--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্বলি উঠিল অসমকন্যা লাভলীনা বৰগোঁহাই। নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰেনাত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ আন এক সোণৰ পদক দখল কৰে লাভলীনাই। দেওবাৰে ফাইনেলত অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি ৭৫ কেজি শাখাত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক লাভ কৰে।

উল্লেখ্য যে ফাইনেলত প্ৰৱেশ কৰা চাৰিওগৰাকী ভাৰতীয় বক্সাৰে সোণৰ পদক লাভ কৰে। অলিম্পিকৰ পাছত এইবাৰ লাভলীনা বিশ্বৰ শ্ৰেষ্ঠতম হিচাপে পৰিগণিত হয়। কেটলিন পাৰ্কাৰক তেওঁ পৰাস্ত কৰে ৫-২ ব্যৱধানত।

লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বক্সিংত অলিম্পিক পদক লাভ কৰা দুগৰাকী ভাৰতীয় মহিলাৰ ভিতৰত তেওঁৱো অন্যতম। মেৰী কমে বিশ্ব চেম্পিয়নশ্বিপৰ ইতিহাসত অভিলেখ সৃষ্টি কৰিছিল ছটা স্বৰ্ণ পদক। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰা আন একমাত্ৰ ভাৰতীয় নিখাত জৰীণ।

লাভলীনাই মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭টা পদক লাভ কৰা ভাৰতীয় মহিলা বক্সাৰৰ তালিকাত মেৰী কম (২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০, আৰু ২০১৮), সৰিতা দেৱী (২০০৬), জেনী আৰ এল (২০০৬), লেখা কে চি (২০০৬), নিখাত জৰীণ (২০২২, ২০২৩), আৰু নিতু ঘাংহাছ (২০১৮)ৰ সৈতে যোগদান কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ