--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্বলি উঠিল অসমকন্যা লাভলীনা বৰগোঁহাই। নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰেনাত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ আন এক সোণৰ পদক দখল কৰে লাভলীনাই। দেওবাৰে ফাইনেলত অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি ৭৫ কেজি শাখাত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক লাভ কৰে।

উল্লেখ্য যে ফাইনেলত প্ৰৱেশ কৰা চাৰিওগৰাকী ভাৰতীয় বক্সাৰে সোণৰ পদক লাভ কৰে। অলিম্পিকৰ পাছত এইবাৰ লাভলীনা বিশ্বৰ শ্ৰেষ্ঠতম হিচাপে পৰিগণিত হয়। কেটলিন পাৰ্কাৰক তেওঁ পৰাস্ত কৰে ৫-২ ব্যৱধানত।

লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বক্সিংত অলিম্পিক পদক লাভ কৰা দুগৰাকী ভাৰতীয় মহিলাৰ ভিতৰত তেওঁৱো অন্যতম। মেৰী কমে বিশ্ব চেম্পিয়নশ্বিপৰ ইতিহাসত অভিলেখ সৃষ্টি কৰিছিল ছটা স্বৰ্ণ পদক। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰা আন একমাত্ৰ ভাৰতীয় নিখাত জৰীণ।

লাভলীনাই মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭টা পদক লাভ কৰা ভাৰতীয় মহিলা বক্সাৰৰ তালিকাত মেৰী কম (২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০, আৰু ২০১৮), সৰিতা দেৱী (২০০৬), জেনী আৰ এল (২০০৬), লেখা কে চি (২০০৬), নিখাত জৰীণ (২০২২, ২০২৩), আৰু নিতু ঘাংহাছ (২০১৮)ৰ সৈতে যোগদান কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু