--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০২২ বৰ্ষৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আজি ​​কাতি পূৰ্ণিমাৰ দিনা হ’ব ২০২২ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। ইউৰোপ,এছিয়া মহাদেশ, ভাৰতৰ লগতে অসমৰ আকাশতো দৃশ্যমান হ'ব গ্ৰহণ।

ভাৰতীয় সময়মতে বিয়লি ২.৩৯ মিনিটৰ পৰা আৰম্ভ হ'ব গ্ৰহণ। ৬.১৯ মিনিটত শেষ হ'ব চন্দ্ৰগ্ৰহণ।

গুৱাহাটীৰ আকাশত গ্ৰহণ দৃশ্যমান হ'ব ৪.৩৪ মিনিটত। সেইসময়ত আজিৰ পূৰ্ণিমাৰ চন্দ্ৰটো উজ্জ্বল বগাৰ পৰিৱৰ্তে তাম ৰঙা বৰণীয়া চন্দ্ৰক আকাশত দেখিবলৈ পোৱা যাব। গুৱাহাটীত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব সন্ধিয়া ৫.১২ বজালৈকে।

গুৱাহাটীৰ আকাশত সৰ্বমুঠ ৩৮ মিনিট সময় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। গুৱাহাটীত সৰ্বমুঠ ১ ঘণ্টা ৪৫ মিনিট জুৰি গ্ৰহণ চলি থাকিব। গ্ৰহণৰ অন্ত পৰিব আংশিক গ্ৰহণেৰে ৬.১৯ মিনিটত।

উল্লেখ্য যে বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব এয়া। ভাৰতত চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বাবে ইয়াৰ সুতক সময় বৈধ হ’ব। দেশত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত দেখা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বিপৰীতে আন ঠাইত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব। ০৮ নৱেম্বৰত সন্ধিয়া চন্দ্ৰ উদয় হোৱাৰ লগে লগে ভাৰততো একে সময়তে চন্দ্ৰগ্ৰহণ দেখা যাব। সন্ধিয়া ৬.১৯ বজাত এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব। 

সন্ধিয়া ৬.১৯ বজাৰ পিছত আৰম্ভ হ’ব ছায়া চন্দ্ৰগ্ৰহণ যিটো সন্ধিয়া ৭.২৬ বজালৈকে চলিব। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ বাহিৰেও ০৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা যাব। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক