--°C
Loading...
Listen to Article
2 min read
80%
০৯/০৪/ ২০২৪, মঙলবাৰ

মেষঃ মেষ ৰাশিৰ আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰ মাজতে কিছু লাভৱান হ'ব। মানসিক অশান্তি একেই থাকিব যদিও সন্ধিয়াৰ পৰা কিছু উন্নত হ'ব। প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ অশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। 

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক।  প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি মন নবহা হ'ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্ম তৎপৰতা বৃদ্ধি হ'ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব যদিও সন্ধিয়াৰ পৰা অলপ শুভ কাৰক হ'ব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ আনন্দ-উৎসাহত বাধা আহিব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ দুশ্চিন্তা আৰু অস্থিৰতাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰো অশান্তি বাঢ়িব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি সন্ধিয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰত কষ্টদায়ক হ'ব।  প্ৰেম আৰু পাৰিবাৰিকত অলপ শান্তি হ'ব । শিক্ষাৰ্থীৰ মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। শিল্পী, সাহিত্যিকৰো দুশ্চিন্তা আৰু অশান্তি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৱান হোৱাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰে লাভৱান হ'ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যোগ। সন্ধিয়াৰ পৰা কিছু সকাহ পাব পাৰে।পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীয়ে নিজক ভৱিষ্যতৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিব পাৰে।শিল্পী, সাহিত্য, ক্ৰীড়া, সংবাদসেৱাত যুক্তসকলৰ কিছু উন্নতি কাৰক হ'ব। সমাজসেৱা আৰু ৰাজনীতিত জড়িতসকলৰ কৰ্মৰ অস্থিৰতা থাকিব। কৰ্ম বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ'ব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত কিছু অশুভ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ'ব। মনৰো অশান্তি কিছু হ্ৰাস পাব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ নতুনকৈ কৰ্মত উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বৃদ্ধিৰ কাৰক।আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সফল হ'ব।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ ৰোগ, অশান্তি কাৰক। সন্ধিয়াৰ পৰা অশান্তি আৰু মনৰো যথেষ্ট দুশ্চিন্তা হ'ব পাৰে। প্ৰেম-প্ৰীতি, সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া ফল পাব। শিক্ষাৰ্থীৰ উৎসাহ হ্ৰাস পাব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎাসহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজসেৱীৰ লাভৰ যোগ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা অলপ অশান্তি হ'ব পাৰে। মানসিক দিশতো অশান্তি থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন কৰ্মত উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ'ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ হ'ব। মানসিক দিশত কিছু হতাশা আহিব। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ চিন্তা সত্ত্বেও লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক হ'ব।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা জলজ ৰোগে আমনি দিব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। সাহিত্যিক, ক্ৰীড়াবিদ আৰু শিল্পীৰ মানসিক অশান্তি হ'লেও উন্নতিমূলক যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ'ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ'ব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু সুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু মানসিক অশান্তি হ'ব পাৰে। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদসকলৰ কৰ্মত উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত কিছু উন্নতিদায়ক হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে