--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাতিৰ বাবে নাৰায়ণ মূৰ্তিৰ ডাঙৰ উপহাৰ! কোটিপতি এন আৰ নাৰায়ণ মূৰ্তিৰ নাতি চাৰিমহীয়া  একাগ্ৰও এতিয়া কোটিপতি হ'ল। একাগ্ৰৰ নামত  তেওঁৰ ককাকে ২৪০  কোটি টকাৰো অধিক মূল্যৰ ১৫ লাখ ইনফোচিছৰ  শ্বেয়াৰ  উপহাৰ হিচাবে আগবঢ়াইছে। এই উপহাৰে ইনফোচিছত নাৰায়ণ মূৰ্তিৰ অংশীদাৰিত্ব  ০.৩৬%  হ্ৰাস কৰিছে। 

একাগ্ৰ সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তিৰ তৃতীয় নাতি। ৭৭ বছৰীয়া নাৰায়ণ মূৰ্তিয়ে শেহতীয়াকৈ  অফ-মাৰ্কেট লেনদেনৰ জড়িয়তে তেওঁৰ নাতিলৈ ১৫  লাখ শ্বেয়াৰ স্থানান্তৰ কৰিছে, যি ইনফোচিছৰ ০.০৪% অংশীদাৰিত্বৰ সমান। ইনফোচিছতথকা নিজৰ অংশীদাতিত্বৰ পৰাই নাৰায়ণ মূৰ্তিয়ে নাতিয়েকক এই উপহাৰ দিছে।  ১০ নৱেম্বৰত বাংগালুৰুত ৰোহন মূৰ্তি আৰু অপৰ্ণা কৃষ্ণনৰ ঘৰত জন্মগ্ৰহণ কৰা একাগ্ৰ  হৈছে সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তিৰ তৃতীয় নাতি। 

সুধা মূৰ্তিয়ে শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পিএইচডি কৰা ৰোহন মূৰ্তিয়ে বষ্টনস্থিত ছফ্টৱেৰ ফাৰ্ম চ'ৰোকোৰ মুৰব্বী হিচাবে এতিয়া কাৰ্যনিৰ্বাহ কৰি আছে।  আনহাতে তেওঁৰ পত্নী অপৰ্ণাই মূৰ্তি মিডিয়াৰ নেতৃত্ব দি আছে । একাগ্ৰৰ উপৰি নাৰায়ণ মূৰ্তিৰ  কৃষ্ণা আৰু অনুষ্কা নামৰ দুগৰাকী আন নাতিনীয়েকো আছে।  অক্ষতা মূৰ্তি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ কন্যা, মূৰ্তি দম্পতীৰ নাতি-নাতিনী হিচাপে সকলোৱে নাৰায়ণমূৰ্তিৰ পৰা কিবা নহয় কিবা ভাল উপহাৰ লাভ কৰিছে। 

 ইনফোচিছৰ মালিকীস্বত্বৰ ক্ষেত্ৰত অক্ষতাৰ অংশ হৈছে ১.০৫% . নাৰায়ণমূৰ্তিৰ পত্নী সুধাৰ অংশ হৈছে ০.৯৩% আৰু ৰোহনৰ অংশ হৈছে ১.৬৪%। মূৰ্তিয়ে আন ছযজন সহ-প্ৰতিষ্ঠাপকৰ সৈতে ১৯৮১  চনত ইনফোচিছ প্ৰতিষ্ঠা কৰিছিল। ১৯৮৯  চনত কোম্পানীটো ত্যাগ কৰিছিল এগৰাকী সপ-প্ৰতিষ্ঠাপক অশোক অৰোৰাই। তেওঁক  বাদ দি এতিয়া ইনফোচিছৰ আন  সকলো সহ-প্ৰতিষ্ঠাপক  বিলিয়নেয়াৰ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ