--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিম জং উনে কান্দিছে! শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ একনায়কৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক চকু পানী টুকি থকা দেখা গৈছে।

ভিডিঅ’ত দেখা গৈছে এখন ৰাজহুৱা সভাত হাজাৰ হাজাৰ মহিলা দৰ্শকৰ মাজত বহি থকা কিমৰ চকু দুটা বাৰে বাৰে টিপটিপিয়া হৈ আছে। ফুলি উঠা গাল দুটাৰ তললৈ চকুপানী বৈ আহিছে। যাতে কোনেও সেয়া নেদেখে, তাৰবাবে কিমে গালত হাত থৈ চকুপানীখিনি মচি দিয়ে।  ৰুমালৰেও মচিছে। মুখখন তললৈ নমাই ৰুমালেৰে চকু মচিছে।

 এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কিন্তু কিমে কিয় কান্দিছে? কোৰিয়াৰ চেণ্ট্ৰেল টেলিভিছনৰ বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ মাতৃসকলে আহ্বান কৰা এখন বৈঠকৰ সময়ত এই ঘটনা সংঘটিত হয়। পিয়ংইয়াঙত অনুষ্ঠিত হোৱা বৈঠকখনৰ আহ্বান জনাইছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদীয়ে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ জন্মৰ হাৰ কম হৈছে। সেই সন্দৰ্ভত কিমে দেশৰ মাতৃসকলৰ সহায় বিচাৰিছিল। অধিক সন্তান জন্ম দিবলৈ অনুৰোধ জনোৱা বৈঠকত কিমে উত্তৰ কোৰিয়াৰ মাতৃসকলক কয়- ''দেশখনৰ জন্মৰ হাৰ বৃদ্ধিৰ স্বাৰ্থত আমাক মাতৃৰ সহায়ৰ প্ৰয়োজন। একে সময়তে মই এইটোও ক’ব বিচাৰো যে যিকোনো সমস্যাত পৰিলে মইও মোৰ মাকেই প্ৰথমে মনত পেলাওঁ।’’

প্ৰসংগক্ৰমে যোৱা বছৰৰ হিচাপ অনুসৰি উত্তৰ কোৰিয়াত জন্মৰ হাৰ ১.৮ শতাংশ হৈছেগৈ। উত্তৰ কোৰিয়াত এতিয়া মুঠ জনসংখ্যা ২৫ লাখ। এই দেশখন দীৰ্ঘদিন ধৰি খাদ্য সংকটত ভুগি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ