--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজানৰ সময়ত হনুমান চালিছা লগোৱা বাবে এগৰাকী দোকানীক প্ৰহাৰ কৰিলে মুছলমান যুৱকে।  ইয়াৰ ভিডিঅ’ও পোহৰলৈ আহিছে। ঘটনাটো বেংগালুৰুৰ। 

ভিডিঅ’টোত দেখা গৈছে যে দোকানীজনৰ ওচৰলৈ কেইজনমান ল’ৰা আহে। দুয়ো পক্ষৰ মাজত কথা-বতৰা হয় আৰু তাৰপাছতে আৰম্ভ হয় কাজিয়া। দোকানীজন ৰাস্তালৈ যায় আৰু তাৰপাছত সকলোৱে মিলি তেওঁক মাৰপিট কৰে। এই বিষয়ত হালাছুৰু গেট থানাত এফআইআৰ ৰুজু কৰা হৈছে।

এই কাণ্ড সংঘটিত হৈছে বেংগালুৰুৰ সিদ্দান্না অঞ্চলৰ এখন মেডিকেল ষ্ট’ৰত। সমগ্ৰ ঘটনাটো দোকানখনত সংস্থাপন কৰা চিচিটিভি কেমেৰাত ৰেক'ৰ্ড হৈছে। বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

দোকানীজনে কয় যে আগতেও তেওঁলোকে দোকানলৈ টকা বিচাৰি আহিছিল। ধন নিদিয়াৰ বাবে বিবাদ হৈছিল। সেইদিনা হনুমান চালিছা বজোৱাৰ বাবে তেওঁলোকে আপত্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত তৰ্ক হয় আৰু তেওঁক মুছলমান ল'ৰাকেইজনে প্ৰচণ্ড মাৰপিট কৰে।

অপৰাধীক ধৰিবলৈ তদন্তত নামি পৰিছে আৰক্ষী। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু