--°C
Loading...
Listen to Article
2 min read
80%
.ডিজিটেল ডেস্কঃ বলীউডত 'মাস্ক মেন' নামেৰে জনপ্ৰিয় ৰাজ কুন্দ্ৰাই আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ ছবি 'UT 69'ৰ বাবে। শিল্পা শ্বেট্টীৰ পাছত এতিয়া ৰাজ কুন্দ্ৰাইও অভিনয়ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। বিশেষ কথাটো হ’ল ৰাজে নিজৰ জে’লৰ যাত্ৰা পৰ্দাত দেখুৱাবলৈ সিদ্ধান্ত লৈছে। বুধবাৰে মুক্তি লাভ কৰিছে তেওঁৰ ছবিখনৰ ট্ৰেইলাৰ। এই উপলক্ষে ৰাজ কুন্দ্ৰা ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল আৰু আটাইতকৈ বিশেষ কথাটো হ’ল যে কেইবামাহৰ পাছত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মুখৰ পৰা মাস্কখন আঁতৰাই পেলালে।

এই ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰাজ কুন্দ্ৰাই মাস্ক পিন্ধি আহিছিল যদিও তাৰ পিছত তেওঁ তাত মাস্ক আঁতৰাইছিল আৰু কেইবামাহৰ পাছত কেমেৰাৰ সন্মুখত নিজৰ চেহেৰা দেখাইছিল। ইয়াৰ পূৰ্বে তেওঁক ৰাজহুৱা স্থানৰ সকলোতে মাস্ক পৰিধান কৰা দেখা গৈছিল। ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ সময়ত আৱেগিক হৈ পৰা ৰাজ কুন্দ্ৰা। তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ ক’লে যে তেওঁক যি মন যায় তাকে কওক কিন্তু তেওঁৰ পত্নী আৰু সন্তানক যাতে একো নকয়।

পৰ্ণ কেছত তেওঁৰ নাম ওলোৱাৰ পাছত ৰাজ কুন্দ্ৰাই বহুত কষ্ট ভোগ কৰিছিল। ৰাজে জে'লত বহুদিন কটাবলগীয়া হৈছিল আৰু লগতে বহুত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০২১ চনৰ ১৯ ​​জুলাইত পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ সময়তে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। তেওঁৰ বিৰুদ্ধে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণ আৰু বিতৰণৰ অভিযোগ উত্থাপন হৈছিল। মুঠ ৬৩ দিন জেলত থাকিল ৰাজ কুন্দ্ৰা। পাছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়।

ৰাজ কুন্দ্ৰাই নিজৰ বিতৰ্কিত যাত্ৰাক পৰ্দাত দেখুৱাবলৈ সিদ্ধান্ত লৈছে। এতিয়া তেওঁৰ বায়’পিক সাজু হৈছে। ট্ৰেইলাৰটোও যথেষ্ট শক্তিশালী আৰু বিশেষ কথাটো হ’ল ইয়াত ৰাজ কুন্দ্ৰাই নিজৰ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক