--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বিতৰ্কত সাঙোৰ খাই পৰিছে 'হিন্দী মিডিয়াম' খ্যাত অভিনেত্ৰীগৰাকী। ২০১৭চনত মুক্তি পোৱা ছবিখনত ইৰফান খানৰ সৈতে অভিনয়ত দেখা পোৱা গৈছিল অভিনেত্ৰী ছাবা কামাৰক। তেওঁৰ সাৱলীল অভিনয়ে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীৰ অন্তৰ ইতিমধ্যে জয় কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি একেগৰাকী অভিনেত্ৰীয়েই ঐতিহাসিক মছজিদৰ ভিতৰত নৃত্যৰ ভিডিঅ' শ্বুটিং কৰাৰ বাবে আইনী মেৰপেচত সোমাই পৰিছে। শেহতীয়াকৈ পাক আদালতে পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

লাহোৰৰ এটা পৰম্পৰাগত মছজিদৰ ভিতৰত এটা নৃত্যৰ ভিডিঅ'ৰ বাবে দৃশ্যগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে, মছজিদৰ ভিতৰত গায়ক বিলাল ছাইদেও উপস্থিত আছিল। এই পৰিপ্ৰেক্ষিতত চাবা আৰু বিলালৰ বিৰুদ্ধে ইছলামৰ ধৰ্মৰ বিধি উলংঘা কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু জনপ্ৰিয় অভিনেত্ৰী বা তেওঁৰ দলটোৱে আদালতৰ পৰা বাৰে বাৰে পঠিওৱা জাননীৰ কোনো সঁহাৰি দিয়া নাছিল বুলিও অভিযোগ আদালতৰ।

গোচৰটোৰ শুনানিত প্ৰক্ৰিয়া একাধিক বাৰ স্থগিত ৰাখিবলগীয়া হোৱা বাবে লাহোৰ দণ্ডাধীশৰ আদালতো শেহতীয়াকৈ ক্ষুব্ধ হৈ পৰিছে। ছাবা কামাৰক গ্ৰেপ্তাৰৰো নিৰ্দেশ দিছে আদালতে। জানিবলৈ পোৱা মতে, আগন্তুক ৬ অক্টোবৰ পৰ্যন্ত শুনানি প্ৰক্ৰিয়া স্থগিত ৰাখিছে আদালতে। উল্লেখ্য যে, ছাবা কামাৰ আৰু গীতিকাৰ বিলাল ছাইদৰ বিৰুদ্ধে পাক-দণ্ডবিধি ২৯৫ ধাৰাত দুয়োকে অভিযুক্ত কৰিছিল লাহোৰ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ