--°C
Loading...
Listen to Article
2 min read
80%
.ডিজিটেল ডেস্কঃ বলীউডত 'মাস্ক মেন' নামেৰে জনপ্ৰিয় ৰাজ কুন্দ্ৰাই আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ ছবি 'UT 69'ৰ বাবে। শিল্পা শ্বেট্টীৰ পাছত এতিয়া ৰাজ কুন্দ্ৰাইও অভিনয়ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। বিশেষ কথাটো হ’ল ৰাজে নিজৰ জে’লৰ যাত্ৰা পৰ্দাত দেখুৱাবলৈ সিদ্ধান্ত লৈছে। বুধবাৰে মুক্তি লাভ কৰিছে তেওঁৰ ছবিখনৰ ট্ৰেইলাৰ। এই উপলক্ষে ৰাজ কুন্দ্ৰা ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল আৰু আটাইতকৈ বিশেষ কথাটো হ’ল যে কেইবামাহৰ পাছত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মুখৰ পৰা মাস্কখন আঁতৰাই পেলালে।

এই ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰাজ কুন্দ্ৰাই মাস্ক পিন্ধি আহিছিল যদিও তাৰ পিছত তেওঁ তাত মাস্ক আঁতৰাইছিল আৰু কেইবামাহৰ পাছত কেমেৰাৰ সন্মুখত নিজৰ চেহেৰা দেখাইছিল। ইয়াৰ পূৰ্বে তেওঁক ৰাজহুৱা স্থানৰ সকলোতে মাস্ক পৰিধান কৰা দেখা গৈছিল। ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ সময়ত আৱেগিক হৈ পৰা ৰাজ কুন্দ্ৰা। তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ ক’লে যে তেওঁক যি মন যায় তাকে কওক কিন্তু তেওঁৰ পত্নী আৰু সন্তানক যাতে একো নকয়।

পৰ্ণ কেছত তেওঁৰ নাম ওলোৱাৰ পাছত ৰাজ কুন্দ্ৰাই বহুত কষ্ট ভোগ কৰিছিল। ৰাজে জে'লত বহুদিন কটাবলগীয়া হৈছিল আৰু লগতে বহুত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০২১ চনৰ ১৯ ​​জুলাইত পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ সময়তে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। তেওঁৰ বিৰুদ্ধে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণ আৰু বিতৰণৰ অভিযোগ উত্থাপন হৈছিল। মুঠ ৬৩ দিন জেলত থাকিল ৰাজ কুন্দ্ৰা। পাছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়।

ৰাজ কুন্দ্ৰাই নিজৰ বিতৰ্কিত যাত্ৰাক পৰ্দাত দেখুৱাবলৈ সিদ্ধান্ত লৈছে। এতিয়া তেওঁৰ বায়’পিক সাজু হৈছে। ট্ৰেইলাৰটোও যথেষ্ট শক্তিশালী আৰু বিশেষ কথাটো হ’ল ইয়াত ৰাজ কুন্দ্ৰাই নিজৰ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু