--°C
Loading...
Listen to Article
2 min read
80%
২৮ জুন ২০২৩, বুধবাৰ

মেষঃ আজি আপুনি আপোনাৰ কল্পনাশক্তি আৰু সৃজনশীলতাক ভাল কামত লগাব পাৰিব। আপুনি বৌদ্ধিক প্ৰৱণতা বা আলোচনাত অংশগ্ৰহণ কৰিব বিচাৰিব। সন্তানৰ পৰা ভাল খবৰ পাব। বন্ধুবৰ্গৰ পৰা সমৰ্থন পাব। প্ৰিয় ব্যক্তিৰ সাক্ষাতে আনন্দ দিব। অত্যধিক চিন্তাৰ বাবে মন বিচলিত হ’ব। আজিৰ সকলো কাম শাৰীৰিক, মানসিক সতেজতাৰ সৈতে কৰিব পাৰিব।

বৃষঃ আপুনি দিনটো শান্তিপূৰ্ণভাৱে কটাব। শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটিব। মাতৃৰ স্বাস্থ্য সম্পৰ্কে চিন্তা আঁতৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদৰ বাবে মনটো দুখী হ’ব। স্থায়ী সম্পত্তি আৰু বাহন আদিৰ নথিপত্ৰৰ কামত সাৱধান হোৱাৰ প্ৰয়োজন আছে। ক্ষতিৰ সম্ভাৱনা আছে। পানীৰ পৰা ভয় থাকিব।

মিথুনঃ আজি আপোনাৰ ওপৰত ৰহস্যবাদ আৰু আধ্যাত্মিকতাৰ ৰং থাকিব। আপুনি নতুন কাম কৰিবলৈ অনুপ্ৰাণিত হ’ব। আজি এই ৰাশিৰ মহিলাসকলৰ স্বাস্থ্য ভাল হ’ব আৰু মনত অতিশয় আনন্দ অনুভৱ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। বন্ধু আৰু আত্মীয়ৰ সাক্ষাতে আনন্দ দিব। ভাগ্য আপোনাৰ সৈতে থাকিব। ব্যৱসায়ত অগ্ৰগতি হ’ব।

কৰ্কটঃ কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব, বিতৰ্কৰ পৰা দূৰত থকাটো ভাল।পৰিয়ালত শান্তি বৰ্তি থাকিব, পেছা আৰু ব্যক্তিগত সময় ভালদৰে পাৰ হ’ব।আত্মবিশ্বাস তুংগত থাকিব, সহকৰ্মীসকলৰ সহায় লাভ কৰিব কৰ্মক্ষেত্ৰত।কৰ্মক্ষেত্ৰত সৃজনশীলতাই সুনাম কঢ়িয়াই আনিব, কিন্তু সন্তানক লৈ দুঃশ্চিন্তা থাকিব।


সিংহঃ কৰ্মক্ষেত্ৰত সৃজনশীলতাই সুনাম কঢ়িয়াই আনিব, কিন্তু সন্তানক লৈ দুঃশ্চিন্তা থাকিব।আৰ্থিক দিশত পৰিস্থিতি আৰু অধিক বেয়া হ’ব পাৰে। বুদ্ধি খটুৱাই সিদ্ধান্ত লওক। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে, প্ৰণয়ৰ সম্পৰ্ক আৰু অধিক গাঢ় হ’ব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব, নিজৰ আৰু সন্তানৰ স্বাস্থ্যৰ দিশে মন দিয়ক।

কন্যাঃ  পাৰিবাৰিক ক্ষেত্ৰত সংগীৰ সমৰ্থন লাভ কৰিব, কৰ্মক্ষেত্ৰত যশ বৃদ্ধি হ’ব। পৰিয়ালত অশান্তি হ’ব, কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ সৈতে বাদানুবাদৰ সম্ভাৱনা আছে। পাৰিবাৰিক সময় ভালদৰে পাৰ হ’ব, কৰ্মক্ষেত্ৰত চাপ পাতল হোৱাৰ সম্ভাৱনা আছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক, নহ’লে কোনো কাম ঠিকমতে নহ’ব। 

তুলাঃ  বিলাসবহুল সামগ্ৰী কিনাৰ ক্ষেত্ৰত একেবাৰতে বহু টকা খৰচ হ’ব পাৰে। দিনটোৰ পুৱাৰ ভাগত চাপ কম হ’লেও সময় যোৱাৰ লগে লগে কামৰ চাপত দিশহাৰা হোৱাৰ সম্ভাৱনা আছে। জীৱনৰ লক্ষ্য পূৰণ হ'ব, এই সময়ত প্ৰয়োজনীয় প্ৰস্তুতি কৰিব লাগিব। ইতিবাচক চিন্তাধাৰাই উন্নতিৰ দিশত আগুৱাই নিব। ব্যৰ্থতাৰ আশংকা পুহি ৰাখিলে নহ’ব।

বৃশ্চিকঃ অতীতৰ স্মৃতিৰ তিক্ততা আঁতৰাই পেলাব লাগিব। আপোনাৰ অপেক্ষাত নতুন কোনোবাই অপেক্ষা কৰিছে। ওচৰে–পাজৰে ভ্ৰমণৰ যোগ আছে যদিও তাৰ বাবে সময় উলিওৱা সহজ নহ’ব। সম্পৰ্কত আন পক্ষৰ কথা শুনা প্ৰয়োজন। কিন্তু সকলো কথা বিশ্বাস নকৰিলেও হ’ব।

ধনুঃ উপযুক্ত ব্যক্তিৰ ওচৰত মন খুলিলে ভৱিষ্যতে এক সুন্দৰ পাৰ্টনাৰশ্বিপৰ সম্ভাৱনা আছে। কামৰ চাপত আনক সময় দিব নোৱাৰিলেও অপমান কৰা উচিত নহ’ব। চাৰিওফালৰ সকলোৰে বিশ্বাসী নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মনৰ কথা কোৱা উচিত। মনত বহু পৰিকল্পনা আহিব, তাৰ মাজৰ পৰা বাস্তৱসন্মত পন্থা বাচি পদক্ষেপ লোৱা প্ৰয়োজন।

মকৰঃ আশে–পাশে ঘটনা ঘটনাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। নিজৰ মনৰ কথা শুনিব লাগিব।  নতুন বন্ধু পাব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ভৱিষ্যৎ পৰিকল্পনা কৰাৰ এয়া আদৰ্শ সময়। সকলোকে মুগ্ধ কৰাৰ ক্ষমতা আছে। সকলোৰে প্ৰশংসা পোৱা সম্ভৱ হ’ব। নতুন বন্ধুৰ সংস্পৰ্শলৈ আহিব পাৰে।

কুম্ভঃ নিজৰ কাম আৰু চলা–ফুৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব। সামান্য আঘাতৰ আশংকা আছে।  প্ৰাণশক্তিৰে পৰিপূৰ্ণ হৈ থাকিব। বন্ধু বা বিশেষ কোনো মানুহৰ সৈতে ফুৰিবলৈ যাব পাৰে। আৰ্থিক লাভৰ যোগ আছে।  নাম আৰু খ্যাতি লাভ কৰিব পাৰে। দীৰ্ঘম্যাদী লক্ষ্য পূৰণৰ বাবে এখন পৰিশ্ৰম কৰিব পাৰে।

মীনঃ কোনো কামতে খৰখেদা নকৰিব। ধৈৰ্য ধৰি কাম কৰিব লাগিব। নিজৰ চকুৰ যতন ল’ব লাগিব। নতুন কোনো কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। কৰ্মজীৱনত পৰিৱৰ্তনৰ কথা ভাবিলে সেয়া কৰিব পাৰে। কোনো মনস্তাত্বিক ঘটনাই অস্বস্তিত পেলাব পাৰে। অতীতৰ কোনো বেয়া স্মৃতি বন্ধুৰ সৈতে শ্বেয়াৰ কৰিলে ভাল হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ