--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০২২ বৰ্ষৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আজি ​​কাতি পূৰ্ণিমাৰ দিনা হ’ব ২০২২ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। ইউৰোপ,এছিয়া মহাদেশ, ভাৰতৰ লগতে অসমৰ আকাশতো দৃশ্যমান হ'ব গ্ৰহণ।

ভাৰতীয় সময়মতে বিয়লি ২.৩৯ মিনিটৰ পৰা আৰম্ভ হ'ব গ্ৰহণ। ৬.১৯ মিনিটত শেষ হ'ব চন্দ্ৰগ্ৰহণ।

গুৱাহাটীৰ আকাশত গ্ৰহণ দৃশ্যমান হ'ব ৪.৩৪ মিনিটত। সেইসময়ত আজিৰ পূৰ্ণিমাৰ চন্দ্ৰটো উজ্জ্বল বগাৰ পৰিৱৰ্তে তাম ৰঙা বৰণীয়া চন্দ্ৰক আকাশত দেখিবলৈ পোৱা যাব। গুৱাহাটীত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব সন্ধিয়া ৫.১২ বজালৈকে।

গুৱাহাটীৰ আকাশত সৰ্বমুঠ ৩৮ মিনিট সময় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। গুৱাহাটীত সৰ্বমুঠ ১ ঘণ্টা ৪৫ মিনিট জুৰি গ্ৰহণ চলি থাকিব। গ্ৰহণৰ অন্ত পৰিব আংশিক গ্ৰহণেৰে ৬.১৯ মিনিটত।

উল্লেখ্য যে বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব এয়া। ভাৰতত চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বাবে ইয়াৰ সুতক সময় বৈধ হ’ব। দেশত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত দেখা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বিপৰীতে আন ঠাইত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব। ০৮ নৱেম্বৰত সন্ধিয়া চন্দ্ৰ উদয় হোৱাৰ লগে লগে ভাৰততো একে সময়তে চন্দ্ৰগ্ৰহণ দেখা যাব। সন্ধিয়া ৬.১৯ বজাত এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব। 

সন্ধিয়া ৬.১৯ বজাৰ পিছত আৰম্ভ হ’ব ছায়া চন্দ্ৰগ্ৰহণ যিটো সন্ধিয়া ৭.২৬ বজালৈকে চলিব। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ বাহিৰেও ০৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা যাব। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু