--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপত সোণালী গ্ল’ভছ হাতত লৈ আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজৰ অশ্লীল ইংগিতে ধুমুহাৰ সৃষ্টি হৈছিল। সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছিল। কিন্তু আৰ্জেণ্টিনাত তেওঁৰ এই ইংগিতৰ জনপ্ৰিয়তা বাঢ়িছে। তাৰেই উদাহৰণ দেখা গ’ল শেহতীয়াকৈ আৰ্জেণ্টিনা আৰু পানামাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত।

খেলখনৰ পিছত মাৰ্টিনেজকে ধৰি আৰ্জেণ্টিনাৰ একাংশ ফুটবলাৰক বিশ্বকাপ হাতত লৈ অশ্লীল উল্লাস কৰা দেখা গৈছিল। আৰ্জেণ্টিনাৰ একাংশ ফুটবলাৰৰ পত্নী আৰু প্ৰেমিকাও ইয়াত যোগদান কৰে। শনিবাৰে এই ছবিসমূহ ভাইৰেল হৈ পৰিছে।

বৃহস্পতিবাৰে খেলখনৰ পিছত মাৰ্টিনেজৰ পত্নী মাণ্ডিনহাই আৰম্ভ কৰে স্বামীৰ উক্ত ইংগিতটো। তেওঁৰ কাষত পোজ দিছিল 
ফুটবলাৰ জেৰ’নিমো ৰুলিৰ প্ৰেমিকা ৰ’চিঅ’ ছুৱেৰেজ, মাৰ্কছ আকুনাৰ প্ৰেমিকা জুলিয়া ছিলভা, জাৰ্মান পেজাৰাৰ প্ৰেমিকা অগাষ্টিনা বাস্কেৰানো আৰু গুইডো ৰড্ৰিগেজৰ প্ৰেমিকা ভাডা ৰেমনে। ৰুলিৰ প্ৰেমিকা ছুৱেৰেজে ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে, ''আমি ল’ৰাকেইটাৰ সফলতা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো।’’

অৱশ্যে সেই ইয়াত মেছিৰ প্ৰেমিকা এণ্টনেলাক ক’তো দেখা নগ’ল। মেছিয়েও তেনেধৰণৰ উল্লাস কৰা দেখা পোৱা নগ’ল।

কোৱা বাহুল্য যে তেওঁলোকৰ এই কাণ্ডইও যথেষ্ট সমালোচনা লাভ কৰিছিল। প্ৰায়বোৰ অনুৰাগীয়ে ফুটবলাৰ প্ৰেমিকাসকলৰ এই আচৰণক ‘ৰুচিহীন’ বুলি অভিহিত কৰে।

উল্লেখ্য যে বুয়েনছ আয়াৰ্ছত পানামাৰ বিৰুদ্ধে খেলা প্ৰদৰ্শনীমূলক মেচখনত আৰ্জেণ্টিনাই ২-০ গ’লত জয়লাভ কৰে। গ’ল দিয়ে লিয়নেল মেছি আৰু থিয়াগো আলমাডাই। খেলৰ শেষত সকলো ফুটবলাৰে নিজৰ পৰিয়ালবিলাকক খেলপথাৰলৈ মাতিলে। খেলপথাৰত সকলোৱে শাৰী পাতি থিয় হ’ল। সকলোৰে সন্মুখত স্থাপন কৰা হ’ল বিশ্বকাপৰ প্ৰতিৰূপ।

মাৰ্টিনেজে নিজৰ যৌনাংগৰ সন্মুখত বিশ্বকাপটো লৈ একেধৰণৰ ইংগিত দিয়া দেখা যায়। এইবাৰ তেওঁ অকলশৰীয়া নাছিল। গুইডো ৰড্ৰিগেজ, জেৰ’নিমো ৰুলি, জেৰমান পেগিয়া, মাৰ্কছ আকুনা আদি ফুটবলাৰক মাৰ্টিনেজৰ সৈতে যোগ দিয়া দেখা গৈছে। অৱশ্যে এই উল্লাসত যোগ দিয়া নাছিল মেছিয়ে। ট্ৰফী লৈ এফালে পৰিয়ালৰ সৈতে থিয় হৈ আছিল তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ