--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত স্বয়ংসেৱক সংঘৰ কাৰ্যালয় স্থাপনৰ বিষয়ে মিছা বাতৰি প্ৰকাশ কৰাৰ বাবে আৰএছএছৰ  ৰাজ্যিক প্ৰচাৰ মুৰব্বী ড০ অশোক দুবেই লক্ষ্ণৌ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰখনত কোৱা হৈছে যে ১৪ ফেব্ৰুৱাৰীত দৈনিক ভাস্কৰৰ ৱেবছাইটত অযোধ্যাত ১০০ একৰ মাটি ক্ৰয় কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা নতুন কাৰ্যালয় নিৰ্মাণৰ বিষয়ে  এটা বাতৰি প্ৰকাশ কৰা হৈছিল। দুবেই  এই খবৰটো অস্বীকাৰ কৰি কৈছে যে এয়া মিছা বাতৰি৷ 

ইয়াৰ পিছতে দৈনিক ভাস্কৰৰ লক্ষ্ণৌ ব্যুৰো চীফ বিজয় উপাধ্যায়েও এই বিষয়ে অশোক দুবেৰ সৈতে কথা পাতে৷ কিন্তু তাৰ পিছতো  ১৫ ফেব্ৰুৱাৰীত দৈনিক ভাস্কৰ বাতৰি কাকতৰ নতুন দিল্লী সংস্কৰণতো একেটা খবৰ প্ৰকাশ পায়। বাতৰিটো নিউজ ২৪ ৰ দ্বাৰাও সম্প্ৰচাৰ কৰা হয় ৷ 
দৈনিক ভাস্কৰ আৰু নিউজ ২৪-ৰ দ্বাৰা দেখুওৱা বাতৰিটো হৰিভূমি নিউজ, টিভি৯, ফ'কাচ ২৪ নিউজ, প্ৰকাশ টিভি, ষ্টাৰ চাভেৰা চেনেল, পঞ্জাৱ কেশৰীয়েও সম্প্ৰচাৰ কৰিছিল। 

এজাহাৰখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) ইতিমধ্যে অযোধ্যাত চাকেত নিলয়ম নামৰ এটা কাৰ্যালয় আছে। আৰু সংগঠনটোৱে অযোধ্যাত ভূমিৰ বাবে কোনো প্ৰস্তাৱ ক'তো প্ৰেৰণ কৰা নাই।

অভিযোগটোত কোৱা হৈছিল যে সাংবাদিকতাৰ নৈতিকতা আৰু নীতিবোৰ কেতবোৰ সংবাদ প্ৰতিষ্ঠানে পালন কৰা নাই৷ তথ্যবোৰ পৰীক্ষা নকৰাকৈয়ে  আৰু আৰ এছ এছৰ ভাবমূৰ্তি কলুষিত কৰাৰ লক্ষ্যৰে বহুতে এনে কৰি আহিছে বুলি অভিযোগ কৰা হৈছে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই