--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বিতৰ্কত সাঙোৰ খাই পৰিছে 'হিন্দী মিডিয়াম' খ্যাত অভিনেত্ৰীগৰাকী। ২০১৭চনত মুক্তি পোৱা ছবিখনত ইৰফান খানৰ সৈতে অভিনয়ত দেখা পোৱা গৈছিল অভিনেত্ৰী ছাবা কামাৰক। তেওঁৰ সাৱলীল অভিনয়ে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীৰ অন্তৰ ইতিমধ্যে জয় কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি একেগৰাকী অভিনেত্ৰীয়েই ঐতিহাসিক মছজিদৰ ভিতৰত নৃত্যৰ ভিডিঅ' শ্বুটিং কৰাৰ বাবে আইনী মেৰপেচত সোমাই পৰিছে। শেহতীয়াকৈ পাক আদালতে পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

লাহোৰৰ এটা পৰম্পৰাগত মছজিদৰ ভিতৰত এটা নৃত্যৰ ভিডিঅ'ৰ বাবে দৃশ্যগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে, মছজিদৰ ভিতৰত গায়ক বিলাল ছাইদেও উপস্থিত আছিল। এই পৰিপ্ৰেক্ষিতত চাবা আৰু বিলালৰ বিৰুদ্ধে ইছলামৰ ধৰ্মৰ বিধি উলংঘা কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু জনপ্ৰিয় অভিনেত্ৰী বা তেওঁৰ দলটোৱে আদালতৰ পৰা বাৰে বাৰে পঠিওৱা জাননীৰ কোনো সঁহাৰি দিয়া নাছিল বুলিও অভিযোগ আদালতৰ।

গোচৰটোৰ শুনানিত প্ৰক্ৰিয়া একাধিক বাৰ স্থগিত ৰাখিবলগীয়া হোৱা বাবে লাহোৰ দণ্ডাধীশৰ আদালতো শেহতীয়াকৈ ক্ষুব্ধ হৈ পৰিছে। ছাবা কামাৰক গ্ৰেপ্তাৰৰো নিৰ্দেশ দিছে আদালতে। জানিবলৈ পোৱা মতে, আগন্তুক ৬ অক্টোবৰ পৰ্যন্ত শুনানি প্ৰক্ৰিয়া স্থগিত ৰাখিছে আদালতে। উল্লেখ্য যে, ছাবা কামাৰ আৰু গীতিকাৰ বিলাল ছাইদৰ বিৰুদ্ধে পাক-দণ্ডবিধি ২৯৫ ধাৰাত দুয়োকে অভিযুক্ত কৰিছিল লাহোৰ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু