--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে হিমালয়ৰ পাদদেশত বাস কৰা লক্ষাধিক লোক। বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালাৰ ওপৰত আছে অজস্ৰ গ্লেচিয়াৰসৃষ্ট হ্ৰদ। শেহতীয়াকৈ পোহৰলৈ অহা তথ্যমতে হিমালয়ত থকা এনে ১৮৮টা হ্ৰদে যিকোনো মুহূৰ্ততে মাতি আনিব পাৰে ভয়ংকৰ বিপদ। উষ্ণতা বৃদ্ধিৰ ফলত প্ৰতিবছৰে গলিবলৈ আৰম্ভ কৰিছে এইসমূহ গ্লেচিয়াৰসৃষ্ট হ্ৰদ। 

কাশ্মীৰ, লাডাখ, হিমাচল, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচলত আছে ২৮ হাজাৰ ৪৩টা এনে হ্ৰদ। যাৰ ভিতৰত বিশেষজ্ঞই অতি বিপজ্জনক বুলি চিহ্নিত কৰিছে ১৮৮টা হ্ৰদক। যাৰ ফলত সৃষ্টি হ’ব পৰা বিপৰ্যয়ে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব পাৰে হিমালয়ৰ পাদদেশত বাসকৰ ৩ কোটিৰো অধিক লোকক। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ অধীনস্থ ডিজাষ্টাৰ মেনেজমেণ্ট ডিভিজন আৰু হিমালয় পৰিৱেশ বিশেষজ্ঞৰ দ্বাৰা গঠিত এটা দলে বিগত এবছৰ ধৰি এই সন্দৰ্ভত চলাইছিল গৱেষণা। এই ক্ষেত্ৰত আটাইতকৈ বিপজ্জনক বুলি চিহ্নিত  হৈছে দেশৰ পূৰ্বোত্তৰত থকা গ্লেচিয়াৰ সৃষ্ট হ্ৰদসমূহক। ১৮৮ টা বিপজ্জনক হ্ৰদৰ ভিতৰত কেবল ছিকিম আৰু অৰুণাচলত আছে ১২৯ টা হ্ৰদ। 

আনহাতে কাশ্মীৰত ২৬টা, উত্তৰাখণ্ডত ১৩টা, আৰু হিমাচলত আছে ২০টা বিপজ্জনক হ্ৰদ। অধ্যয়নকাৰী দলটোৰ মতে ১৫ শতাংশ পৰ্যন্ত গলিবলৈ আৰম্ভ কৰিছে হিমালয়ৰ গ্লেচিয়াৰসমূহ। কিয়নো গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ১.৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে উষ্ণতা। যাৰ ফলত হিমালয় অঞ্চলত বৰ্ধিত তাপমাত্ৰাই ধাৰণ কৰিছে বিষমৰূপ। ২০২৩ চনত ছিকিমৰ লহোনক গ্লেচিয়াৰ হ্ৰদ ভাঙি পৰাৰ ফলত ১৮০ জন লোকৰ মৃত্যু ঘটাৰ লগতে ক্ষতিগ্ৰস্ত হৈছিল ৫ হাজাৰ কোটি টকাৰ সম্পত্তি। 

একেদৰে ২০২১ত উত্তৰাখণ্ডত গ্লেচিয়াৰ হ্ৰদ ভাঙি পৰাৰ ফলত ২০৫জন লোকৰ মৃত্যু ঘটিছিল। আনহাতে ২০১৩ চনত কেদাৰনাথত সংঘটিত অনুৰূপ ঘটনাত প্ৰাণ হেৰুৱাইছিল কমেও ৩০ হাজাৰ লোকে। ভূমিকম্পৰ দৰে প্ৰাকৃতিক পৰিঘটনাৰ লগতে হিমালয়ত দীৰ্ঘদিনে আন্তঃগাঁথনি উন্নয়নৰ নামত চলি অহা প্ৰকৃতি ধ্বংসলীলাৰ বাবেই এতিয়া যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে কোটি কোটি লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
দোৰোণ শাকৰ আছে নানা উপকাৰী গুণ; জানো আহক সবিশেষ
Advertisement