--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপত সোণালী গ্ল’ভছ হাতত লৈ আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজৰ অশ্লীল ইংগিতে ধুমুহাৰ সৃষ্টি হৈছিল। সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছিল। কিন্তু আৰ্জেণ্টিনাত তেওঁৰ এই ইংগিতৰ জনপ্ৰিয়তা বাঢ়িছে। তাৰেই উদাহৰণ দেখা গ’ল শেহতীয়াকৈ আৰ্জেণ্টিনা আৰু পানামাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত।

খেলখনৰ পিছত মাৰ্টিনেজকে ধৰি আৰ্জেণ্টিনাৰ একাংশ ফুটবলাৰক বিশ্বকাপ হাতত লৈ অশ্লীল উল্লাস কৰা দেখা গৈছিল। আৰ্জেণ্টিনাৰ একাংশ ফুটবলাৰৰ পত্নী আৰু প্ৰেমিকাও ইয়াত যোগদান কৰে। শনিবাৰে এই ছবিসমূহ ভাইৰেল হৈ পৰিছে।

বৃহস্পতিবাৰে খেলখনৰ পিছত মাৰ্টিনেজৰ পত্নী মাণ্ডিনহাই আৰম্ভ কৰে স্বামীৰ উক্ত ইংগিতটো। তেওঁৰ কাষত পোজ দিছিল 
ফুটবলাৰ জেৰ’নিমো ৰুলিৰ প্ৰেমিকা ৰ’চিঅ’ ছুৱেৰেজ, মাৰ্কছ আকুনাৰ প্ৰেমিকা জুলিয়া ছিলভা, জাৰ্মান পেজাৰাৰ প্ৰেমিকা অগাষ্টিনা বাস্কেৰানো আৰু গুইডো ৰড্ৰিগেজৰ প্ৰেমিকা ভাডা ৰেমনে। ৰুলিৰ প্ৰেমিকা ছুৱেৰেজে ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে, ''আমি ল’ৰাকেইটাৰ সফলতা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো।’’

অৱশ্যে সেই ইয়াত মেছিৰ প্ৰেমিকা এণ্টনেলাক ক’তো দেখা নগ’ল। মেছিয়েও তেনেধৰণৰ উল্লাস কৰা দেখা পোৱা নগ’ল।

কোৱা বাহুল্য যে তেওঁলোকৰ এই কাণ্ডইও যথেষ্ট সমালোচনা লাভ কৰিছিল। প্ৰায়বোৰ অনুৰাগীয়ে ফুটবলাৰ প্ৰেমিকাসকলৰ এই আচৰণক ‘ৰুচিহীন’ বুলি অভিহিত কৰে।

উল্লেখ্য যে বুয়েনছ আয়াৰ্ছত পানামাৰ বিৰুদ্ধে খেলা প্ৰদৰ্শনীমূলক মেচখনত আৰ্জেণ্টিনাই ২-০ গ’লত জয়লাভ কৰে। গ’ল দিয়ে লিয়নেল মেছি আৰু থিয়াগো আলমাডাই। খেলৰ শেষত সকলো ফুটবলাৰে নিজৰ পৰিয়ালবিলাকক খেলপথাৰলৈ মাতিলে। খেলপথাৰত সকলোৱে শাৰী পাতি থিয় হ’ল। সকলোৰে সন্মুখত স্থাপন কৰা হ’ল বিশ্বকাপৰ প্ৰতিৰূপ।

মাৰ্টিনেজে নিজৰ যৌনাংগৰ সন্মুখত বিশ্বকাপটো লৈ একেধৰণৰ ইংগিত দিয়া দেখা যায়। এইবাৰ তেওঁ অকলশৰীয়া নাছিল। গুইডো ৰড্ৰিগেজ, জেৰ’নিমো ৰুলি, জেৰমান পেগিয়া, মাৰ্কছ আকুনা আদি ফুটবলাৰক মাৰ্টিনেজৰ সৈতে যোগ দিয়া দেখা গৈছে। অৱশ্যে এই উল্লাসত যোগ দিয়া নাছিল মেছিয়ে। ট্ৰফী লৈ এফালে পৰিয়ালৰ সৈতে থিয় হৈ আছিল তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?