--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ দেখা পোৱা যাব৷ ইতিহাসৰ অন্যতম আটাইতকৈ দীঘল এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব৷ সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলে এই বিৰল মহাজাগতিক পৰিঘটনাৰ প্ৰতি আগ্ৰহেৰে বাট চাই আছে। আজিৰ সূর্য গ্রহণ প্রায় ৫ ঘণ্টা ১০ মিনিটৰ হ’ব। ইয়াৰে চাৰে সাত মিনিট হ’ব পূর্ণ গ্রাস। সেই সময়ত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব৷ ভাৰতীয় সময় অনুসৰি আজি নিশা ৯-১২ বজাত গ্ৰহণ আৰম্ভ হ’ব আৰু নিশা ২-২২ বজাত অন্ত পৰিব। আনহাতে আমেৰিকা, কানাডা, আয়াৰলেণ্ড তথা ইংলেণ্ডৰ দৰে দেশবোৰত বিয়লি ২-১৫ বজাত গ্ৰহণ আৰম্ভ হ’ব। সর্বপ্রথমে গ্রহণ দেখা পোৱা যাব মেক্সিকোত। দেশখনত স্থানীয় সময়মতে দিনৰ ১১-০৭ বজাত গ্ৰহণ আৰম্ভ হ’ব। প্রায় ৫৪ বছৰৰ পাছত চ’ত মাহৰ অমাৱস্যাত গ্ৰহণ হ’ব।

সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি অসমীয়া সমাজতো কেতবোৰ জনবিশ্বাস প্ৰচলিত হৈ আহিছে৷ বিজ্ঞানৰ সৈতে জড়িত নহ’লেও যুগে যুগে একাংশ লোকে অৱলম্বম কৰি আহিছে কেতবোৰ নীতি-নিয়ম৷ 

সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰিব নালাগে?
কোৱা হয় যে সূৰ্যগ্ৰহণৰ সময়ত পোনপটীয়াকৈ সূৰ্যলৈ চাব নালাগে। ব্ৰঞ্জৰ পাত্ৰত থকা পানীৰ পৰা আৰম্ভ কৰি অসাৰ এক্স-ৰে প্লেটলৈকে সকলো বস্তুকে সূৰ্যগ্ৰহণ চাবলৈ ব্যৱহাৰ কৰা হৈছে। এতিয়া অৱশ্যে বিশেষ ছানগ্লাছৰ সহায়ত সূৰ্যগ্ৰহণ দেখা পোৱা গৈছে।
 
জ্যোতিষীৰ মতে সূৰ্য দেৱতাই মানুহৰ ভাগ্যক প্ৰভাৱিত কৰে। গতিকে, যদি এই বিশেষ দিনটোত খাদ্য গ্ৰহণৰ কিছু নিয়ম থাকে৷ সূৰ্যগ্ৰহণৰ সময়ত যিকোনো বস্তু খোৱাৰ পূৰ্বে মানুহে সাৱধান হ’ব লাগে। আৰু গ্ৰহণৰ সময়ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হয়৷

সূৰ্যগ্ৰহণক লৈ কিছু লোককথা প্ৰচলিত হৈ আছে৷ পানী নোখোৱা, খাদ্য নোখোৱা আদি বহু নিয়ম আছে। এই সময়ত যৌন সম্পৰ্ক নিষিদ্ধ, মল-মূত্ৰ ত্যাগো নিষিদ্ধ। এই ধাৰণাবোৰৰ স্পষ্ট কাৰণ  আৰু বিজ্ঞানসন্মত ব্যাখ্যা নাই।
 
সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন থাকে বুলি বিশ্বাস কৰা হয়৷ সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই যাব নালাগে। সূৰ্যগ্ৰহণৰ পাৰ্শ্বক্ৰিয়াই ভ্ৰুণক প্ৰভাৱিত কৰে বুলি ভবা হয়।
 
সূৰ্যগ্ৰহণৰ সময়ত সাত্ত্বিক আৰু লঘু খাদ্য খোৱা উচিত বিশ্বাস জড়িত হৈ আছে৷ যিহেতু সেই সময়ত আন্ধাৰ হৈ থাকে, সেয়ে খাদ্যত বেক্টেৰিয়া বিয়পিব পাৰে৷ অৱশ্যে নাৰিকলৰ পানী, কেঁচা ফল খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement