--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মেগা ছুপাৰষ্টাৰ শ্বাহৰূখ খান পুনৰ পত্নীৰ লগত হোৱা বাক-বিতণ্ডাৰ বাবে সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। শেহতীয়াকৈ দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰৰ মুকলি অনুষ্ঠানত শ্বাহৰূখে ‘পাঠান’ ছবিৰ ‘ঝুমে জো পাঠান’ গীতটোৰ ওপৰত এক নৃত্য কৰা পৰিলক্ষিত হৈছে। এই সময়ছোৱাত শ্বাহৰূখৰ বহু ফটো-ভিডিঅ’ চৰ্চালৈ আহিছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে শ্বাহৰূখ খানৰ এটা শেহতীয়া ভিডিঅ’ য’ত তেওঁক পত্নী গৌৰী খানৰ সৈতে বাক-বিতণ্ডা কৰা দেখা গৈছে।

ইনষ্টেণ্ট বলীউডে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা শেহতীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টোত শ্বাহৰূখ খান আৰু গৌৰী খানক একেলগে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টো চাই অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে শ্বাহৰূখ আৰু গৌৰীৰ মাজত হয়তো কিবা এটা বিষয় লৈ তৰ্ক হৈছে।যাৰ বাবে শ্বাহৰূখ খানক খঙাল অৱস্থাত দেখা গৈছে। 

ইপিনে উক্ত ভিডিঅ’টিতে পত্নী গৌৰীয়ে কিং খানক বুজনি দি থকা দেখা গৈছে। এনে পৰিস্থিতিত এতিয়া  শ্বাহৰূখ আৰু গৌৰী খানৰ এই  ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে খান দম্পতীৰ এই ভিডিঅ’টো চাই অনুৰাগীসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰদান কৰা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী