--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বালিউডৰ আগশাৰীৰ অভিনেত্ৰী। কিন্তু সম্পূৰ্ণ বেলেগ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰিছিল। সেইবাবেই ১৭ বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈছিল। শেহতীয়াকৈ আৰম্ভ কৰিছে বৈবাহিক সংসাৰ৷ তেওঁ হৈছে পৰিণীতি চোপ্ৰা৷ বৰ্তমান বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম পৰিনীতি। কিন্তু প্ৰথম অৱস্থাত তেওঁ অভিনয়েৰে কেৰিয়াৰ গঢ়িব বিচৰা নাছিল।

১৯৮৮ চনৰ ২২ অক্টোবৰত হাৰিয়ানাৰ আম্বালাত জন্মগ্ৰহণ কৰিছিল পৰিনীতিৰ। হাৰিয়ানাত স্কুলীয়া শিক্ষা সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গুচি যায়। সৰুৰে পৰাই পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী আছিল পৰিনীতি। দ্বাদশ শ্ৰেণীলৈকে প্ৰতিটো পৰীক্ষাতে শীৰ্ষ তিনিটাৰ ভিতৰত পৰিনীতিৰ নাম আছিল। আনকি পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বাবে পৰিনীতিয়ে তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পেটেলৰ পৰাও বঁটা লাভ কৰিছিল।

পৰিনীতি ১৭ বছৰ বয়সত লণ্ডনলৈ যায়। মানচেষ্টাৰ বিজনেছ স্কুলত তেওঁ ব্যৱসায়, অৰ্থনীতি আৰু বিনিয়োগৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তিনিটা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত পৰিনীতিয়েও তাত সংগীতৰ শিক্ষা গ্ৰহণ কৰে৷ কলেজত পঢ়ি থকা সময়ত পৰিনীতিয়ে কিছুদিন তাত থকা ফুটবল ক্লাবৰ লগত কাম কৰিছিল। আনকি খেলৰ সময়ত খাদ্য যোগান ধৰাৰ দায়িত্বও তেওঁৰ ওপৰত আছিল।

পৰিনীতিয়ে বিনিয়োগ বেংকাৰ হোৱাৰ সপোন দেখিছিল। কলেজীয়া শিক্ষা সমাপ্ত কৰি লণ্ডনত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু ২০০৯ চনত ব্ৰিটেইনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে চাকৰিৰ নাটনি হৈছিল। ফলত হাজাৰবাৰ চেষ্টা কৰিও তাত চাকৰি পাব নোৱাৰিলে। তেওঁ মুম্বাইলৈ উভতি আহিবলৈ বাধ্য হয়।

মুম্বাইলৈ উভতি অহাৰ পিছত পৰিনীতিয়ে বলিপাৰাৰ বিখ্যাত প্ৰডাকচন হাউচ যশৰাজ ফিল্মছৰ কাৰ্যালয়ত জনসংযোগ পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০১০ চনত মুক্তি পোৱা ‘বেণ্ড বাজা বাৰাট’ ছবিখনৰ প্ৰচাৰৰ দায়িত্বত আছিল পৰিনীতি। সেই সময়ত তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। প্ৰডাকচন কোম্পানীত চাকৰি এৰি তেওঁ অভিনয় শিকিবলৈ প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰে।

২০১১ চনত মুক্তি পোৱা ‘লেডিজ বনাম ৰিকি বাহল’ ছবিখনত পৰিনীতিয়ে সহযোগী চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এই ছবিখনে বক্স অফিচত বিশেষ ব্যৱসায় কৰা নাছিল। ২০১২ চনত যশৰাজ ফিল্মছে ছবিগৃহত প্ৰযোজনা কৰিছিল ‘ইছাকজাদে’। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে পৰিনীতিয়ে। বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰে এই ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটালে। এই ছবিখনত অভিনয় কৰি পৰিনীতিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

ইয়াৰ পিছত পৰিনীতিয়ে ‘শুদ্ধ দেশী ৰোমাঞ্চ’, ‘হাছে টু ফান্সে’ আদি ৰোমান্টিক ছবিত অভিনয় কৰে। দুয়োখন ছবিয়ে ভাল প্ৰদৰ্শন কৰিছিল আৰু পৰিনীতিৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু ২০১৪ চনৰ শেষৰ পৰা ২০১৫ চনলৈকে পৰিনীতিৰ কেৰিয়াৰৰ সূৰ্য্য অস্ত যোৱা বুলি দাবী কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেই সময়ত পৰিনীতিয়ে অভিনয় কৰা কোনো এখন ছবিয়ে বিশেষ ব্যৱসায় কৰা নাছিল।

২০১৬ চনৰ পৰা পৰিনীতিয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ পুনৰ নতুন উদ্যমেৰে কাম আৰম্ভ কৰিছিল। ‘মেৰী পৰি বিন্দু’ আৰু ‘গোলমাল এগেইন’ত অভিনয়ৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰে। আনকি বডি বিল্ডিঙৰ ওপৰতো গুৰুত্ব আৰোপ কৰে অভিনেত্ৰীগৰাকীয়ে।

পৰিণীতীয়ে যেতিয়া বলীউডত কেৰিয়াৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ চেহেৰাৰ বাবে সমালোচনা হৈছিল। মুখৰ আকৃতি আৰু ওজন সম্পৰ্কে বিভিন্ন মন্তব্য তেওঁ শুনিব লগা হৈছিল। শাৰীৰিক ব্যায়ামৰ জৰিয়তে ২৮ কেজি ওজন কমি যায় অভিনেত্ৰীগৰাকীয়ে।

বৰ্তমান নতুন পৰিয়ালত ব্যস্ত পৰিনীতি। ইয়াৰ উপৰিও তেওঁৰ এখন ছবিও ৬ অক্টোবৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। টিনু সুৰেশ দেশাইৰ পৰিচালনাত মুক্তি লাভ কৰা হৈছে ‘মিছন ৰাণীগঞ্জ’। এই ছবিখনত পৰিনীতিৰ বিপৰীতে অক্ষয় কুমাৰক অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান