--°C
Loading...
Listen to Article
2 min read
80%
জিতুমণি বৰা


এতিয়া প্ৰচাৰৰ যুগ। বিভিন্নজনে বিভিন্ন কৌশলেৰে নিজৰ প্ৰচাৰ কৰে। সামাজিক মাধ্যম বিশেষকৈ ফেচবুক,ইনষ্টাগ্ৰাম ,এক্সৰ জৰিয়তে নিজৰ গৰিমা যিমান কৌশলেৰে প্ৰচাৰ কৰিব পাৰি সিমানে লাইক ,কমেণ্ট আৰু মানুহৰ মনোযোগ আকৰ্ষণ কৰাত সফল হোৱাও দেখা যায়। 

ৰাজীৱ শদিয়া মানুহৰ মাজত জনপ্ৰিয় আছিল। কাৰণ অসম আৰু অসমীয়া মানুহৰ অধিকাৰৰ বিষয়টোত  আপোচ কৰা নাছিল। কা বিৰোধ কৰিছিল আৰু মৃত্যু পৰ্যন্ত নিজৰ স্থিতিতে থাকিল। 
ৰাজীৱ শদিয়াক অসমীয়া মানুহে চিনি পাইছিল। সেয়ে মৃত্যুৰ পাছত হোৱা জাগৰণ আৰু মানুহৰ আবেগ বিভিন্ন ধৰণে প্ৰকাশ পাইছে। 

কেতবোৰ কথা আলোচিত হৈছে। সেয়া হ'ল সঁচা মানুহক সন্মান আৰু আদৰ যাচিবলৈ অসমীয়া সমাজখন তেওঁৰ মৃত্যুলৈ ৰৈ থাকে নেকি ?

অভিযোগ কিছু সঁচা ,কিছু মিছা। অৰ্থাৎ অৰ্ধ সত্য। ৰাজহুৱা অনুষ্ঠানত  বিতৰ্কিত কথা-বতৰাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰা মানুহবোৰক আমি ক'ব নোৱাৰাকৈয়ে প্ৰায়ে গুৰুত্ব দিওঁ। এওঁলোক সকলোৰে লগত মিলি থকাৰ পাছতো প্ৰশ্ন কৰিবলৈ আমি সংকোচ কৰোঁ।
এটা কথা আমি মনত ৰখা ভাল যে সঁচা অৰ্থত অসম আৰু অসমীয়া মানুহক ভালপোৱা আৰু বহু অসমীয়া শিল্পী ,সাহিত্যিক, সমাজকৰ্মী এতিয়াও আমাৰ মাজত বিদ্যমান। 
এওঁলোকক এতিয়া অন্ততঃ আমি বিচাৰি উলিওৱাত কাৰ্পণ্য কৰিব নালাগে। 

মই মাত্ৰ দুজনৰ নাম উল্লেখ কৰিম। তেওঁলোক দুগৰাকী হ'ল লোহিত গগৈ আৰু নয়ন অসম কলিয়াবৰীয়া।
আৰু আছে । নামবোৰ আপোনালোকে যোগ দি যাওক। আমি এওঁলোকৰ জাতীয়তাবাদী চিন্তা-চেতনাৰে পুষ্ট গীত আৰু কথাবোৰ হৃদয়ংগম কৰি পাছৰ প্ৰজন্মলৈ আগবঢ়াই দিব লাগিব।

ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত  কৰা ভুল এওঁলোকৰ ক্ষেত্ৰত নোহোৱাটোৱে স্বদেশ আৰু স্বজাতিৰ বাবে মংগলজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা