--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত এতিয়াও কাৰাগাৰতে দিন নিয়াবলগীয়া হৈছে। ৰাজ কুন্দ্ৰাৰ ব্যক্তিগত উকীলে তেওঁৰ জামিনৰ বাবে আবেদন দাখিল কৰি আহিছে। শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ জামিনৰ শুনানি আৰু এটা ৰাউণ্ডৰ দ্বাৰা বিলম্বিত হৈছে। ফলস্বৰূপে, তেওঁৰ কাৰাবাসৰ সময়সীমা বৃদ্ধি পাইছে। ৰাজ কুন্দ্ৰাৰ উকীলে বৃহস্পতিবাৰে তেওঁৰ পৰৱৰ্তী জামিনৰ শুনানিৰ তাৰিখ বিচাৰি সত্ৰ আদালতৰ কাষ চাপিছিল। আদালতে ১৬ ছেপ্টেম্বৰতহে এই সন্দৰ্ভত নিজৰ ৰায় ঘোষণা কৰিব বুলি সদৰী কৰে। ইফালে, মুম্বাই অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰৰ তদন্ত কৰি আছে। তেওঁলোকে ৰাজ কুন্দ্ৰাই জামিন পোৱাটো বিচৰা নাই। কাৰণ জামিন মঞ্জুৰ হ'লে উদ্যোগপতিজনে দেশৰ পৰা পলায়ন কৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ জামিনত বাৰে বাৰে বাধা আৰোপ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


উল্লেখ্য যে, পৰ্ণগ্ৰাফী গোচৰৰ মূল অভিযুক্ত ৰাজ কুন্দ্ৰাক ১৯জুলাইত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। উদ্যোগপতিজন ডেৰ মাহৰো অধিক সময় কাৰাগাৰত আছে। এই ক্ষেত্ৰত শিল্পা চেট্টীৰ ভূমিকাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেইবাদিনো ধৰি তেওঁৰ স্বামীৰ পৰ্ণগ্ৰাফী ৰেকৰ্ড লুকুৱাই ৰাখিছিল। ইফালে, শিল্পা চেট্টীয়ে লাহে লাহে স্বাভাৱিক কাৰ্যকলাপলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে। ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কিছুদিনৰ বাবে নিজকে কামৰ পৃথিৱীৰ পৰা আঁতৰাই ৰাখিছিল। অৱশ্যে, শিল্পাই ছ’নী টিভিৰ নৃত্য ৰিয়েলিটি শ্ব' 'ছুপাৰ ডান্সাৰ ছিজন-৪'ৰ ছেটৰ বিচাৰকৰ আসনলৈ উভতি আহিছে।

কেইদিনমান আগতে, এটা জনপ্ৰিয় ভাৰতীয় বাতৰি পৰ্টেলে প্ৰতিবেদন দিছিল যে শিল্পা ছেট্টীয়ে ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী কেন্দ্ৰীক বিষয়টোক লৈ ইমানেই অসন্তুষ্ট হৈছিল যে, অভিনেত্ৰীগৰাকীয়ে দুটা সন্তানৰ সৈতে পৃথকে বাস কৰাৰ পৰিকল্পনা কৰিছিল। পৰ্টেলটোৱে দাবী কৰিছে যে, শিল্পা ছেট্টীয়ে এজন ঘনিষ্ঠ বন্ধুক ৰাজ কুন্দ্ৰাৰ পৰা পৃথক হোৱা আৰু এটা নতুন জীৱন গঢ়াৰ বিষয়ে অৱগত কৰিছিল। তাৰ পাছতেই একপ্ৰকাৰ চৰ্চিত হৈ পৰে বিষয়টো| সঁচাকৈয়ে শিল্পাই নৱ জীৱনৰ পাতনি মেলিব নেকি তাকে লৈ বলীউড এৰিণাত এতিয়া জল্পনা-কল্পনাৰ অন্ত নাই! এতিয়া সকলোৱে শিল্পা ছেট্টীৰ অন্তিম সিদ্ধান্তলৈ বাট চাইছে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ