--°C
Loading...
Listen to Article
2 min read
80%
জিতুমণি বৰা


এতিয়া প্ৰচাৰৰ যুগ। বিভিন্নজনে বিভিন্ন কৌশলেৰে নিজৰ প্ৰচাৰ কৰে। সামাজিক মাধ্যম বিশেষকৈ ফেচবুক,ইনষ্টাগ্ৰাম ,এক্সৰ জৰিয়তে নিজৰ গৰিমা যিমান কৌশলেৰে প্ৰচাৰ কৰিব পাৰি সিমানে লাইক ,কমেণ্ট আৰু মানুহৰ মনোযোগ আকৰ্ষণ কৰাত সফল হোৱাও দেখা যায়। 

ৰাজীৱ শদিয়া মানুহৰ মাজত জনপ্ৰিয় আছিল। কাৰণ অসম আৰু অসমীয়া মানুহৰ অধিকাৰৰ বিষয়টোত  আপোচ কৰা নাছিল। কা বিৰোধ কৰিছিল আৰু মৃত্যু পৰ্যন্ত নিজৰ স্থিতিতে থাকিল। 
ৰাজীৱ শদিয়াক অসমীয়া মানুহে চিনি পাইছিল। সেয়ে মৃত্যুৰ পাছত হোৱা জাগৰণ আৰু মানুহৰ আবেগ বিভিন্ন ধৰণে প্ৰকাশ পাইছে। 

কেতবোৰ কথা আলোচিত হৈছে। সেয়া হ'ল সঁচা মানুহক সন্মান আৰু আদৰ যাচিবলৈ অসমীয়া সমাজখন তেওঁৰ মৃত্যুলৈ ৰৈ থাকে নেকি ?

অভিযোগ কিছু সঁচা ,কিছু মিছা। অৰ্থাৎ অৰ্ধ সত্য। ৰাজহুৱা অনুষ্ঠানত  বিতৰ্কিত কথা-বতৰাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰা মানুহবোৰক আমি ক'ব নোৱাৰাকৈয়ে প্ৰায়ে গুৰুত্ব দিওঁ। এওঁলোক সকলোৰে লগত মিলি থকাৰ পাছতো প্ৰশ্ন কৰিবলৈ আমি সংকোচ কৰোঁ।
এটা কথা আমি মনত ৰখা ভাল যে সঁচা অৰ্থত অসম আৰু অসমীয়া মানুহক ভালপোৱা আৰু বহু অসমীয়া শিল্পী ,সাহিত্যিক, সমাজকৰ্মী এতিয়াও আমাৰ মাজত বিদ্যমান। 
এওঁলোকক এতিয়া অন্ততঃ আমি বিচাৰি উলিওৱাত কাৰ্পণ্য কৰিব নালাগে। 

মই মাত্ৰ দুজনৰ নাম উল্লেখ কৰিম। তেওঁলোক দুগৰাকী হ'ল লোহিত গগৈ আৰু নয়ন অসম কলিয়াবৰীয়া।
আৰু আছে । নামবোৰ আপোনালোকে যোগ দি যাওক। আমি এওঁলোকৰ জাতীয়তাবাদী চিন্তা-চেতনাৰে পুষ্ট গীত আৰু কথাবোৰ হৃদয়ংগম কৰি পাছৰ প্ৰজন্মলৈ আগবঢ়াই দিব লাগিব।

ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত  কৰা ভুল এওঁলোকৰ ক্ষেত্ৰত নোহোৱাটোৱে স্বদেশ আৰু স্বজাতিৰ বাবে মংগলজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ