--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিম জং উনে কান্দিছে! শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ একনায়কৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক চকু পানী টুকি থকা দেখা গৈছে।

ভিডিঅ’ত দেখা গৈছে এখন ৰাজহুৱা সভাত হাজাৰ হাজাৰ মহিলা দৰ্শকৰ মাজত বহি থকা কিমৰ চকু দুটা বাৰে বাৰে টিপটিপিয়া হৈ আছে। ফুলি উঠা গাল দুটাৰ তললৈ চকুপানী বৈ আহিছে। যাতে কোনেও সেয়া নেদেখে, তাৰবাবে কিমে গালত হাত থৈ চকুপানীখিনি মচি দিয়ে।  ৰুমালৰেও মচিছে। মুখখন তললৈ নমাই ৰুমালেৰে চকু মচিছে।

 এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কিন্তু কিমে কিয় কান্দিছে? কোৰিয়াৰ চেণ্ট্ৰেল টেলিভিছনৰ বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ মাতৃসকলে আহ্বান কৰা এখন বৈঠকৰ সময়ত এই ঘটনা সংঘটিত হয়। পিয়ংইয়াঙত অনুষ্ঠিত হোৱা বৈঠকখনৰ আহ্বান জনাইছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদীয়ে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ জন্মৰ হাৰ কম হৈছে। সেই সন্দৰ্ভত কিমে দেশৰ মাতৃসকলৰ সহায় বিচাৰিছিল। অধিক সন্তান জন্ম দিবলৈ অনুৰোধ জনোৱা বৈঠকত কিমে উত্তৰ কোৰিয়াৰ মাতৃসকলক কয়- ''দেশখনৰ জন্মৰ হাৰ বৃদ্ধিৰ স্বাৰ্থত আমাক মাতৃৰ সহায়ৰ প্ৰয়োজন। একে সময়তে মই এইটোও ক’ব বিচাৰো যে যিকোনো সমস্যাত পৰিলে মইও মোৰ মাকেই প্ৰথমে মনত পেলাওঁ।’’

প্ৰসংগক্ৰমে যোৱা বছৰৰ হিচাপ অনুসৰি উত্তৰ কোৰিয়াত জন্মৰ হাৰ ১.৮ শতাংশ হৈছেগৈ। উত্তৰ কোৰিয়াত এতিয়া মুঠ জনসংখ্যা ২৫ লাখ। এই দেশখন দীৰ্ঘদিন ধৰি খাদ্য সংকটত ভুগি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ