৰাজ্যিক প্ৰচাৰ মুৰব্বী ড০ অশোক দুবেই লক্ষ্ণৌ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰখনত কোৱা হৈছে যে ১৪ ফেব্ৰুৱাৰীত দৈনিক ভাস্কৰৰ ৱেবছাইটত অযোধ্যাত ১০০ একৰ মাটি ক্ৰয় কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা নতুন কাৰ্যালয় নিৰ্মাণৰ বিষয়ে  এটা বাতৰি প্ৰকাশ কৰা হৈছিল। দুবেই  এই খবৰটো অস্বীকাৰ কৰি কৈছে যে এয়া মিছা বাতৰি৷ 

ইয়াৰ পিছতে দৈনিক ভাস্কৰৰ লক্ষ্ণৌ ব্যুৰো চীফ বিজয় উপাধ্যায়েও এই বিষয়ে অশোক দুবেৰ সৈতে কথা পাতে৷ কিন্তু তাৰ পিছতো  ১৫ ফেব্ৰুৱাৰীত দৈনিক ভাস্কৰ বাতৰি কাকতৰ নতুন দিল্লী সংস্কৰণতো একেটা খবৰ প্ৰকাশ পায়। বাতৰিটো নিউজ ২৪ ৰ দ্বাৰাও সম্প্ৰচাৰ কৰা হয় ৷ 
দৈনিক ভাস্কৰ আৰু নিউজ ২৪-ৰ দ্বাৰা দেখুওৱা বাতৰিটো হৰিভূমি নিউজ, টিভি৯, ফ'কাচ ২৪ নিউজ, প্ৰকাশ টিভি, ষ্টাৰ চাভেৰা চেনেল, পঞ্জাৱ কেশৰীয়েও সম্প্ৰচাৰ কৰিছিল। 

এজাহাৰখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) ইতিমধ্যে অযোধ্যাত চাকেত নিলয়ম নামৰ এটা কাৰ্যালয় আছে। আৰু সংগঠনটোৱে অযোধ্যাত ভূমিৰ বাবে কোনো প্ৰস্তাৱ ক'তো প্ৰেৰণ কৰা নাই।

অভিযোগটোত কোৱা হৈছিল যে সাংবাদিকতাৰ নৈতিকতা আৰু নীতিবোৰ কেতবোৰ সংবাদ প্ৰতিষ্ঠানে পালন কৰা নাই৷ তথ্যবোৰ পৰীক্ষা নকৰাকৈয়ে  আৰু আৰ এছ এছৰ ভাবমূৰ্তি কলুষিত কৰাৰ লক্ষ্যৰে বহুতে এনে কৰি আহিছে বুলি অভিযোগ কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক