--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজানৰ সময়ত হনুমান চালিছা লগোৱা বাবে এগৰাকী দোকানীক প্ৰহাৰ কৰিলে মুছলমান যুৱকে।  ইয়াৰ ভিডিঅ’ও পোহৰলৈ আহিছে। ঘটনাটো বেংগালুৰুৰ। 

ভিডিঅ’টোত দেখা গৈছে যে দোকানীজনৰ ওচৰলৈ কেইজনমান ল’ৰা আহে। দুয়ো পক্ষৰ মাজত কথা-বতৰা হয় আৰু তাৰপাছতে আৰম্ভ হয় কাজিয়া। দোকানীজন ৰাস্তালৈ যায় আৰু তাৰপাছত সকলোৱে মিলি তেওঁক মাৰপিট কৰে। এই বিষয়ত হালাছুৰু গেট থানাত এফআইআৰ ৰুজু কৰা হৈছে।

এই কাণ্ড সংঘটিত হৈছে বেংগালুৰুৰ সিদ্দান্না অঞ্চলৰ এখন মেডিকেল ষ্ট’ৰত। সমগ্ৰ ঘটনাটো দোকানখনত সংস্থাপন কৰা চিচিটিভি কেমেৰাত ৰেক'ৰ্ড হৈছে। বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

দোকানীজনে কয় যে আগতেও তেওঁলোকে দোকানলৈ টকা বিচাৰি আহিছিল। ধন নিদিয়াৰ বাবে বিবাদ হৈছিল। সেইদিনা হনুমান চালিছা বজোৱাৰ বাবে তেওঁলোকে আপত্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত তৰ্ক হয় আৰু তেওঁক মুছলমান ল'ৰাকেইজনে প্ৰচণ্ড মাৰপিট কৰে।

অপৰাধীক ধৰিবলৈ তদন্তত নামি পৰিছে আৰক্ষী। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ