--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে হিমালয়ৰ পাদদেশত বাস কৰা লক্ষাধিক লোক। বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালাৰ ওপৰত আছে অজস্ৰ গ্লেচিয়াৰসৃষ্ট হ্ৰদ। শেহতীয়াকৈ পোহৰলৈ অহা তথ্যমতে হিমালয়ত থকা এনে ১৮৮টা হ্ৰদে যিকোনো মুহূৰ্ততে মাতি আনিব পাৰে ভয়ংকৰ বিপদ। উষ্ণতা বৃদ্ধিৰ ফলত প্ৰতিবছৰে গলিবলৈ আৰম্ভ কৰিছে এইসমূহ গ্লেচিয়াৰসৃষ্ট হ্ৰদ। 

কাশ্মীৰ, লাডাখ, হিমাচল, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচলত আছে ২৮ হাজাৰ ৪৩টা এনে হ্ৰদ। যাৰ ভিতৰত বিশেষজ্ঞই অতি বিপজ্জনক বুলি চিহ্নিত কৰিছে ১৮৮টা হ্ৰদক। যাৰ ফলত সৃষ্টি হ’ব পৰা বিপৰ্যয়ে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব পাৰে হিমালয়ৰ পাদদেশত বাসকৰ ৩ কোটিৰো অধিক লোকক। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ অধীনস্থ ডিজাষ্টাৰ মেনেজমেণ্ট ডিভিজন আৰু হিমালয় পৰিৱেশ বিশেষজ্ঞৰ দ্বাৰা গঠিত এটা দলে বিগত এবছৰ ধৰি এই সন্দৰ্ভত চলাইছিল গৱেষণা। এই ক্ষেত্ৰত আটাইতকৈ বিপজ্জনক বুলি চিহ্নিত  হৈছে দেশৰ পূৰ্বোত্তৰত থকা গ্লেচিয়াৰ সৃষ্ট হ্ৰদসমূহক। ১৮৮ টা বিপজ্জনক হ্ৰদৰ ভিতৰত কেবল ছিকিম আৰু অৰুণাচলত আছে ১২৯ টা হ্ৰদ। 

আনহাতে কাশ্মীৰত ২৬টা, উত্তৰাখণ্ডত ১৩টা, আৰু হিমাচলত আছে ২০টা বিপজ্জনক হ্ৰদ। অধ্যয়নকাৰী দলটোৰ মতে ১৫ শতাংশ পৰ্যন্ত গলিবলৈ আৰম্ভ কৰিছে হিমালয়ৰ গ্লেচিয়াৰসমূহ। কিয়নো গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ১.৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে উষ্ণতা। যাৰ ফলত হিমালয় অঞ্চলত বৰ্ধিত তাপমাত্ৰাই ধাৰণ কৰিছে বিষমৰূপ। ২০২৩ চনত ছিকিমৰ লহোনক গ্লেচিয়াৰ হ্ৰদ ভাঙি পৰাৰ ফলত ১৮০ জন লোকৰ মৃত্যু ঘটাৰ লগতে ক্ষতিগ্ৰস্ত হৈছিল ৫ হাজাৰ কোটি টকাৰ সম্পত্তি। 

একেদৰে ২০২১ত উত্তৰাখণ্ডত গ্লেচিয়াৰ হ্ৰদ ভাঙি পৰাৰ ফলত ২০৫জন লোকৰ মৃত্যু ঘটিছিল। আনহাতে ২০১৩ চনত কেদাৰনাথত সংঘটিত অনুৰূপ ঘটনাত প্ৰাণ হেৰুৱাইছিল কমেও ৩০ হাজাৰ লোকে। ভূমিকম্পৰ দৰে প্ৰাকৃতিক পৰিঘটনাৰ লগতে হিমালয়ত দীৰ্ঘদিনে আন্তঃগাঁথনি উন্নয়নৰ নামত চলি অহা প্ৰকৃতি ধ্বংসলীলাৰ বাবেই এতিয়া যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে কোটি কোটি লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু