--°C
Loading...
Listen to Article
2 min read
80%
২৭ জুন, মঙলবাৰ, ২০২৩

মেষ ৰাশিঃ স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। পৰিয়ালৰ সদস্যসমূহে সকলো কামত আপোনাক বহুত সহযোগ কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত থকা অশান্তি দূৰ হ'ব। যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি বেয়ালৈ ঢাল খাব পাৰে।

বৃষ ৰাশিঃ মাদক দ্ৰব্যৰ পৰা দূৰত থাকক। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে।

মিথুন ৰাশিঃ আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। আজি আপোনাৰ সহকৰ্মীয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হ'ব। 

কৰ্কট ৰাশিঃ হতাশা আৰু চিন্তাই আপোনাৰ ৰোগ বঢ়াব পাৰে। মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগী সকলো কামতে সহায়কাৰী হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ বহুত প্ৰশংসা কৰিব।


সিংহ ৰাশিঃ আপোনাৰ আত্মবিশ্বাসৰ স্তৰ বাঢ়িব। কামৰ মাজত মানুহৰ লগত মিলা-প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাব। আজি আপুনি অনুভৱ কৰিব যে কাৰোবাৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।

কন্যা ৰাশিঃ স্বা্স্থ্যৰ প্ৰতি অধিক যত্ন লোৱা দৰকাৰ। একো বিশেষ নকৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বাহিৰা খাদ্য নাখাব। চোৰৰ পৰা সাৱধান।

তুলা ৰাশিঃ আজি আপোনাৰ ধন লাভ হ'ব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব।

বৃশ্চিক ৰাশিঃ কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব লগতে উচিত মূল্যৰ ধন জমা হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। ঘৰত সমস্যাৰ সৃ্ষ্টি হ'ব পাৰে। আপুনি জীৱনসংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক।

ধনু ৰাশিঃ আজি আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত কাজিয়া হ'ব পাৰে। আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।

মকৰ ৰাশিঃ পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক। আপোনাৰ সন্তানে ঘৰত সুখী অৰু শান্ত পৰিৱেশ সৃষ্টি কৰিব। ঘৰৰ আৰ্থিক সংকট আঁতৰিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।

কুম্ভ ৰাশিঃ আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আজি বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা হব পাৰে। জীৱনসংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটোৱে আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে। আলহী আহিব।

মীন ৰাশিঃ ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপোনাৰ ঘনিষ্ঠ লোকসকলে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব। কোনোবা বন্ধু অথবা ওচৰ-চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক-বিতণ্ডা হ'ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস