--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত এতিয়াও কাৰাগাৰতে দিন নিয়াবলগীয়া হৈছে। ৰাজ কুন্দ্ৰাৰ ব্যক্তিগত উকীলে তেওঁৰ জামিনৰ বাবে আবেদন দাখিল কৰি আহিছে। শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ জামিনৰ শুনানি আৰু এটা ৰাউণ্ডৰ দ্বাৰা বিলম্বিত হৈছে। ফলস্বৰূপে, তেওঁৰ কাৰাবাসৰ সময়সীমা বৃদ্ধি পাইছে। ৰাজ কুন্দ্ৰাৰ উকীলে বৃহস্পতিবাৰে তেওঁৰ পৰৱৰ্তী জামিনৰ শুনানিৰ তাৰিখ বিচাৰি সত্ৰ আদালতৰ কাষ চাপিছিল। আদালতে ১৬ ছেপ্টেম্বৰতহে এই সন্দৰ্ভত নিজৰ ৰায় ঘোষণা কৰিব বুলি সদৰী কৰে। ইফালে, মুম্বাই অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰৰ তদন্ত কৰি আছে। তেওঁলোকে ৰাজ কুন্দ্ৰাই জামিন পোৱাটো বিচৰা নাই। কাৰণ জামিন মঞ্জুৰ হ'লে উদ্যোগপতিজনে দেশৰ পৰা পলায়ন কৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ জামিনত বাৰে বাৰে বাধা আৰোপ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


উল্লেখ্য যে, পৰ্ণগ্ৰাফী গোচৰৰ মূল অভিযুক্ত ৰাজ কুন্দ্ৰাক ১৯জুলাইত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। উদ্যোগপতিজন ডেৰ মাহৰো অধিক সময় কাৰাগাৰত আছে। এই ক্ষেত্ৰত শিল্পা চেট্টীৰ ভূমিকাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেইবাদিনো ধৰি তেওঁৰ স্বামীৰ পৰ্ণগ্ৰাফী ৰেকৰ্ড লুকুৱাই ৰাখিছিল। ইফালে, শিল্পা চেট্টীয়ে লাহে লাহে স্বাভাৱিক কাৰ্যকলাপলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে। ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কিছুদিনৰ বাবে নিজকে কামৰ পৃথিৱীৰ পৰা আঁতৰাই ৰাখিছিল। অৱশ্যে, শিল্পাই ছ’নী টিভিৰ নৃত্য ৰিয়েলিটি শ্ব' 'ছুপাৰ ডান্সাৰ ছিজন-৪'ৰ ছেটৰ বিচাৰকৰ আসনলৈ উভতি আহিছে।

কেইদিনমান আগতে, এটা জনপ্ৰিয় ভাৰতীয় বাতৰি পৰ্টেলে প্ৰতিবেদন দিছিল যে শিল্পা ছেট্টীয়ে ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী কেন্দ্ৰীক বিষয়টোক লৈ ইমানেই অসন্তুষ্ট হৈছিল যে, অভিনেত্ৰীগৰাকীয়ে দুটা সন্তানৰ সৈতে পৃথকে বাস কৰাৰ পৰিকল্পনা কৰিছিল। পৰ্টেলটোৱে দাবী কৰিছে যে, শিল্পা ছেট্টীয়ে এজন ঘনিষ্ঠ বন্ধুক ৰাজ কুন্দ্ৰাৰ পৰা পৃথক হোৱা আৰু এটা নতুন জীৱন গঢ়াৰ বিষয়ে অৱগত কৰিছিল। তাৰ পাছতেই একপ্ৰকাৰ চৰ্চিত হৈ পৰে বিষয়টো| সঁচাকৈয়ে শিল্পাই নৱ জীৱনৰ পাতনি মেলিব নেকি তাকে লৈ বলীউড এৰিণাত এতিয়া জল্পনা-কল্পনাৰ অন্ত নাই! এতিয়া সকলোৱে শিল্পা ছেট্টীৰ অন্তিম সিদ্ধান্তলৈ বাট চাইছে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু