--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাতিৰ বাবে নাৰায়ণ মূৰ্তিৰ ডাঙৰ উপহাৰ! কোটিপতি এন আৰ নাৰায়ণ মূৰ্তিৰ নাতি চাৰিমহীয়া  একাগ্ৰও এতিয়া কোটিপতি হ'ল। একাগ্ৰৰ নামত  তেওঁৰ ককাকে ২৪০  কোটি টকাৰো অধিক মূল্যৰ ১৫ লাখ ইনফোচিছৰ  শ্বেয়াৰ  উপহাৰ হিচাবে আগবঢ়াইছে। এই উপহাৰে ইনফোচিছত নাৰায়ণ মূৰ্তিৰ অংশীদাৰিত্ব  ০.৩৬%  হ্ৰাস কৰিছে। 

একাগ্ৰ সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তিৰ তৃতীয় নাতি। ৭৭ বছৰীয়া নাৰায়ণ মূৰ্তিয়ে শেহতীয়াকৈ  অফ-মাৰ্কেট লেনদেনৰ জড়িয়তে তেওঁৰ নাতিলৈ ১৫  লাখ শ্বেয়াৰ স্থানান্তৰ কৰিছে, যি ইনফোচিছৰ ০.০৪% অংশীদাৰিত্বৰ সমান। ইনফোচিছতথকা নিজৰ অংশীদাতিত্বৰ পৰাই নাৰায়ণ মূৰ্তিয়ে নাতিয়েকক এই উপহাৰ দিছে।  ১০ নৱেম্বৰত বাংগালুৰুত ৰোহন মূৰ্তি আৰু অপৰ্ণা কৃষ্ণনৰ ঘৰত জন্মগ্ৰহণ কৰা একাগ্ৰ  হৈছে সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তিৰ তৃতীয় নাতি। 

সুধা মূৰ্তিয়ে শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পিএইচডি কৰা ৰোহন মূৰ্তিয়ে বষ্টনস্থিত ছফ্টৱেৰ ফাৰ্ম চ'ৰোকোৰ মুৰব্বী হিচাবে এতিয়া কাৰ্যনিৰ্বাহ কৰি আছে।  আনহাতে তেওঁৰ পত্নী অপৰ্ণাই মূৰ্তি মিডিয়াৰ নেতৃত্ব দি আছে । একাগ্ৰৰ উপৰি নাৰায়ণ মূৰ্তিৰ  কৃষ্ণা আৰু অনুষ্কা নামৰ দুগৰাকী আন নাতিনীয়েকো আছে।  অক্ষতা মূৰ্তি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ কন্যা, মূৰ্তি দম্পতীৰ নাতি-নাতিনী হিচাপে সকলোৱে নাৰায়ণমূৰ্তিৰ পৰা কিবা নহয় কিবা ভাল উপহাৰ লাভ কৰিছে। 

 ইনফোচিছৰ মালিকীস্বত্বৰ ক্ষেত্ৰত অক্ষতাৰ অংশ হৈছে ১.০৫% . নাৰায়ণমূৰ্তিৰ পত্নী সুধাৰ অংশ হৈছে ০.৯৩% আৰু ৰোহনৰ অংশ হৈছে ১.৬৪%। মূৰ্তিয়ে আন ছযজন সহ-প্ৰতিষ্ঠাপকৰ সৈতে ১৯৮১  চনত ইনফোচিছ প্ৰতিষ্ঠা কৰিছিল। ১৯৮৯  চনত কোম্পানীটো ত্যাগ কৰিছিল এগৰাকী সপ-প্ৰতিষ্ঠাপক অশোক অৰোৰাই। তেওঁক  বাদ দি এতিয়া ইনফোচিছৰ আন  সকলো সহ-প্ৰতিষ্ঠাপক  বিলিয়নেয়াৰ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু